পোষ্ট কৰা হৈছে:
10 NOV 2026 3:21PM by PIB Guwahati
ভাৰতীয় আৰক্ষী সেৱা ৭৮ আৰ আৰ (২০২৫ বৰ্ষ)ৰ শিক্ষা নবিচসকলে আজি (১০ নৱেম্বৰ,২০২৬ ) ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।
শিক্ষা নবিচসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিয়ে কয় যে নাগৰিকসকলৰ বাবে আৰক্ষী বিষয়া আৰু কনিষ্টবলসকল প্ৰশাসনৰ প্ৰতীক। আৰক্ষী ব্যৱস্থাটোৱে সঠিকভাবে কাৰ্য সম্পাদন কৰিলে জনসাধাৰণে শাসন ব্যৱস্থাক সুৰক্ষিত বুলি অনুভৱ কৰে। যেতিয়া এগৰাকী আৰক্ষী বিষয়াই জনসাধাৰণৰ অভিযোগবোৰ সংবেদনশীলতা আৰু মনোযোগৰে শুনে তেতিয়া তেওঁলোকে যথেষ্ট সকাহ অনুভৱ কৰে। সাধাৰণতে জ্যেষ্ঠ বিষয়াসকলৰ কাষ চাপিব নোৱাৰা সামাজিক বা অৰ্থনৈতিকভাৱে দুৰ্বল ব্যক্তিসকলৰ ভয় দূৰ কৰা আৰু তেওঁলোকৰ অভিযোগসমূহ সমাধান কৰাত অগ্ৰাধিকাৰ দিবলৈ তেওঁ আই পি এছ বিষয়াসকলক আহ্বান জনায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত এই ব্যৱস্থাৰ কোনো কোনো কৰ্মচাৰী জ্যেষ্ঠ বিষয়াসকলতকৈ অধিক দক্ষ হ’ব পাৰে। তেওঁ বিষয়া প্ৰশিক্ষাৰ্থীসকলক দলৰ আটাইতকৈ কনিষ্ঠ সদস্যৰ পৰাও শিকিবলৈ দ্বিধাবোধ নকৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকৰ কৰ্মশৈলীত জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে দলীয় কৰ্মক উৎসাহিত কৰিবলৈও ৰাষ্ট্ৰপতিয়ে আহ্বান জনায়। তেওঁ কয় যে নিজ দলৰ সদস্যসকলৰ কল্যাণক অগ্ৰাধিকাৰ দি তেওঁলোকে তেওঁলোকৰ সামৰ্থ্য আৰু উৎসাহ বৃদ্ধি কৰিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আৰক্ষী বিষয়াসকলে আৰক্ষী সম্পৰ্কীয় আইন আৰু নিয়মৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্তৃত্ব লাভ কৰিব। অৱশ্যে, তেওঁলোকে নিজৰ কাৰ্য আৰু মূল্যবোধৰ ওপৰত ভিত্তি কৰি জনসাধাৰণৰ পৰা প্ৰকৃত সন্মান অৰ্জন কৰিব পাৰিব। তেওঁ কয় যে, নাগৰিকসকলতকৈ শ্ৰেষ্ঠ মনোভাৱৰ পৰিৱৰ্তে তেওঁলোক নাগৰিকসকলক সেৱা কৰাৰ বাবে দায়ৱদ্ধ হৈ থকা উচিত।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিবলৈ ভুল তথ্য প্ৰচাৰ কৰাটো এক গুৰুতৰ বিষয় হৈ পৰিছে। প্ৰভাৱ পেলাব পৰা মনবোৰ, বিশেষকৈ যুৱক-যুৱতীসকলক সংগঠিত অপপ্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰি। স্থানীয়, আঞ্চলিক আনকি ৰাষ্ট্ৰীয় পৰ্যায়তো এই ধৰণৰ সংগঠিত অপৰাধ সংঘটিত হ’ব পাৰে। স্মাৰ্ট আৰক্ষীয়ে এনে পৰিস্থিতি অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু জটিল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চাইবাৰ অপৰাধ ব্যাপক আৰু অধিক জটিল হৈ উঠিছে। চাইবাৰ অপৰাধৰ গুৰুত্ব সম্পৰ্কে আৰক্ষীয়ে সমাজক অধিক ব্যাপকভাৱে সংবেদনশীল কৰিব লাগিব। তেওঁ কয় যে আৰক্ষী বিষয়াসকলে এনে অপৰাধৰ প্ৰতি তেওঁলোকৰ নিজৰ দৃষ্টিভংগী নতুন দিশত পৰিচালিত কৰা উচিত। গভীৰ ভুৱা(Deep-fake) সমলসমূহে জনসাধাৰণৰ মাজত নতুন ভাবুকিৰ সৃষ্টি কৰিছে। প্ৰতি মুহূৰ্তত আৰক্ষী বিষয়াসকল অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা অপৰাধীসকলৰ আগত থকাৰ প্ৰয়োজনতো তেওঁ আলোকপাত কৰে।
Please click here to see the President's Speech-

*****
MJPS/SS/PRK/NB