তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৱেভএক্সে আইএফএফআই গোৱা ২০২৬ত ৱেভছ বজাৰত অংশগ্ৰহণৰ বাবে ষ্টাৰ্টআপসমূহক আমন্ত্ৰণ জনাইছে

আইএফএফআই গোৱা ২০২৬ত ৱেভএক্সৰ অধীনত ৱেভছ বজাৰৰ বাবে ষ্টাৰ্টআপ পড বুকিং মুকলি

ৱেভছ বজাৰত ৱেভএক্সৰ পেভিলিয়নত চলচ্চিত্ৰ আৰু আনুষংগিক প্ৰযুক্তিৰ উদীয়মান ষ্টাৰ্টআপসমূহৰ প্ৰদৰ্শন; লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰিচিতি আৰু নেটৱৰ্কিঙৰ সুযোগ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই), গোৱা ২০২৬ৰ সময়ছোৱাত ৱেভছ বজাৰৰ ৱেভএক্স ষ্টাৰ্টআপ পেভিলিয়নত অংশগ্ৰহণৰ বাবে চলচ্চিত্ৰ আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি থকা ষ্টাৰ্টআপসমূহৰ পৰা আবেদন আহ্বান কৰিছে।

এই পদক্ষেপৰ লক্ষ্য হৈছে উদ্ভাৱনীমূলক ষ্টাৰ্টআপসমূহক নিজৰ সামগ্ৰী, প্ৰযুক্তি আৰু সমাধানসমূহ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সংবাদ মাধ্যম উদ্যোগৰ সন্মুখত প্ৰদৰ্শনৰ বাবে এক বিশেষ মঞ্চ প্ৰদান কৰা। ইয়াৰ লগতে বিশ্বজোৰা সৃজনশীল পৰিৱেশতন্ত্ৰৰ চলচ্চিত্ৰ নিৰ্মাতা, প্ৰডাকচন হাউছ আৰু বিনিয়োগকাৰীসকলৰ সৈতে নেটৱৰ্কিং, উদ্যোগৰ সৈতে সম্পৰ্ক স্থাপন আৰু সহযোগিতাৰ সুযোগো সৃষ্টি কৰা হ’ব।

চলচ্চিত্ৰ আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি থকা ডিপিআইআইটি-ত পঞ্জীয়নভুক্ত ষ্টাৰ্টআপসমূহৰ বাবে আবেদন মুকলি কৰা হৈছে। যোগ্য ষ্টাৰ্টআপসমূহক ৱেভএক্সৰ দ্বাৰা গঠিত বাছনি সমিতিয়ে পৰিচালনা কৰা পৰীক্ষণ আৰু মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে বিবেচনা কৰা হ’ব।

আগ্ৰহী আৰু যোগ্য ষ্টাৰ্টআপসমূহক আবেদন কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ উদ্ভাৱনসমূহ প্ৰদৰ্শনৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

পঞ্জীয়ন প্ৰ-পত্ৰ আৰু অধিক তথ্যৰ বাবে চাওক: wavex.wavesbazaar.com। প্ৰশ্নৰ বাবে Wavex-mib [at]gov[dot]in ঠিকনাত যোগাযোগ কৰিব পাৰিব।

আইএফএফআই, গোৱাৰ বিষয়ে

১৯৫২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) এছিয়াৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱে বিশ্ব চলচ্চিত্ৰৰ উৎকৃষ্টতাক উদযাপন কৰাৰ লগতে ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, প্ৰযোজক আৰু চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এক মঞ্চ প্ৰদান কৰে। প্ৰতি বছৰে গোৱাত অনুষ্ঠিত হোৱা আইএফএফআইয়ে বিশ্বৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত ব্যক্তিসকলক একত্ৰিত কৰি বিভিন্ন ধৰণৰ চলচ্চিত্ৰকৰ্ম প্ৰদৰ্শন, সৃজনশীল আদান-প্ৰদানক উৎসাহিত আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ ঘটায়।

ৱেভএক্সৰ বিষয়ে

ৱেভএক্স (ৱেভছ ষ্টাৰ্টআপ এক্সিলাৰেটৰ) হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক ষ্টাৰ্টআপ এক্সিলাৰেটৰ আৰু ইনকিউবেচন পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত উদ্ভাৱন, উদ্যোগশীলতা আৰু উদীয়মান প্ৰতিভাৰ বিকাশ সাধন কৰা। এই পদক্ষেপে এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিকছ, এক্সটেণ্ডেড ৰিয়েলিটি (এভিজিচি-এক্সআৰ) আৰু সংবাদ মাধ্যমৰ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত কাম কৰি থকা ষ্টাৰ্টআপসমূহক সহায় আগবঢ়োৱাত গুৰুত্ব দিয়ে।

 

****

Mahesh Kumar/ Aparajita Priyadarshin/AA


(ৰিলিজ আই ডি : 2334051) অতিথি কক্ষ : 10