পোষ্ট কৰা হৈছে:
12 NOV 2026 2:56PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১২ নৱেম্বৰ, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতে মত বিনিময় কৰে। প্ৰতি বছৰে ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে পালন কৰা জনজাতীয় গৌৰৱ পখৱাড়াৰ অংশ হিচাপে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে এই মত-বিনিময় কাৰ্যসূচীৰ আয়োজন কৰে।
ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশবাসী ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়িছে। ইয়াৰ বাবে দেশৰ প্ৰতিটো অঞ্চল আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ উন্নয়ন অতি প্ৰয়োজন। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক কেৱল গুণগত শিক্ষা প্ৰদান কৰাই নহয় তেওঁলোকৰ বহুমুখী প্ৰতিভা বিকাশৰ সুযোগো প্ৰদান কৰিছে। আমাৰ দেশত প্ৰতিভাৰ অভাৱ নাই বুলিও তেওঁ উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীসকলে যি বিচাৰে সেয়া হ’ল উপযুক্ত সুযোগ, অনুকূল পৰিৱেশ আৰু সঠিক পথ প্ৰদৰ্শন। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত ল’ৰা-ছোৱালীৰ অনুপাত সমান হোৱাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰে। দেশৰ সৰ্বাংগীন উন্নয়নৰ দিশত এয়া অগ্ৰগতিৰ প্ৰমাণ বুলিও তেওঁ কয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উচ্চ লক্ষ্য, নিষ্ঠা, অনুশাসন তথা আত্মবিশ্বাসেৰে নিজৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায়। শিক্ষা কেৱল নিজৰ জীৱিকা উপাৰ্জনৰ মাধ্যম হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে জ্ঞানৰ জৰিয়তে নিয়োগৰ সুযোগ সৃষ্টি কৰাটোও তেওঁলোকৰ লক্ষ্য হোৱা উচিত। আমাৰ যুৱক-যুৱতীসকল নিয়োগ সৃষ্টিকাৰী হ’ব পাৰিলে দেশৰ সৰ্বাংগীন উন্নয়নে অধিক গতি লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সাম্প্ৰতিক পৰিস্থিতি আৰু দেশ তথা বিশ্বৰ পৰিৱৰ্তনৰ বিষয়ে ভালদৰে অৱগত হ’বলৈ পৰামৰ্শ দিয়ে। ইয়াৰ দ্বাৰা তেওঁলোকৰ যুক্তিসংগত চিন্তাধাৰা আৰু বিশ্লেষণাত্মক দক্ষতা বিকাশত সহায় হ’ব বুলি তেওঁ কয়। যেতিয়াই ছাত্ৰ-ছাত্ৰীসকল নিজৰ গাঁৱলৈ যায়, তেতিয়াই তেওঁলোকে নিজ পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ জ্ঞান আৰু চৰকাৰে ৰূপায়ণ কৰা জনকল্যাণমূলক আঁচনিৰ বিষয়ে তথ্য শ্বেয়াৰ কৰা উচিত বুলি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। তেওঁলোকৰ এনে প্ৰচেষ্টাই পৰিয়াল তথা সমাজখনক উপকৃত কৰাৰ লগতে তেওঁলোকৰ শিক্ষাক অধিক ফলপ্ৰসূ কৰি তুলিব।

Click here to see President's speech in Hindi
********
MJPS/SS/PRK/NB