পোষ্ট কৰা হৈছে:
24 OCT 2026 10:47AM by PIB Guwahati
ৰে'লৱে সুৰক্ষা বাহিনী (আৰ পি এফ) ৰ দ্বাৰা আয়োজিত চৰকাৰী ৰে'লৱে আৰক্ষী (জি আৰ পি) মুৰব্বীসকলৰ অষ্টম সৰ্বভাৰতীয় সন্মিলন ২০২৬ চনৰ ২৩ অক্টোবৰত নতুন দিল্লীত সফলতাৰে সমাপ্ত হয়। এই সন্মিলনে নিৰাপত্তা খণ্ডৰ শেহতীয়া প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা, সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ বিনিময় আৰু আৰ পি এফ, জি আৰ পি আৰু ৰাজ্যিক আৰক্ষীৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে।
আৰ পি এফ-ৰ সঞ্চালক প্ৰধান শ্ৰীমতী সোণালী মিশ্ৰই অধ্যক্ষতা কৰা এই উচ্চ পৰ্যায়ৰ সন্মিলনত ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সতীশ কুমাৰ, ৰে’লৱে বৰ্ডৰ সদস্যসকল আৰু বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জিআৰপি মুৰব্বীসকলে অংশগ্ৰহণ কৰে।
যাত্ৰীৰ অভিযোগ নিষ্পত্তি, সঠিক সময় অনুসৰি তথ্যৰ বিনিময় আৰু অভিযোগ নিৰীক্ষণ উন্নত কৰাৰ লক্ষ্যৰে চেন্টাৰ ফৰ ৰে’লৱে ইনফৰমেচন ছিষ্টেমছ (চি আৰ আই এছম)-ৰ দ্বাৰা ৰে’ল মদদ মঞ্চত জি আৰ পি-ৰ কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।
ৰে’লপথ তথা যাত্ৰীৰ সুৰক্ষা উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপৰ বিষয়ে বিশদ আলোচনা অনুষ্ঠিত হয়।
দক্ষিণ মধ্য ৰে’লৱেৰ পিংক পেট্ৰ’লঃ আইচ ইন দ্য স্কাই, শক্তি অন দ্য গ্ৰাউণ্ড"ৰ জৰিয়তে শক্তি ৰূপৰেখাৰ অধীনত দ্ৰুত সঁহাৰি দলৰ সৈতে ড্ৰোন-চালিত নিৰীক্ষণৰ ব্যৱস্থা সম্বলিত মহিলা নেতৃত্বাধীন আৰ্হি প্ৰদৰ্শন কৰা হয়।
গুৰুত্বপূৰ্ণ স্থানসমূহত বিশেষ টহল, উন্নত নিৰীক্ষণ, অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, যুৱ প্ৰসাৰ আৰু শক্তিশালী আৰ পি এফ-জি আৰ পি সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰে’লত হোৱা শিলাবৰ্ষণক প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰা হয়। সামূহিক সজাগতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাক গুৰুত্বপূৰ্ণ উপায় হিচাপে স্বীকৃতি দিয়া হয়।
সন্মিলনখনত দীপাৱলী, ছঠ আৰু অন্যান্য উৎসৱৰ সময়ত ভিৰ ব্যৱস্থাপনাৰ বিষয়েও আলোচনা কৰা হয়। উত্তৰ ৰে’লৱেৰ দিল্লী বিভাগে চি চি টি ভি নিৰীক্ষণ, ৰাজহুৱা ঘোষণা, বেৰিকেডিং, নিৰ্ধাৰিত হোল্ডিং অঞ্চল আৰু সমৰ্পিত নিয়ন্ত্ৰণ কক্ষৰ সুবিধাৰ লগতে দিল্লী আৰক্ষী, জিআৰপি আৰু দিল্লী মেট্ৰ’ কৰ্তৃপক্ষৰ সৈতে সমন্বিত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে । ব্যস্ত সময়ত যাত্ৰীসকলৰ সুৰক্ষিত আৰু সুশৃঙ্খল চলাচল নিশ্চিত কৰিবলৈ আগতীয়া পৰিকল্পনা, দক্ষ যাত্ৰী-চলাচল ব্যৱস্থাপনা আৰু নিৰাপত্তা কৰ্মীৰ সমন্বিত নিয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
কেন্দ্ৰীয় ৰে’লৱেৰ পুনে সংমণ্ডলে ৰে’লপথৰ ওচৰত বাস কৰা শিশুসকলক শৈক্ষিক আৰু বিনোদনমূলক কাৰ্যকলাপ, সুৰক্ষা সজাগতা অধিৱেশন আৰু সম্প্ৰদায়ভিত্তিক হস্তক্ষেপৰ জৰিয়তে জড়িত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা দিশা প্ৰকল্প (সুৰক্ষা, সম্প্রীতি আৰু সজাগতাৰ বাবে উৎসর্গীকৃত পদক্ষেপ) ৰ ওপৰত আলোকপাত কৰে । বেচৰকাৰী সংগঠন, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ (এনএছএছ) স্বেচ্ছাসেৱক আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে সহযোগিতাই ৰে'লৱে সুৰক্ষা আৰু দায়িত্বশীল আচৰণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে শিল-নিক্ষেপ, চুৰি, অনধিকাৰ প্ৰৱেশ আৰু অন্যান্য অসুৰক্ষিত কাৰ্যকলাপবোৰক বাধা দিয়ে।
আলোচনাত যুটীয়া আৰ পি এফ-জি আৰ পি প্ৰশিক্ষণ, প্ৰতিবন্ধকতা প্ৰতিৰোধ আৰু মাদক দ্ৰব্যৰ সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে দ্ৰুত তথ্যৰ আদান-প্ৰদান আদি দিশো সামৰি লোৱা হয়। ডিজিটেল প্ৰমাণ পৰিচালনা, প্ৰামাণিক প্ৰক্ৰিয়া, চোৰাংচোৱা তথ্যৰ বিনিময়, অনুসন্ধানমূলক ক্ষমতা শক্তিশালী কৰা আৰু সহায়ক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
সমাৱেশত সম্বোধন কৰি ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু চিইঅ’ই ভাৰতীয় ৰে’লৱেত উদ্ভৱ হোৱা নিৰাপত্তা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ ৰে’লৱে কৰ্তৃপক্ষ, আৰপিএফ, জিআৰপি আৰু ৰাজ্যিক আৰক্ষীৰ মাজত সমন্বিত প্ৰচেষ্টা, প্ৰযুক্তিগত অগ্ৰগতি, উদ্ভাৱন আৰু অংশীদাৰী প্ৰতিশ্ৰুতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে যাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰা, বিনম্ৰ আৰু পেছাদাৰী আৰক্ষী প্ৰশাসন নিশ্চিত কৰা আৰু উৎপাদনশীলতা তথা কাৰ্য্কৰী দক্ষতা বৃদ্ধিৰ বাবে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ৰে’লৱে সুৰক্ষা শক্তিশালী কৰাৰ বাবে চোৰাংচোৱা নেতৃত্বাধীন আৰক্ষী প্ৰশাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ডিজি/আৰ পি এফ-ৰ সামৰণী মন্তব্যৰে সন্মিলনখনৰ অন্ত পৰে।

****
Dharmendra Tewari/ Dr. Nayan Solanki/ Manik Sharma/DD