পোষ্ট কৰা হৈছে:
12 NOV 2026 4:13PM by PIB Guwahati
২০২০ চনৰ ১৫ আগষ্টত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আৰম্ভ কৰা নিচামুক্ত ভাৰত অভিযান বৰ্তমান নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে আৰু ২০২৬ চনৰ ১২ নৱেম্বৰলৈকে সমগ্ৰ দেশৰ ৩৫.৮৮ কোটিৰো অধিক লোকক স্পৰ্শ কৰিছে। এই অভিযানে ১৪.৩৫ কোটিৰো অধিক যুৱক-যুৱতী আৰু ১১.৩৩ কোটি মহিলাক সামৰি লৈছে, যিয়ে সমাজৰ মূল অংশসমূহৰ মাজত ইয়াৰ বিস্তৃত প্ৰসাৰক প্ৰতিফলিত কৰে। এখন নিচামুক্ত ভাৰত গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টাত সামূহিক অংশগ্ৰহণ শক্তিশালী কৰি ২ লাখৰো অধিক নাগৰিকে ‘নিচামুক্তি মিত্ৰ’ হিচাপে নাম পঞ্জীয়ন কৰিছে।
মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষভাৱে সংবেদনশীল হিচাপে চিনাক্ত কৰা ২৭২খন জিলাত এই অভিযান প্ৰথমে আৰম্ভ কৰা হৈছিল, যাক পৰৱৰ্তী সময়ত ২০২২ চনৰ আগষ্ট মাহত ৩৭২খন জিলালৈ সম্প্ৰসাৰিত কৰা হয় আৰু ২০২৩ চনৰ ১৫ আগষ্টৰ পৰা দেশৰ আটাইকেইখন জিলালৈ সম্প্ৰসাৰিত কৰা হয়। তেওঁ কয় যে বিগত ছবছৰত ৰাজ্য, জিলা, শিক্ষানুষ্ঠান, নাগৰিক সমাজৰ সংগঠন আৰু স্থানীয় অংশীদাৰসকলৰ সক্ৰিয় অৱদানৰ জৰিয়তে এনএমবিএ এটা অনুষ্ঠানিক অংশগ্ৰহণভিত্তিক পদক্ষেপৰ পৰা সামূহিক নেতৃত্বাধীন আন্দোলনলৈ বিকশিত হৈছে।
বিষয়াগৰাকীয়ে কয় যে বৰ্তমানলৈকে এই অভিযানে ৩৫.৮৮ কোটিৰো অধিক লোকক স্পৰ্শ কৰিছে, যিটো ২০২১ চনত উপনীত হোৱা প্ৰায় ১.৪ কোটি লোকৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি। তেওঁ লগতে কয় যে ইয়াৰ বৰ্ধিত পৰিসৰে সজাগতা সৃষ্টি, সামূহিক একত্ৰীকৰণ আৰু নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা আন্দোলনত নাগৰিকসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত কৰা নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে।
বিষয়াগৰাকীয়ে উল্লেখ কৰে যে শিক্ষানুষ্ঠানসমূহত ৩৪.০৭ লাখৰো অধিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে, য’ত ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্মক নিচাজাতীয় দ্ৰব্য সেৱনৰ ক্ষতিকাৰক পৰিণতিৰ বিষয়ে আলোচনাত জড়িত কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মৰ মাজত সচেতন সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰা, সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা বুলি তেওঁ লগতে কয়।
তেওঁ কয় যে এনএমবিএৰ সম্প্ৰসাৰণ ব্যক্তি, পৰিয়াল আৰু সমাজক প্ৰভাৱিত কৰা নিচাসক্তিৰ দৰে জটিল মনো-সামাজিক আৰু চিকিৎসা সংক্ৰান্তীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত। বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ২০১৮ চনত ভাৰতত নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ পৰিসৰ আৰু ধৰণৰ ওপৰত চলোৱা প্ৰথমটো ৰাষ্ট্ৰীয় জৰীপে এই প্ৰত্যাহ্বানৰ ভয়াৱহতা দাঙি ধৰিছিল, য’ত উল্লেখ কৰা হৈছিল যে দেশৰ ৭ কোটিৰো অধিক লোক নিচাসক্তিৰ দ্বাৰা আক্ৰান্ত, যাৰ ভিতৰত প্ৰায় ১.২ কোটি শিশু আৰু ৫৮ লাখ মহিলা আছে। ব্যাপক আৰু বহনক্ষম সঁহাৰিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি মন্ত্ৰালয়ে ‘ৰাষ্ট্ৰীয় ড্ৰাগছৰ চাহিদা হ্ৰাস কৰ্ম আঁচনি’ৰ অধীনত মূল সজাগতা পদক্ষেপ হিচাপে এনএমবিএ আৰম্ভ কৰিছিল, যিয়ে প্ৰতিৰোধ, চিকিৎসা আৰু পুনৰ্ সংস্থাপনত গুৰুত্ব আৰোপ কৰে বুলি বিষয়াগৰাকীয়ে কয়।
সজাগতা সৃষ্টিৰ সমান্তৰালকৈ মন্ত্ৰালয়ে এনএপিডিডিআৰৰ অধীনত চিকিৎসা আৰু পৰামৰ্শ ব্যৱস্থাও শক্তিশালী কৰিছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে। নিচাসক্তি দূৰ কৰাৰ ক্ষেত্ৰত সুলভ চিকিৎসা, সময়োচিত হস্তক্ষেপ আৰু নিৰন্তৰ পুনৰ্বাসনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বিষয়াগৰাকীয়ে কয় যে চিকিৎসা আৰু পৰামৰ্শ বিচৰা লোকৰ সংখ্যা ২০২০-২১ বৰ্ষৰ ২.০৮ লাখৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ৯.১১ লাখৰো অধিক হৈছেগৈ, যিয়ে সহায়ক সেৱাসমূহৰ বৰ্ধিত প্ৰসাৰ আৰু ব্যৱহাৰক প্ৰতিফলিত কৰে। বৰ্তমানলৈকে দেশত মুঠ জিলা নিচামুক্তি কেন্দ্ৰৰ সংখ্যা ১৯৮ বুলিও তেওঁ লগতে জনায়।
বিষয়াগৰাকীয়ে লগতে কয় যে এনএমবিএৰ এটা মূল উপাদান হৈছে ‘নিচামুক্তি মিত্ৰ’ পদক্ষেপ, যিয়ে নাগৰিকসকলক নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা আন্দোলনত সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ উৎসাহিত কৰে। ২০২৬ চনৰ ১২ নৱেম্বৰলৈকে ২ লাখৰো অধিক নাগৰিকে নিচামুক্তি মিত্ৰ হিচাপে নাম পঞ্জীয়ন কৰিছে। তেওঁ আৰু কয় যে এই পদক্ষেপে সামূহিক স্বেচ্ছাসেৱকৰ এটা নেটৱৰ্ক গঢ়ি তুলিছে, যিসকলে সজাগতা সৃষ্টিত অৰিহণা যোগায়, লোকসকলক সহায় বিচাৰিবলৈ উৎসাহিত কৰে আৰু নিচামুক্ত সমাজ গঠনত সহায় কৰে।
ধাৰাবাহিক সজাগতা অভিযান, চিকিৎসা আৰু পুনৰ্ সংস্থাপন সেৱাৰ শক্তিশালীকৰণ আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে নিচামুক্ত ভাৰত অভিযানে এখন সুস্থ, সচেতন আৰু নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যক আগুৱাই লৈ গৈছে।

******
PR-222-TAR/KV/GA/RK