পোষ্ট কৰা হৈছে:
07 NOV 2026 1:18PM by PIB Guwahati
কৰ্ণাটক চৰকাৰৰ খাদ্য, অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা আৰু আইনী মেট্ৰ’লজি বিভাগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিৰ বিষয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় অৱগত হৈছে। সেই বিজ্ঞপ্তিত দাবী কৰা হৈছে যে ৰাজ্যখনৰ কিছুমান খুচুৰা বিক্ৰী কেন্দ্ৰত বিক্ৰী হোৱা পেট্ৰ’লত ২৬শতাংশৰ পৰা ৩১শতাংশলৈকে ইথানল আছে।
এই সন্দৰ্ভত ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড (আই অ’ চি এল, ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (বি পি চি এল) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (এইচ পি চি এল)কে ধৰি তিনিটা ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীয়ে এই দাবীসমূহ নিৰ্ধাৰিত বিধিগত আৰু কাৰিকৰী পদ্ধতি অনুসৰি কৰা পৰীক্ষাৰ জৰিয়তে প্ৰকাশিত হোৱা নাই বুলি স্পষ্ট কৰিছে। কৰ্ণাটকসহ সমগ্ৰ দেশত তিনিওটা বিপণন কোম্পানীয়ে যোগান ধৰা ই-২০ পেট্ৰ’লৰ ক্ষেত্ৰত ইথানল মিশ্ৰিত মটৰ গেছ’লিনৰ বাবে ভাৰতীয় মানক ব্যুৰ’ৱে নিৰ্দিষ্ট কৰি দিয়া আই এছ ১৭০২১ অনুসৰণ কৰা হয় ।
তেওঁলোকে অক্টোবৰ ২০২৬ৰ অনুশীলনৰ সময়ত গ্ৰহণ কৰা নমুনা সংগ্ৰহ পদ্ধতি আৰু পৰীক্ষা পদ্ধতি সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰিছে।
নমুনা সংগ্ৰহ আৰু পৰীক্ষা পদ্ধতি সন্দৰ্ভত উদ্বেগ
আৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত জাৰি কৰা মটৰ স্পিৰিট আৰু হাই স্পীড ডিজেল (যোগান, বিতৰণ আৰু অসৎ কাৰ্য প্ৰতিৰোধ)আদেশ, ২০০৫ আৰু ইয়াৰ সৈতে থকা বিপণন শৃংখলা নিৰ্দেশনা (এম ডি জি) ২০২৪ত নমুনা সংগ্ৰহ, সংৰক্ষণ, পৰীক্ষা আৰু ফলাফল জনোৱাৰ বাবে এক নিৰ্দিষ্ট পদ্ধতি নিৰ্ধাৰণ কৰা হৈছে।
নিৰ্ধাৰিত পদ্ধতি অনুসৰি ছটা এক লিটাৰৰ নমুনা ল'ব লাগে। ইয়াৰে দুটা নমুনা স্বীকৃতি পত্ৰৰ বিপৰীতে ডিলাৰক দিব লাগে, দুটা তেল কোম্পানী বা বিভাগে ৰাখিব লাগে আৰু দুটা নিয়ন্ত্ৰণ আদেশৰ তৃতীয় অনুসূচীত নিৰ্দিষ্ট কৰা বা চৰকাৰী গেজেটত অধিসূচিত পৰীক্ষাগাৰলৈ পঠিয়াব লাগে। নমুনাৰ লেবেলত যুটীয়াভাৱে স্বাক্ষৰ কৰিব লাগে আৰু পৰীক্ষাৰ ফলাফল নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ডিলাৰ আৰু তেল কোম্পানীক জনাব লাগে।
ছেপ্টেম্বৰ ২০২৬ৰ অনুশীলনৰ সময়ত লোৱা নমুনাসমূহ ৰাজ্যিক স্তৰৰ সমন্বয়কৰ জৰিয়তে নিৰ্দিষ্ট অ’ এম চি পৰীক্ষাগাৰলৈ পঠিওৱা হৈছিল আৰু এম ডি জি ২০২৪ৰ অধীনত বিচৰা গুণগত মানৰ মাপকাঠীৰ বাবে পৰীক্ষা কৰা হৈছিল। কিন্তু অক্টোবৰৰ পৰৱৰ্তী অনুশীলনত অ’ এম চিৰ প্ৰতিনিধিৰ অংশগ্ৰহণ অবিহনে নমুনা লোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাজ্যিক স্তৰৰ সমন্বয়কৰ জৰিয়তে বিচৰাৰ পিছতো অ’ এম চিসমূহে সংশ্লিষ্ট সংৰক্ষিত নমুনা, সম্পূৰ্ণ আউটলেটভিত্তিক বিৱৰণ বা পৰীক্ষাগাৰৰ প্ৰতিবেদন লাভ কৰা নাই।
অ’ এম চিসমূহে লগতে কৈছে যে প্ৰকাশিত তথ্যসমূহ নিয়ন্ত্ৰণ আদেশৰ অধীনত নিৰ্দিষ্ট কৰা পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ ভিত্তিত হোৱাৰ পৰিবৰ্তে তৃতীয় পক্ষৰ পৰীক্ষাগাৰে জাৰি কৰা প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰশীল। প্ৰকাশিত ইথানলৰ পৰিমাণ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিবলৈ প্ৰয়োজনীয় সম্পূৰ্ণ কাৰিকৰী বিৱৰণ প্ৰমাণপত্ৰসমূহত দিয়া হোৱা নাই। প্ৰতিপক্ষৰ নমুনা আৰু নিৰ্ধাৰিত নথিপত্ৰ নথকাৰ বাবে অ’ এম চি আৰু সংশ্লিষ্ট ডিলাৰসকলে পৰীক্ষা বা পুনৰ পৰীক্ষা বিচৰাৰ সুযোগৰ পৰা বঞ্চিত হৈছে।
আই এছ ১৭০২১ অনুসৰি হ'ব লাগিব পৰীক্ষা পদ্ধতি
অ’ এম চিসমূহৰ প্ৰাৰম্ভিক কাৰিকৰী মূল্যায়নত প্ৰমাণপত্ৰসমূহত উল্লেখ কৰা ইথানল পৰীক্ষা পদ্ধতি সন্দৰ্ভতো উদ্বেগ প্ৰকাশ পাইছে।
আই এছ ১৭০২১:২০১৮ (সংশোধনী নং ৩, আগষ্ট ২০২৫) অনুসৰি ই-২০ ইন্ধনত ইথানলৰ পৰিমাণ নিৰ্ধাৰিত পদ্ধতিৰে নিৰ্ণয় কৰিব লাগে। সেই পদ্ধতিসমূহ হ'ল — এ এছ টি এম ডি৫৮৪৫ৰ অধীনত ফ’ৰিয়ে ট্ৰান্সফৰ্ম ইনফ্ৰাৰেড স্পেক্ট্ৰ’স্ক’পি (এফ টি আই আৰ), অনুবন্ধ-চি অনুসৰি পানী নিষ্কাশন বা এ এছ টি এম ডি ৪৮১৫/ডি ৬৮৩৯ ৰ অধীনত গেছ ক্ৰ’মাট’গ্ৰাফি।
গুৰুত্বপূৰ্ণ কথা হ'ল, এ এছ টি এম ডি ৪৮১৫/ডি ৬৮৩৯-ৰ অধীনত গেছ ক্ৰ’মাট’গ্ৰাফি ব্যৱহাৰ কৰিলে নমুনাটো প্ৰথমে অক্সিজেনেট-মুক্ত পেট্ৰ’লৰ সৈতে ১:১ অনুপাতত তৰল কৰিব লাগে আৰু ই-১০ প্ৰমাণিত ৰেফাৰেন্স সামগ্ৰীৰ বিপৰীতে ফলাফল শুধৰাব লাগে।
অৱশ্যে, কৰ্ণাটকৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা প্ৰমাণপত্ৰসমূহত কেৱল “গেছ ক্ৰ’মাট’গ্ৰাফিৰ দ্বাৰা ইথানলৰ শতকৰা” বুলিহে উল্লেখ আছে।ইয়াত প্ৰযোজ্য মানক পৰীক্ষা পদ্ধতি, নিৰ্ধাৰিত তৰলীকৰণ পদ্ধতি বা শুধৰণিৰ বাবে ব্যৱহাৰ কৰা প্ৰাসংগিক সামগ্ৰীৰ বিষয়ে উল্লেখ কৰা হোৱা নাই। এই আৱশ্যকীয় বিৱৰণসমূহ নথকাৰ বাবে ২৬-৩১শতাংশ বুলি প্ৰকাশিত ইথানলৰ সংখ্যাসমূহ আই এছ ১৭০২১ৰ অধীনত নিৰ্ধাৰিত পদ্ধতিৰ বিপৰীতে স্বতন্ত্ৰভাৱে প্ৰমাণিত কৰিব পৰা নাযায়।
প্ৰকাশিত ঘনত্বৰ পাঠসমূহো পৰীক্ষা কৰিবলগীয়া। প্ৰমাণপত্ৰসমূহত ২৬-৩১শতাংশ ইথানল থকা বুলি দাবী কৰা নমুনাসমূহৰ ঘনত্ব ০.৭৪২ ৰ পৰা ০.৭৪৯ গ্ৰাম/চিচি বুলি দেখুওৱা হৈছে। এইটো কিউ চি চি-১ আৰু কিউ চি চি-২ জৰীপৰ অধীনত অ’ এম চি-সমূহে পৰীক্ষা কৰা ই-২০ নমুনাৰ ০.৭৫২-০.৭৬০ গ্ৰাম/চিচিতকৈ কম। ইথানলৰ ঘনত্ব পেট্ৰ’লতকৈ বেছি হোৱাৰ বাবে ইথানলৰ অনুপাত বেছি হ'লে মিশ্ৰণৰ ঘনত্ব সাধাৰণতে বাঢ়িব লাগে। এই অমিলে নিৰ্ধাৰিত পদ্ধতিৰে পৰীক্ষা কৰা আৰু উপযুক্ত ৰেফাৰেন্স নমুনাৰ বিপৰীতে পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাক আৰু অধিক স্পষ্ট কৰে।
অ’ এম চি আৰু চি এইচ টি-ৰ গুণগত মান নিৰীক্ষণে অনুপালন নিশ্চিত কৰিছে
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ চেণ্টাৰ ফৰ হাই টেকন’লজিয়ে (চি এইচ টি) অ’ এম চি-ৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত ইথানল মিশ্ৰণ আৰু ইন্ধনৰ গুণগত মান নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আহিছে।
অ’ এম চি/চি এইচ টি গুণগত মান সমন্বয় কোষ (কিউ চি চি) অনুশীলনৰ অংশ হিচাপে ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আই অ’ চি এল (৩৩০), বি পি চি এল (২৮০) আৰু এইচ পি চি এল (২৮৩)ৰ ডিপো আৰু খুচুৰা বিক্ৰী কেন্দ্ৰৰ পৰা লোৱা ৮৯৩টা ই-২০ নমুনা আই এছ ১৭০২১, অনুবন্ধ-চি অনুসৰি শোধনাগাৰ আৰু অ’ এম চি-ৰ গুণগত মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰত ইথানলৰ পৰিমাণৰ বাবে পৰীক্ষা কৰা হৈছে। ইয়াৰে ৮৯৩টা নমুনাই নিৰ্ধাৰিত ১৯-২১শতাংশ ইথানলৰ পৰিমাণৰ ভিতৰত পোৱা গৈছে।
উল্লেখযোগ্যভাৱে, কৰ্ণাটকত পৰীক্ষা কৰা ৫৬টা নমুনাইও নিৰ্দিষ্টকৰণ অনুসৰণ কৰিছে।বিভিন্ন স্থানৰ পৰা আৰু তিনিওটা অ’ এম চিৰ পৰা লোৱা এই নমুনাসমূহত ইথানলৰ পৰিমাণ গড় ১৯.৩০ শতাংশসহ ১৯ শতাংশৰ পৰা ২০শতাংশৰ ভিতৰত পোৱা গৈছে।
এই ফলাফলে দেখুৱাইছে যে অ’ এম চিৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত ইথানল মিশ্ৰণ নিৰ্ধাৰিত বৈশিষ্ট্যৰ ভিতৰত নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰা হয়। এই তথ্যসমূহৰ কৰ্ণাটকৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশিত ইথানলৰ উচ্চ স্তৰৰ সৈতে মিল নথকাৰ লগতে ই স্বচ্ছ, কাৰিকৰীভাৱে সঠিক আৰু যুটীয়াভাৱে পৰীক্ষা কৰিব পৰা পৰীক্ষা অনুশীলনৰ প্ৰয়োজনীয়তাক শক্তিশালী কৰে।
ইথানল মিশ্ৰণ এক নিয়ন্ত্ৰিত আৰু স্বয়ংক্ৰিয় প্ৰক্ৰিয়া
অ’ এম চিৰ শোধনাগাৰ আৰু ডিপোত ইথানল মিশ্ৰণ, প্ৰতিষ্ঠিত, যুকিয়াই থোৱা আৰু নিয়ন্ত্ৰিত ব্যৱস্থাৰ জৰিয়তে কৰা হয়। এই প্ৰক্ৰিয়াত শোধনাগাৰ আৰু ডিপো স্তৰত স্বয়ংক্ৰিয় সংগঠিতকৰণ আৰু অনুপাত নিৰ্ধাৰণৰ ব্যৱস্থা থকাৰ লগতে মিশ্ৰণ নিৰ্ধাৰিত নিৰ্দিষ্টকৰণ আৰু গুণগত মান নিয়ন্ত্ৰণ প্ৰ’ট’কলৰ দ্বাৰা পৰিচালিত হয়। ই পেট্ৰ’লত ইথানল যোগ কৰাৰ কোনো হস্তচালিত বা ইচ্ছামতে কৰা প্ৰক্ৰিয়া নহয়।
অ’ এম চিসমূহে নিজৰ যোগান আৰু বিতৰণ নেটৱৰ্কত প্ৰতিষ্ঠিত গুণগত মান নিশ্চিতকৰণ ব্যৱস্থা বজাই ৰাখে যাতে মিশ্ৰিত ইন্ধনে উপভোক্তাৰ ওচৰ পোৱাৰ আগতে প্ৰযোজ্য বি আই এছ মানক বৈশিষ্ট্য পূৰণ কৰে।
উপভোক্তাৰ ওপৰত প্ৰভাৱৰ দাবীসমূহৰ বৈজ্ঞানিক মূল্যায়ন প্ৰয়োজন
বছৰি প্ৰায় ৬২,০০০ কোটি টকাৰ উপভোক্তাৰ মাইলেজ ক্ষতি আৰু প্ৰায় ৩৯,০০০ কোটি টকাৰ বাহন মেৰামতিৰ খৰচ, মুঠ প্ৰায় ১.০১ লাখ কোটি টকাৰ দাবীসমূহো প্ৰতিষ্ঠিত কাৰিকৰী প্ৰমাণৰ বিপৰীতে সাৱধানে পৰীক্ষা কৰিব লাগিব।
৩০ কোটিৰো অধিক দুচকীয়া বাহন আৰু ৪ কোটি চাৰিচকীয়া বাহন তিনি বছৰতকৈ অধিক সময় ধৰি ই-২০ ইন্ধনত চলি আছে। প্ৰতিদিনে ৬ কোটিৰো অধিক লোক বাহনত ইন্ধন ভৰাবলৈ পেট্ৰ’ল পাম্পলৈ যায়। ই-২০ ইন্ধনৰ গুণগত মানত ব্যাপক সমস্যা থাকিলে এই বৃহৎ বাহনৰ ভিত্তিত বাহন বিকল হোৱাৰ ঘটনা দেখা গ'লহেঁতেন। এনে ব্যাপক ঘটনাৰ কোনো প্ৰতিবেদন পোৱা হোৱা নাই। ইন্ধনৰ গুণগত মান আৰু বাহনৰ প্ৰদৰ্শন সম্পৰ্কীয় দাবীসমূহ মূল্যায়ন কৰাত এই ব্যাপক বাস্তৱ ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ বিবেচনাৰ দিশ।
ই-২০ৰ প্ৰদৰ্শন আৰু মাইলেজৰ প্ৰভাৱ আন্তঃমন্ত্ৰালয় সমিতি আৰু ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড (আই অ’ চি এল), অট’ম’টিভ ৰিছাৰ্ছ এছ’চিয়েচন অব ইণ্ডিয়া (এ আৰ এ আই) আৰু ছ’চাইটি অব ইণ্ডিয়ান অট’ম’বাইল মেনুফেকচাৰাৰ্ছ (ছিয়াম)ক জড়িত অধ্যয়নৰ জৰিয়তে পৰীক্ষা কৰা হৈছে।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ১২ আগষ্ট, ২০২৫ত প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ই প্ৰকাশ কৰা “পেট্ৰ’লত ইথানল মিশ্ৰণ আৰু তাৰ পৰৱৰ্তী উদ্বেগৰ প্ৰতি সঁহাৰি” শীৰ্ষক সঁহাৰিত উল্লেখ কৰা অনুসৰি ই-২০ৰ বাবে সাজু কৰা বাহনৰ প্ৰায় ১-২শতাংশ মাইলেজ হ্ৰাস পাব পাৰে। আনহাতে আন কিছুমান বাহনৰ ক্ষেত্ৰত বাহনৰ শ্ৰেণী আৰু সংগঠন কৰি থোৱা প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় ৩-৬শতাংশ হ্ৰাস পাব পাৰে।
সেয়েহে সমগ্ৰ বাহন সংখ্যাৰ ওপৰত ১০শতাংশ মাইলেজ ক্ষতিৰ এক সাধাৰণ ধাৰণা প্ৰয়োগ কৰি ৬২,০০০ কোটি টকাৰ ৰাষ্ট্ৰীয় উপভোক্তা ক্ষতিৰ সংখ্যালৈ সম্প্ৰসাৰিত কৰাটো বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত মূল্যায়ন নহয়। একেদৰে ৩৯,০০০ কোটি টকাৰ বাহন মেৰামতিৰ অনুমানকো বাহনৰ প্ৰকৃত প্ৰদৰ্শন তথ্য, সামগ্ৰীৰ সামঞ্জস্য অধ্যয়ন আৰু নথিভুক্ত মেৰামতি খৰচৰ স্বচ্ছ মূল্যায়নৰ জৰিয়তে প্ৰমাণ কৰিব লাগিব।
সামগ্ৰীৰ সামঞ্জস্য আৰু বাহনৰ প্ৰদৰ্শন সম্পৰ্কীয় উদ্বেগসমূহ কাৰিকৰী সংস্থা আৰু অট’ম’বাইল উদ্যোগক জড়িত অধ্যয়নৰ জৰিয়তে ইতিমধ্যে পৰীক্ষা কৰা হৈছে। সেয়েহে কাৰ্যসূচীৰ প্ৰভাৱৰ যিকোনো মূল্যায়নে সাধাৰণ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে বাহনৰ শ্ৰেণী, নিৰ্মাণ নিৰ্দিষ্টকৰণ, ইন্ধনৰ সামঞ্জস্য আৰু এই কাৰিকৰী অধ্যয়নসমূহৰ ফলাফলক বিবেচনা কৰিব লাগিব।
ইথানল মিশ্ৰণ কাৰ্যসূচীয়ে ব্যাপক অৰ্থনৈতিক আৰু পৰিৱেশগত লাভ প্ৰদান কৰে
ভাৰতৰ ইথানল মিশ্ৰণ যাত্ৰা দুই দশকতকৈও অধিক সময় ধৰি চলি আহিছে। ই ২০০১ চনত পৰীক্ষামূলক কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ পাছত ক্ৰমে নীতি হস্তক্ষেপৰ জৰিয়তে আগবাঢ়িছে। ইয়াত ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতি, ২০১৮ আৰু অংশীদাৰসকলৰ সৈতে পৰামৰ্শ কৰি প্ৰস্তুত কৰা ২০২৫ চনৰ ভিতৰত ভাৰতত ইথানল মিশ্ৰণৰ বাবে নীতি আয়োগৰ পৰিকল্পনা অন্তৰ্ভুক্ত হৈ আছে।
ইথানল মিশ্ৰিত পেট্ৰ’ল (ই বি পি) কাৰ্যসূচী আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, ঘৰুৱা কৃষি মূল্য শৃংখল শক্তিশালী কৰা আৰু শক্তি সুৰক্ষা আগুৱাই নিয়াৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ অংশ।
ইথানল মিশ্ৰণ কাৰ্যসূচীয়ে ইথানল যোগান বৰ্ষ (ই এছ ৱাই) ২০১৪-১৫ৰ পৰা তলত দিয়া ফলাফল দিছে:
· ১.৯৭ লাখ কোটি টকাতকৈ অধিক বৈদেশিক মুদ্ৰাৰ সঞ্চয়।
· প্ৰায় ৩১৬ লাখ মেট্ৰিক টন খাৰুৱা তেলৰ স্থান পূৰণ।
· প্ৰায় ৯৫২ লাখ মেট্ৰিক টন কাৰ্বন- ডাই- অক্সাইডৰ নিৰ্গমন হ্ৰাস।
· কৃষকসকললৈ ১.৬৬ লাখ কোটি টকাতকৈ অধিক ধন হস্তান্তৰ।
এই ফলাফলসমূহে কাৰ্যসূচীৰ ব্যাপক অৰ্থনৈতিক, পৰিৱেশগত আৰু কৃষি লাভসমূহৰ ওপৰত আলোকপাত কৰে । এয়া কেৱল অ’ এম চিৰ লাভ আৰু তথাকথিত উপভোক্তা খৰচৰ বাছনি কৰা তুলনাৰ জৰিয়তে মূল্যায়ন কৰিব নোৱাৰি।
৩১ অক্টোবৰ, ২০২৬ত শেষ হোৱা ই এছ ৱাই ২০২৫-২৬ৰ সময়ত ৰাষ্ট্ৰীয় ২০শতাংশ মিশ্ৰণ লক্ষ্য অনুসৰণ কৰি ৰাজহুৱা খণ্ডৰ অ’ এম চিসমূহে ১,০৮৯ কোটি লিটাৰ ইথানল ক্ৰয় কৰাৰ লগতে প্ৰায় ৫,৬৭৩ কোটি লিটাৰ পেট্ৰ’ল বিক্ৰীৰ বিপৰীতে ১,১৩৪ কোটি লিটাৰ মিশ্ৰণ কৰিছিল। এই কাৰ্যসূচী মিশ্ৰণৰ স্তৰ আৰু গুণগত মানৰ মাপকাঠী যোগান শৃংখলজুৰি নিৰীক্ষণৰ জৰিয়তে এক নিৰ্দিষ্ট ৰাষ্ট্ৰীয় কাঠামোৰ ভিতৰত চলি আছে। ব্যক্তিগত স্থানত যথেষ্ট বেছি বা কম মিশ্ৰণৰ বিচ্ছিন্ন আৰু অপ্ৰমাণিত অভিযোগে কাৰ্যসূচীৰ সামগ্ৰিক প্ৰদৰ্শনৰ অৰ্থপূৰ্ণ মূল্যায়ন প্ৰদান নকৰে।
অ’ এম চিসমূহৰ নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক মিশ্ৰণ কৰাৰ বাণিজ্যিক প্ৰৰোচনা আছে বুলি দিয়া পৰামৰ্শটোও ভুল। ইথানল ক্ৰয়ত যথেষ্ট খৰচ হয় আৰু নিৰ্ধাৰিত অনুপাততকৈ অধিক প্ৰতিটো অতিৰিক্ত লিটাৰ মিশ্ৰণে অ’ এম চিসমূহৰ ক্ৰয় খৰচ বৃদ্ধি কৰিব। অ’ এম চিসমূহৰ ইচ্ছামতে বা অতিৰিক্ত মিশ্ৰণ কৰাৰ কোনো বাণিজ্যিক যুক্তি নাই।
অ’ এম চি-সমূহে বিচাৰে স্বচ্ছতা আৰু স্বতন্ত্ৰ পৰীক্ষা
উত্থাপিত উদ্বেগসমূহৰ প্ৰতি লক্ষ্য ৰাখি তিনিওটা অ’ এম চিয়ে কৰ্ণাটক চৰকাৰক প্ৰকাশিত তথ্যৰ বাবে সম্পূৰ্ণ নমুনা সংগ্ৰহৰ নথিপত্ৰ, আউটলেটভিত্তিক পৰীক্ষাগাৰৰ প্ৰতিবেদন আৰু গ্ৰহণ কৰা পৰীক্ষা পদ্ধতিৰ বিৱৰণ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিছে। এইসমূহে ৰাজ্য চৰকাৰ আৰু অ’ এম চিৰ প্ৰতিনিধিৰ উপস্থিতিত নিৰ্ধাৰিত ৰেফাৰী পদ্ধতি ব্যৱহাৰ কৰি অনুমোদিত পৰীক্ষাগাৰত স্বতন্ত্ৰ পৰীক্ষাৰ বাবে প্ৰতিপক্ষৰ নমুনা লাভ কৰিবলৈও বিচাৰিছে।
অ’ এম চিসমূহে নিয়ন্ত্ৰণ আদেশ আৰু এম ডি জি ২০২৪ অনুসৰি যুটীয়া নমুনা সংগ্ৰহ আৰু পৰীক্ষা কৰাত ৰাজ্য চৰকাৰ আৰু অন্যান্য উপযুক্ত কৰ্তৃপক্ষৰ সৈতে সহযোগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। নিৰ্ধাৰিত পদ্ধতিৰ জৰিয়তে প্ৰতিষ্ঠিত যিকোনো বিচ্যুতি প্ৰযোজ্য নিৰ্দেশনা অনুসৰি মোকাবিলা কৰা হ'ব।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে উপভোক্তাসকলক যোগান ধৰা পেট্ৰ’লিয়াম সামগ্ৰীৰ গুণগত মান, নিয়ন্ত্ৰণমূলক অনুপালন আৰু উপভোক্তা সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছে। অ’ এম চিসমূহৰ দেশজোৰা যোগান আৰু বিতৰণ নেটৱৰ্কত প্ৰতিষ্ঠিত গুণগত মান নিশ্চিতকৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ দ্বাৰা ইয়াক সমৰ্থন কৰা হৈছে।
****
TM/DD