প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফিলিপাইনছৰ মেনিলা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 12 NOV 2026 11:41PM by PIB Guwahati

​ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কোছ জুনিয়ৰৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬ আৰু ১৭ নৱেম্বৰত ফিলিপাইনছৰ মেনিলা ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ১৭ নৱেম্বৰত ফিলিপাইনছে ২০২৬ বৰ্ষৰ আছিয়ানৰ অধ্যক্ষ হিচাপে আয়োজন কৰিবলৈ লোৱা ২৩সংখ্যক আছিয়ান-ভাৰত সন্মিলন আৰু ২১সংখ্যক পূব এছিয়া সন্মিলনত (ই এ এছ) অংশগ্ৰহণ কৰিব।

ভাৰতৰ 'এক্ট ইষ্ট নীতি' আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল সম্পৰ্কীয় আমাৰ দৃষ্টিভংগীৰ এটা কেন্দ্ৰীয় স্তম্ভ হৈছে ভাৰত-আছিয়ান সম্পৰ্ক।

এই ভ্ৰমণ এনে সময়ত কৰা হ'ব, যি সময়ত ভাৰত আৰু আছিয়ানে ২০২৬ বৰ্ষটো 'আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতা বৰ্ষ' হিচাপে পালন কৰি আছে। ইয়াৰ উপৰি ২০২৭ চনত ভাৰত আৰু আছিয়ানৰ মাজত সংলাপভিত্তিক সম্পৰ্কৰ ৩৫ বছৰ আৰু ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পাঁচ বছৰ সম্পূৰ্ণ হ'ব।আছিয়ান-ভাৰত সন্মিলনত ব্যাপক কৌশলগত অংশীদাৰিত্ব ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰা হ'ব। ইয়াৰ ভিতৰত ২০২৬-২০৩০ বৰ্ষৰ বাবে আছিয়ান-ভাৰত কৰ্মপৰিকল্পনাও অন্তৰ্ভুক্ত থাকিব। লগতে ভৱিষ্যতে সহযোগিতাৰ দিশ নিৰ্ধাৰণ কৰা হ'ব।

আনহাতে, পূব এছিয়া সন্মিলনে আছিয়ান আৰু আন অংশগ্ৰহণকাৰী দেশসমূহৰ সৈতে আঞ্চলিক তথা গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰাৰ এটা সুযোগ প্ৰদান কৰিব।

 

**********

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2335736) অতিথি কক্ষ : 15