পোষ্ট কৰা হৈছে:
22 OCT 2026 9:54PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ লং জাম্প টি৪৪/টি৬২/টি৬৪ ইভেণ্টত অভূতপূৰ্ব জাঁপেৰে স্বৰ্ণ জয় কৰা ছ’লাইৰাজ ধৰ্মৰাজক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনায়।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ নিজৰেই এছিয়ান ৰেকৰ্ড অতিক্ৰম কৰি পুনৰ এবাৰ অতুলনীয় দক্ষতা আৰু সংকল্প প্ৰদৰ্শন কৰিছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘ছ’লাইৰাজ ধৰ্মৰাজে এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ লং জাম্প টি৪৪/টি৬২/টি৬৪ ইভেণ্টত এক অসাধাৰণ প্ৰদৰ্শনেৰে সোণৰ পদক লাভ কৰিছে। নিজৰেই এছিয়ান ৰেকৰ্ড অতিক্ৰম কৰি তেওঁ পুনৰ এবাৰ নিজৰ অতুলনীয় দক্ষতা আৰু সংকল্প প্ৰদৰ্শন কৰিছে। এই অসাধাৰণ বিজয়ৰ বাবে ছ’লাইৰাজক অভিনন্দন জনাইছো। তেওঁৰ সফলতাই আৰু অধিক শিখৰ স্পৰ্শ কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/PRK/HS