পোষ্ট কৰা হৈছে:
28 OCT 2026 12:16PM by PIB Guwahati
বৈজ্ঞানিক পদ্ধতিৰে ভূগৰ্ভস্থ জলৰ পুনৰ্ভৰণৰ পৰিকল্পনাত সহায় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰীয়ে ‘পুনঃভৰণ’ মোবাইল এপ্লিকেচনটো মুকলি কৰে। বি আই এছ এ জি-এন-এ ৰাষ্ট্ৰীয় জল অভিযান (এন ডব্লিউ এম) আৰু জলসম্পদ বিভাগৰ লগতে জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগ(আৰ ডি এণ্ড ডি আৰ)-ৰ সহযোগত এই এপ্লিকেচনটো প্ৰস্তুত কৰিছে।
এই মোবাইল এপ্লিকেচনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তিনি কিলোমিটাৰ পৰ্যন্ত ব্যাসাৰ্ধৰ ভিতৰত কৃত্ৰিমভাৱে ভূগৰ্ভস্থ জলৰ পুনৰ্ভৰণৰ সম্ভাৱনাপূৰ্ণ অঞ্চলসমূহ চিনাক্ত কৰাৰ লগতে স্থানীয় পৰিস্থিতিৰ ভিত্তিত উপযোগী পুনৰ্ভৰণৰ গাঁথনিসমূহ চিনাক্ত কৰিব পাৰিব।
ৱেব পৰ্টেলটোত গাঁও পৰ্যায়ৰ কৃত্ৰিম জল পুনৰ্ভৰণ গাঁথনিৰ অঞ্চলভিত্তিক মানচিত্ৰ, ভৌগোলিক তথ্য প্ৰণালী(জি আই এছ)-ৰ সঁজুলি আৰু বিভিন্ন বিষয়ভিত্তিক তথ্যস্তৰ যোগানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত বহনক্ষম ভূগৰ্ভস্থ জল ব্যৱস্থাপনাৰ বাবে তথ্যভিত্তিক আৰু সুচিন্তিত পৰিকল্পনা প্ৰস্তুত কৰাত সহায় হ’ব।
এই মঞ্চত বৰষুণৰ পৰিমাণ, ভূগৰ্ভস্থ জলৰ স্তৰ, ভূগৰ্ভস্থ জলৰ উৎপাদন ক্ষমতা, ভূমিৰ ঢাল আৰু জল-নিষ্কাশন ব্যৱস্থাকে ধৰি বিভিন্ন ভৌগোলিক তথ্য ব্যৱহাৰ কৰা হৈছে। এই তথ্যসমূহৰ সহায়ত পুনৰ্ভৰণৰ সম্ভাৱনাপূৰ্ণ অঞ্চল চিনাক্ত কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিব পৰা হ’ব।
উল্লেখযোগ্য যে ‘পুনঃভৰণ’ হ’ল ভৌগোলিক তথ্য-প্ৰযুক্তিৰ জৰিয়তে বৈজ্ঞানিক পদ্ধতিৰে ভূগৰ্ভস্থ জলৰ পুনৰ্ভৰণৰ পৰিকল্পনাৰ দিশত অগ্ৰণী পদক্ষেপ।


******
ND/HM/UD