কেবিনেট
azadi ka amrit mahotsav

গিগাৱাট গ্ৰীড-স্কেল শক্তি সংৰক্ষণ ব্যৱস্থাৰ উন্নয়নৰ বাবে ১৪,৫০০ কোটি টকাৰ ব্যৱহাৰযোগ্যতা ব্যৱধান পুঁজি প্ৰদান আঁচনিত কেবিনেটৰ অনুমোদন

৩০ জিডব্লিউএইচ বেটাৰী শক্তি সংৰক্ষণ প্ৰণালী, ৬০ জিডব্লিউএইচ পাম্পড সংৰক্ষণ প্ৰকল্প আৰু ২ জিডব্লিউএইচ নতুন সংৰক্ষণ প্ৰযুক্তি সমৰ্থিত আঁচনি

নৱীকৰণযোগ্য শক্তিৰ একত্ৰীকৰণ ত্বৰান্বিত কৰিব, গ্ৰীডৰ স্থিৰতা শক্তিশালী কৰিব আৰু ২৪ ঘণ্টাই নিৰ্ভৰযোগ্য তথা সুলভ বিদ্যুৎ যোগান নিশ্চিত কৰিব

থলুৱা উৎপাদনক উৎসাহিত কৰাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বি ই এছ এছৰ বাবে বাধ্যতামূলক ঘৰুৱা সামগ্ৰীৰ প্ৰয়োজন

পোষ্ট কৰা হৈছে: 04 NOV 2026 3:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ কেন্দ্ৰীয় কেবিনেটে বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ পৰা বিত্তীয় বৰ্ষ ২০৩০-৩১ লৈকে মুঠ ১৪,৫০০ কোটি টকাৰ বিত্তীয় সাহায্যৰে গ্ৰীড-স্কেল শক্তি সংৰক্ষণ প্ৰণালীৰ বিকাশৰ বাবে ভায়াবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) আঁচনিত অনুমোদন জনাইছে। আঁচনিখনৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে প্ৰতি ঘণ্টাত ৯২ গিগাৱাট শক্তি সংৰক্ষণ ক্ষমতাৰ বিকাশত সহায় কৰা, যি এতিয়াও আৰম্ভ হোৱা নাই। এই আঁচনিখনে দেশত বৰ্তমানৰ গ্ৰীড স্কেল শক্তি সংৰক্ষণ ব্যৱস্থাৰ সামৰ্থ্যৰ ১৭০ শতাংশৰ সমতুল্য নতুন সামৰ্থ্য সৃষ্টিত সহায় কৰিব আৰু ঘণ্টাত ৪১১ গিগাৱাট প্ৰয়োজনীয় গ্ৰীড স্কেল ইএছএছ সামৰ্থ্য ২০৩১-৩২ৰ দ্বাৰা পূৰণ কৰাত সহায় কৰিব।

এই আঁচনিখন ভাৰতৰ শক্তি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰা, নবীকৰণযোগ্য শক্তিৰ বৃহৎ পৰিমাণৰ একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰা আৰু নিৰ্ভৰযোগ্য, সুলভ তথা ২৪ ঘণ্টাই বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশত  গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব। ই বেটাৰী শক্তি সংৰক্ষণ প্ৰণালীৰ ঘৰুৱা উৎপাদনকো গতি প্ৰদান কৰিব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা বৃদ্ধি কৰিব।

এই আঁচনিখনে মুঠ আনুমানিক ৯৭,৬০০ কোটি টকা বিনিয়োগৰ সৈতে বৈকল্পিক শক্তি সংৰক্ষণ প্ৰযুক্তিৰ জৰিয়তে প্ৰতি ঘণ্টাত ৬০ গিগাৱাট জলবিদ্যুৎ পাম্পড সংৰক্ষণ প্ৰকল্প (পিএছপি) ক্ষমতা, প্ৰতি ঘণ্টাত ৩০ গিগাৱাট বেটাৰী শক্তি সংৰক্ষণ প্ৰণালী (বিইএছএছ) ক্ষমতা আৰু প্ৰতি ঘণ্টাত ২ গিগাৱাট সামৰ্থ্য বিকাশৰ পৰিকল্পনা কৰিছে। ভিজিএফ সমৰ্থনে এই প্ৰকল্পসমূহৰ বিত্তীয় কাৰ্য্যকৰীতা উন্নত কৰাত সহায় কৰাৰ লগতে দেশত বৃহৎ পৰিমাণৰ শক্তি সংৰক্ষণ আন্তঃগাঁথনিৰ প্ৰয়োগ ত্বৰান্বিত কৰিব।

শুল্কভিত্তিক প্ৰতিযোগিতামূলক নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে শক্তি সংৰক্ষণ ক্ষমতা আবণ্টন কৰা হ’ব। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিদ্যুৎ বিতৰণ কোম্পানীবোৰ বিইএছএছ আৰু জলবিদ্যুৎ পিএছপি প্ৰকল্পৰ বাবে ভিজিএফ সমৰ্থনৰ বাবে যোগ্য বিবেচিত হ’ব, আনহাতে বিকল্প শক্তি সংৰক্ষণ প্ৰযুক্তিৰ ওপৰত আধাৰিত প্ৰকল্পবোৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংস্থাসমূহে ৰূপায়ণ কৰিব।

আঁচনিখনৰ এটা মূল উদ্দেশ্য হৈছে চাহিদা-পক্ষৰ বিত্তীয় সাহায্যৰ জৰিয়তে ভাৰতৰ ঘৰুৱা শক্তি সংৰক্ষণ উৎপাদন পৰিবেশতন্ত্ৰক শক্তিশালী কৰা আৰু আমদানিকৃত উপাদানসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। থলুৱা উৎপাদনৰ প্ৰসাৰৰ বাবে বিইএছএছ প্ৰকল্পবোৰ ৪০ শতাংশৰ নিম্নতম ঘৰুৱা সামগ্ৰীৰ প্ৰয়োজনীয়তা (ডিচিআৰ) সাপেক্ষে ৰূপায়ণ কৰা হ’ব। এই প্ৰয়োজনীয়তাই ঘৰুৱা উৎপাদনক উৎসাহিত কৰিব, ভাৰতীয় উদ্যোগৰ বাবে সুযোগ সৃষ্টি কৰিব আৰু বেটাৰী নিৰ্মাণৰ বাবে বৰ্তমানৰ যোগান দিশৰ প্ৰেৰণাৰ পৰিপূৰক হ’ব।

এই আঁচনিখনে নমনীয়,দৃঢ় আৰু ভৱিষ্যতৰ বাবে সাজু বিদ্যুৎ ব্যৱস্থা গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে। গ্ৰীড-স্কেল শক্তি সংৰক্ষণৰ নিয়োজন ত্বৰান্বিত কৰি ই নৱীকৰণযোগ্য শক্তিৰ অধিক ব্যৱহাৰত সহায় কৰাৰ লগতে নৱীকৰণযোগ্য শক্তি উৎপাদনৰ পৰিবৰ্তন সাধন কৰিব আৰু ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ পৰম্পৰাগত উৎপাদনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। এই উদ্যমে গ্ৰীডৰ স্থিৰতা শক্তিশালী কৰিব, নৱীকৰণযোগ্য শক্তিৰ একত্ৰীকৰণ উন্নত কৰিব, ঘৰুৱা উৎপাদনক উৎসাহিত কৰিব আৰু ভাৰতৰ শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীক আগবঢ়াই নিব।

 

 

****

MJPS/SS/NB


(ৰিলিজ আই ডি : 2332623) অতিথি কক্ষ : 10