পোষ্ট কৰা হৈছে:
29 OCT 2026 5:33PM by PIB Guwahati
ভাৰতীয় ৰে'ল বিভাগে ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰূপায়ণ কৰা বিশেষ অভিযান ৬-ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে । ৩১ অক্টোবৰত এই অভিযানৰ সমাপ্তি ঘটিবলগীয়া থকাৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় ৰেলৱেই কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্য অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত অনাময় বা পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্ক্ৰেপ (পৰিত্যক্ত সামগ্ৰী) নিষ্কাশন, ই-আৱৰ্জনা ব্যৱস্থাপনা, অমীমাংসিত বিষয়সমূহৰ নিষ্পত্তি আৰু প্ৰক্ৰিয়া সৰলীকৰণৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় সাফল্যই ‘অমীমাংসিত বিষয়সমূহৰ নিষ্পত্তিৰ বাবে বিশেষ অভিযান’ (এছ চি ডি পি এম-৬)-ত এক মুখ্য অৱদান যোগাইছে।

এটা গুৰুত্বপূৰ্ণ জনমুখী পদক্ষেপ হিচাপে, যাত্ৰীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ আৰু অনাময় ব্যৱস্থা, যাত্ৰী-সুবিধা তথা সেৱা প্ৰদানৰ ওপৰত তেওঁলোকৰ মতামত আৰু পৰামৰ্শ লাভ কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ২২ অক্টোবৰত সমগ্ৰ দেশৰ ৫,৮৮৪ টা ৰেল ষ্টেচনত 'ৰেল জন সংবাদ' আয়োজন কৰা হৈছিল। ৰেলৱে বোৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সতীশ কুমাৰে নতুন দিল্লীত অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰাৰ বিপৰীতে, ডি এ আৰ পি জি--ৰ সচিবগৰাকীয়ে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই পদক্ষেপে স্থানীয় সমস্যাসমূহ চিনাক্ত কৰিবলৈ আৰু যাত্ৰী সেৱাৰ উন্নতিৰ বাবে উপযুক্ত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা সুযোগ প্ৰদান কৰিছিল।
২০২৬ চনৰ ৩১ অক্টোবৰত বিশেষ অভিযান ৬ সমাপ্ত হ'বলগীয়া থকাৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় ৰেলৱেই এই অভিযানৰ সময়ত লাভ কৰা সফলতা আৰু সৰ্বোত্তম কাৰ্যপদ্ধতিসমূহ সুদৃঢ় কৰা আৰু ধাৰাবাহিকভাৱে বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে; য'ত পৰিষ্কাৰ-পৰিচ্ছন্নতা, সম্পদৰ দক্ষ ব্যৱস্থাপনা, অমীমাংসিত বিষয়সমূহৰ সময়মতে নিষ্পত্তি আৰু উন্নত যাত্ৰী সেৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
***
Dharmendra Tewari/Dr Nayan Solanki/Vikas Jha/DD