প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত প্ৰায় ২১,৮০০ কোটি টকাৰ পুনে মেট্ৰ’ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে ৮,৩০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মিত পুনে মেট্ৰ’ লাইন ৩ (পিংক লাইন) উদ্বোধন কৰিব
পিংক লাইনে হিনজেৱাড়ী আইটি হাব আৰু শিৱাজীনগৰৰ মাজত মেট্ৰ’ সংযোগ প্ৰদান কৰিব

পুনে মেট্ৰ’ লাইন ৩ সম্পূৰ্ণৰূপে মহিলা ট্ৰেইন অপাৰেটৰসকলৰ দ্বাৰা পৰিচালিত হ’ব; সৌৰ শক্তিৰ জৰিয়তে বিদ্যুতৰ প্ৰায় ৩০ শতাংশ চাহিদা পূৰণ কৰা হ’ব

প্ৰধানমন্ত্ৰীয়ে আনুমানিক ১৩,৫০০ কোটি টকা ব্যয়েৰে ২ক, ২খ, ৪ আৰু ৪ক লাইনেৰে গঠিত পুনে মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধান আবাসিক অঞ্চল, বাণিজ্যিক আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰসমূহৰ মাজত যোগাযোগ সম্প্ৰসাৰণৰ বাবে পুনে মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়

বৰ্তমানৰ পুনে মেট্ৰ’ নেটৱৰ্ক আৰু ইণ্টাৰচিটী বাছ সেৱাৰ সৈতে একত্ৰিত কৰা হ’ব নতুন মেট্ৰ’ কৰিডৰ, নগৰীয়া সংযোগ বৃদ্ধি হ’ব

পোষ্ট কৰা হৈছে: 02 NOV 2026 3:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ২১,৮০০ কোটি টকা ব্যয়সাপেক্ষ পুনে মেট্ৰ’ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাবেশকো সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৮,৩০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মিত পুনে মেট্ৰ’ লাইন ৩ উদ্বোধন কৰিব, যাক পিংক লাইন বুলিও জনা যায়। এই প্ৰকল্পটোৱে প্ৰযুক্তিগত উদ্ভাৱন আৰু আধুনিক পৰিবহণ ব্যৱস্থাৰ জৰিয়তে পুনেৰ নগৰীয়া গতিশীলতা আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰে।

প্ৰায় ২৩ কিলোমিটাৰ বিস্তাৰিত পিংক লাইনে মান (Maan)ক জিলা আদালত মেট্ৰ’ ষ্টেচনৰ সৈতে সংযোগ কৰিব। এই কৰিডৰটোৱে হিনজেৱাড়ী আইটি হাব আৰু শিৱাজী নগৰৰ মাজত মেট্ৰ’ সংযোগ প্ৰদান কৰিব, পুনেৰ এটা প্ৰধান নিযুক্তি কেন্দ্ৰলৈ প্ৰৱেশাধিকাৰ উন্নত কৰিব আৰু হাজাৰ হাজাৰ আইটি পেছাদাৰী আৰু অন্যান্য যাত্ৰীৰ বাবে দৈনিক যাতায়াতৰ সুবিধা প্ৰদান কৰিব। বৰ্তমানৰ মেট্ৰ’ নেটৱৰ্কৰ সৈতে একত্ৰিত হৈ এই কৰিডৰটোৱে পুনেৰ বিভিন্ন অংশৰ মাজত যোগাযোগৰ সুবিধা প্ৰদান কৰিব। ই ব্যক্তিগত বাহনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে যান-জঁট আৰু যান-বাহনৰ প্ৰদূষণ হ্ৰাস কৰি মুখ্য বাণিজ্যিক আৰু আবাসিক অঞ্চলসমূহলৈ যাতায়াতৰ সুবিধা উন্নত কৰিব।

পিংক লাইনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে মহিলা সবলীকৰণ আৰু লিংগ-অন্তৰ্ভুক্ত ৰাজহুৱা পৰিবহণত গুৰুত্ব। এই লাইন সম্পূৰ্ণৰূপে মহিলা ৰে’ল পৰিচালকসকলৰ দ্বাৰা পৰিচালিত হ’ব আৰু ই হ’ব এনেধৰণৰ প্ৰথমটো পদক্ষেপ। এই প্ৰকল্পটোৱে পাৰিপাৰ্শ্বিক সুস্থিৰতাতো গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ মুঠ বিদ্যুতৰ প্ৰয়োজনৰ প্ৰায় ৩০ শতাংশ সৌৰ শক্তিৰ জৰিয়তে পূৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৩,৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পুনে মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰিব। দ্বিতীয় পৰ্যায়ত পুনে মেট্ৰ’ লাইন ২ক, ২খ, ৪ আৰু ৪ক অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে চহৰখনৰ মেট্ৰ’ নেটৱৰ্ক যথেষ্ট পৰিমাণে সম্প্ৰসাৰিত কৰিব আৰু গুৰুত্বপূৰ্ণ আবাসিক অঞ্চল, বাণিজ্যিক আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰসমূহৰ মাজত যোগাযোগ উন্নত কৰিব।

দ্বিতীয় পৰ্যায়ৰ অধীনত ২ক আৰু ২খ লাইনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১২.৭৫ কিলোমিটাৰ হ’ব। লাইন ২ক-ই বনজ (Vanaz)ক চান্দনী চ’কৰ সৈতে সংযোগ কৰিব, আনহাতে লাইন ২খ-ই ৰামৱাড়ীক ভিট্ঠলৱাড়ীৰ সৈতে সংযোগ কৰিব, যাৰ জৰিয়তে বৰ্তমানৰ পূব-পশ্চিম মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰিত হ’ব। ২৫.৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ নম্বৰ লাইনে খাৰাড়ীক খড়কৱাছলাৰ সৈতে আৰু ৬.১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ক লাইনে নাল ষ্টপক মানিক বাগৰ সৈতে সংযোগ কৰিব।

নতুন মেট্ৰ’ কৰিডৰসমূহে খাৰাড়ী, মাগৰপট্টা, হাড়াপছাৰ, স্বৰগেট, মানিক বাগ, নান্দেড় চহৰ, পুনে কেণ্ট’নমেণ্ট আৰু ৱাৰ্জেকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানক সংযোগ কৰিব। ৰামৱাড়ীৰ পৰা ভিট্ঠলৱাড়ীলৈ পূব সম্প্ৰসাৰণে খাৰাড়ী আৰু ৱাঘোলীৰ দ্ৰুতগতিত বিকশিত আবাসিক অঞ্চল, বাণিজ্যিক আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰসমূহৰ মাজত যোগাযোগ উন্নত কৰিব। এই কৰিডৰবোৰে আন্তঃ নগৰীয়া বাছ সেৱা আৰু স্বৰগেট, নাল ষ্টপ আৰু খাৰাড়ী বাইপাছত বিনিময় সুবিধাৰ জৰিয়তে বৰ্তমানৰ পুনে মেট্ৰ’ নেটৱৰ্কৰ সৈতে একত্ৰিত হ’ব, যাৰ ফলত চহৰখনৰ বিভিন্ন প্ৰান্তত যোগাযোগৰ সুবিধা বৃদ্ধি পাব।

এই প্ৰকল্পসমূহে পুনেৰ ৰাজহুৱা পৰিবহণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে সমগ্ৰ চহৰখনৰ যোগাযোগ উন্নত কৰিব আৰু যাত্ৰীসকলক দক্ষ তথা সংহত নগৰীয়া গতিশীলতা নেটৱৰ্ক প্ৰদান কৰিব।

 

 

****

MJPS/SS/VJ/NB


(ৰিলিজ আই ডি : 2331859) অতিথি কক্ষ : 9