পোষ্ট কৰা হৈছে:
03 NOV 2026 8:45AM by PIB Guwahati
৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি চলা ক্ষিপ্ৰ আৰু সুসমন্বিত অভিযানৰ অন্তত ভাৰতীয় নৌসেনাই মাছমৰীয়া জাহাজ ‘আজিনি’ক সশস্ত্ৰ জলদস্যুৰ কবলৰ পৰা সফলতাৰে মুক্ত কৰে। এই অভিযানৰ সমাপ্তিত কোনো এজন লোক হতাহত নোহোৱাকৈ জাহাজখনৰ ২০ গৰাকী কৰ্মচাৰীৰ আটাইকেইজনকে নিৰাপদে উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, যোৱা মাহৰ আৰম্ভণিতে ছোমালিয়াৰ উত্তৰ-পূব উপকূলৰ ওচৰত সশস্ত্ৰ জলদস্যুৰ এটা দলে মাছমৰীয়া জাহাজ ‘আজিনি’ক অপহৰণ কৰা বুলি খবৰ পোৱা গৈছিল। এই অপহৰণে সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছিল। সেই সময়ত এই বুলিও আশংকা প্ৰকাশ পাইছিল যে, অঞ্চলটোত বাণিজ্যিক জাহাজসমূহৰ ওপৰত অধিক জলদস্যু আক্ৰমণ চলোৱাৰ বাবে এই জাহাজখনক ‘মাদাৰ শ্বিপ’ হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে।
পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় নৌসেনাই অভিযানত নিয়োজিত এখন যুদ্ধজাহাজক হস্তক্ষেপৰ বাবে প্ৰেৰণ কৰে আৰু এখন সামুদ্ৰিক নিৰীক্ষণ বিমানৰ জৰিয়তে এই ক্ষেত্ৰত সহায় আগবঢ়োৱা হয়। দুয়োখন বাহনে ঘনিষ্ঠ সমন্বয়েৰে নিৰন্তৰ নিৰীক্ষণ চলাই জাহাজখনৰ অৱস্থান নিৰ্ণয় কৰে, ইয়াৰ গতিবিধি অনুসৰণ কৰে আৰু পৰিকল্পিত অহিংস ব্যৱস্থা গ্ৰহণ কৰি জাহাজখনৰ চলাচল সীমিত কৰাৰ লগতে পলায়নৰ পথ ৰুদ্ধ কৰি দিয়ে।
ভাৰতীয় বায়ুসেনাৰ এখন চি ১৭ বিমানৰ জৰিয়তে নিখুঁতভাৱে আকাশীপথেৰে সামগ্ৰী আৰু কৰ্মী অৱতৰণ কৰাই সাগৰীয় কমাণ্ডোসকলৰ শক্তি বৃদ্ধি কৰা হয়।
ক্ষিপ্ৰ আৰু সুসমন্বিত কৌশলগত অভিযান চলাই ভাৰতীয় নৌসেনাই জাহাজখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে, জলদস্যুৰ ভাবুকিক প্ৰতিহত কৰে আৰু ২০গৰাকী কৰ্মচাৰীৰ কেউজনৰে নিৰাপদ মুক্তি নিশ্চিত কৰে।
এই সফল অভিযানে ভাৰতীয় নৌসেনাৰ উচ্চ পৰ্যায়ৰ অভিযানগত প্ৰস্তুতি আৰু বিভিন্ন বাহিনীৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়ৰ জৰিয়তে জটিল সামুদ্ৰিক নিৰাপত্তা অভিযান সম্পন্ন কৰাৰ ক্ষেত্ৰত সামৰ্থ্যৰ পৰিচয় দিছে। ইয়াৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলত ‘প্ৰথম সঁহাৰিদাতা আৰু ‘অগ্ৰাধিকাৰপ্ৰাপ্ত নিৰাপত্তা সহযোগী’ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰখাৰ ক্ষেত্ৰত ভাৰতৰ অটল প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰতিফলিত হৈছে।
উল্লেখযোগ্য যে, ভাৰত মহাসাগৰীয় অঞ্চলত নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰা, গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথসমূহ সুৰক্ষিত কৰা আৰু নিৰাপদ, সুৰক্ষিত তথা সুস্থিৰ সামুদ্ৰিক পৰিৱেশ বৰ্তাই ৰখাৰ বাবে ভাৰতীয় নৌসেনা প্ৰতিশ্ৰুতিবদ্ধ।
(1)_20261103085727_c6f33c.jpeg)
VM/SPS/UD