যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ইণ্ডিয়া পোষ্ট আৰু ইণ্ডিগ’ৱে ১১ টা গন্তব্যস্থানৰ ১৫ খন বিমানলৈ আনিলে ‘ডিজিটেল ডিটক্স ২.০’, হাতেলিখা পোষ্টকাৰ্ডৰ জৰিয়তে বিলালে উৎসৱৰ আনন্দ

ডিজিটেল যুগত উৎসৱৰ শুভেচ্ছাবাৰ্তাত ব্যক্তিগত স্পৰ্শ পুনৰুজ্জীৱিত কৰি দীপাৱলীৰ মনোভাবক উদযাপন কৰিছে এই প্ৰচাৰ অভিযানে

পোষ্ট কৰা হৈছে: 10 NOV 2026 5:17PM by PIB Guwahati

ডাক বিভাগ, যোগাযোগ মন্ত্ৰালয়ে ইণ্ডিগ’ৰ সৈতে মিলি ইয়াৰ প্ৰথম সংস্কৰণৰ ব্যাপক সঁহাৰিৰ পিছত বিমানৰ ভিতৰত পোষ্টকাৰ্ড লিখা কাৰ্যসূচী ‘ডিজিটেল ডিটক্স ২.০’ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰে। উৎসৱৰ বতৰৰ সৈতে সংগতি ৰাখি এই পদক্ষেপে যাত্ৰীসকলক হস্তলিখিত পোষ্টকাৰ্ডৰ জৰিয়তে তেওঁলোকৰ প্ৰিয়জনলৈ আন্তৰিক দীপাৱলীৰ ওলগ জনোৱাৰ এক অনন্য সুযোগ প্ৰদান কৰে।

এই অভিযান চণ্ডীগড়, ৰাঁচী, বাগডোগ্ৰা, দিল্লী, মুম্বাই, গোৱা, পুনে, আহমেদাবাদ, কলকাতা, বাৰাণসী আৰু জয়পুৰসহ ১১ টা গন্তব্যস্থান সামৰি লোৱা ১৫ খন ইণ্ডিগ’ বিমানত চলোৱা হৈছিল। যাত্ৰীসকলক বিশেষভাৱে ডিজাইন কৰা ডিজিটেল ডিটক্স কিট যোগান ধৰা হৈছিল, য’ত পোষ্টকাৰ্ড, গ্ৰীটিং কাৰ্ড আৰু বিশেষভাৱে ডিজাইন কৰা দেৱালী ষ্টীকাৰৰ জৰিয়তে নিজে তৈয়াৰ কৰিব পৰা পোষ্টকাৰ্ড আছিল। ইয়াৰ উদ্দেশ্য আছিল যাত্ৰীসকলক স্ক্ৰীণৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈ নিজহাতে উৎসৱৰ বাৰ্তা লিখিবলৈ উৎসাহিত কৰা।

প্ৰথম সংস্কৰণৰ সফলতাৰ ওপৰত ভিত্তি কৰি, এই অভিযানে সজাগতা বৃদ্ধি কৰাৰ লগতে হস্তলিখিত যোগাযোগৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল। বিমান যাত্ৰীসকললৈ পত্ৰ লিখাৰ অভিজ্ঞতা ঘূৰাই আনি এই অভিযানে ক্ৰমাৎ ডিজিটেল হৈ পৰা পৃথিৱীখনত ব্যক্তিগত পত্ৰ আদান-প্ৰদানৰ চিৰস্থায়ী আকৰ্ষণক প্ৰতিফলিত কৰিছে।

যাত্ৰীসকলে এই পদক্ষেপক উষ্ম আদৰণি জনায় আৰু অভিযানৰ তেওঁলোকৰ স্মৰণীয় অভিজ্ঞতা ভগাই লয়। এজন যাত্ৰীয়ে কয়, “৩০,০০০ ফুট উচ্চতাত পোষ্টকাৰ্ড লিখাটো এটা আশ্চৰ্যজনক অভিজ্ঞতা আছিল আৰু ইয়াক মই গোটেই জীৱন মনত ৰাখিম।” আন এজন অংশগ্ৰহণকাৰীয়ে শ্বেয়াৰ কৰি কয়, “পোষ্টকাৰ্ড লিখাৰ এইটো মোৰ প্ৰথম অভিজ্ঞতা আছিল। ই মোক অনুভৱ কৰালে যে তাৎক্ষণিক ডিজিটেল যোগাযোগৰ এই যুগত হস্তলিখিত বাৰ্তাবোৰ কিমান বিশেষ হ’ব পাৰে।” উৎসৱৰ এই স্পৰ্শৰ প্ৰশংসা কৰি আন এজন যাত্ৰীয়ে কয়, “হস্তলিখিত পোষ্টকাৰ্ডৰ জৰিয়তে দীপাৱলীৰ শুভেচ্ছা পঠোৱাটো এটা ডিজিটেল বাৰ্তাতকৈ বহুত বেছি ব্যক্তিগত আৰু অৰ্থপূৰ্ণ যেন লাগিল।”

ডিজিটেল ডিটক্স ২.০ ৰ জৰিয়তে ইণ্ডিয়া পোষ্টে জনসাধাৰণৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত নিজৰ অভিনৱ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰমাণ কৰিলে। ইয়াৰ লগতে দীপাৱলী উদযাপনত এক ব্যক্তিগত স্পৰ্শ যোগ কৰি চিঠিবোৰৰ জৰিয়তে মানুহক সংযোগ কৰাৰ চিৰন্তন পৰম্পৰাকো উদযাপন কৰিলে।

 

***

AMK/NA


(ৰিলিজ আই ডি : 2334937) অতিথি কক্ষ : 3