বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰী ভৱনত সৌৰশক্তি স্থাপনৰ অগ্ৰণী ভূমিকাৰ বাবে বিত্তীয় সেৱা বিভাগক ‘পিএম সূৰ্য ঘৰ এক্সিলেঞ্চ এৱাৰ্ড’ প্ৰদান

সকলো সম্ভাৱ্য প্ৰশাসনিক ভৱনত ১০০% লক্ষ্যত উপনীত ডিএফএছ; ২,৫৭৬টা স্থানত ৬১.৫০ মেগাৱাট ক্ষমতাৰ ছাদৰ সৌৰ প্ৰকল্প কাৰ্যক্ষম

ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত ৰিনিউৱেবল এনাৰ্জী ছামিট এণ্ড এক্সপ’ ২০২৬-ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ দ্বাৰা এই বঁটা প্ৰদান

পোষ্ট কৰা হৈছে: 06 NOV 2026 2:54PM by PIB Guwahati

ৰাষ্ট্ৰীয় লক্ষ্যৰ প্ৰতি এক ব্যতিক্ৰমী প্ৰতিষ্ঠানগত দায়বদ্ধতা প্ৰদৰ্শন কৰি বিত্তীয় সেৱা বিভাগে নিজৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন সংস্থাসমূহৰ চিনাক্ত কৰা সকলো সম্ভাৱ্য ভৱনতে ১০০% সৌৰশক্তিৰ ব্যৱহাৰ সফলতাৰে সম্পূৰ্ণ কৰি তুলিছে। ৪,১৪৪টা ভৱনৰ ভিতৰত কাৰিকৰী আৰু গাঁথনিগত সম্ভাৱনাৰ মূল্যায়ন— যেনে ছাদ ব্যৱহাৰৰ অধিকাৰ, ভৱনৰ মালিকীস্বত্ব, ছাঁ পৰাৰ স্থিতি আৰু ওজন বহন ক্ষমতাৰ মাপকাঠি বিবেচনা কৰাৰ অন্তত— সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে ২,৫৭৬টা ব্যৱহাৰোপযোগী ভৱন চিনাক্ত কৰা হৈছিল। ডিএফএছৰ অধীনস্থ সংস্থাসমূহে চিনাক্ত কৰা সকলো ২,৫৭৬টা সম্ভাৱ্য ভৱনতে ছাদৰ সৌৰ পিভি প্ৰকল্প সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিছে, যাৰ জৰিয়তে সৰ্বমুঠ ৬১.৫০ মেগাৱাট প্ৰদূষণমুক্ত বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজন হৈছে।

উপৰোক্ত এই উল্লেখনীয় সফলতাৰ বাবে বিত্তীয় সেৱা বিভাগক ০৫.১১.২০২৬ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত “কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ দ্বাৰা সৰ্বাধিক ভৱনত সৌৰশক্তি স্থাপন” শ্ৰেণীৰ অধীনত পিএম সূৰ্য ঘৰ এক্সিলেঞ্চ এৱাৰ্ডৰ দ্বিতীয় স্থান প্ৰদান কৰা হয়।

ভাৰত ৰিনিউৱেবল এনাৰ্জী ছামিট এণ্ড এক্সপ’ ২০২৬ চমুকৈ বিআৰই ছামিটৰ সামৰণি অধিৱেশনত অনুষ্ঠিত পিএম সূৰ্য ঘৰ এক্সিলেঞ্চ এৱাৰ্ড বিতৰণী অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় চমুকৈ এমএনআৰই-ৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট চমুকৈ আইএছএ-ৰ নৱম সাধাৰণ সভা আৰু সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সন্মিলন চমুকৈ আইচিজিএইছ-ৰ সমান্তৰালভাৱে এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছিল।

পিএম সূৰ্য ঘৰ এক্সিলেঞ্চ এৱাৰ্ড প্ৰদানে ভাৰতৰ সৰ্বাংগীণ নেট-জিৰ’ সংকল্পৰ প্ৰতি বিত্তীয় সেৱা বিভাগৰ অটল অৱদানক প্ৰতিফলিত কৰাৰ লগতে আন্তঃগাঁথনিৰ জৰিয়তে বহনক্ষম বিকাশ কৰাত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় ভূমিকাক অধিক সুদৃঢ় কৰি তুলিছে।

KT/AD/MM


(ৰিলিজ আই ডি : 2333896) অতিথি কক্ষ : 9