পোষ্ট কৰা হৈছে:
23 OCT 2026 6:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ মহিলাৰ ছিংগলছ SU5 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তুলসীমথী মুৰুগেশানক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁৰ এই প্ৰদৰ্শন ভাৰতীয় বেডমিণ্টনৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু তেওঁ যাতে এনেদৰেই কঠোৰ পৰিশ্ৰম কৰি নতুন সফলতা অৰ্জন কৰাৰ লগতে দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনে, তাৰে আশা প্ৰকাশ কৰে।
এক্সত কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়ঃ
"এছিয়ান পেৰা গেমছৰ মহিলাৰ ছিংগলছ SU5-ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তুলসীমথী মুৰুগেশানক অভিনন্দন! তেওঁৰ এই প্ৰদৰ্শন ভাৰতীয় বেডমিণ্টনৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁ যাতে এনেদৰেই কঠোৰ পৰিশ্ৰম কৰি নতুন সফলতা অৰ্জন কৰে আৰু দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনেঃ প্ৰধানমন্ত্ৰী @narendramodi"
****
MJPS/SS/PRK/DB