পোষ্ট কৰা হৈছে:
22 OCT 2026 3:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ অক্টোবৰ, ২০২৬ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিন্ময় অমৃত মহোৎসৱ বিশ্ব সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজক উদ্দেশ্যি ভাষণো আগবঢ়াব।
২৩ৰ পৰা ২৫ অক্টোবৰ, ২০২৬লৈকে আয়োজিত এই তিনিদিনীয়া সন্মিলনত দেশ-বিদেশৰ ৯,০০০তকৈও অধিক লোকে অংশগ্ৰহণ কৰিব। বেদান্ত আৰু ভাগৱত গীতাৰ জ্ঞান সকলোৰে বাবে সুলভ কৰি তোলাৰ উদ্দেশ্যৰে ১৯৫১ চনত স্বামী চিন্ময়ানন্দই প্ৰতিষ্ঠা কৰা বিশ্বজনীন আধ্যাত্মিক আন্দোলন 'চিন্ময় মিছন'ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই সন্মিলন আয়োজন কৰা হৈছে। বিগত দশকবোৰত এই মিছনে আধ্যাত্মিক শিক্ষা, সাংস্কৃতিক সংৰক্ষণ, যুৱ সৱলীকৰণ আৰু সমাজসেৱাৰ ক্ষেত্ৰত নিজৰ কাৰ্যসূচী সম্প্ৰসাৰিত কৰিছে।
য়োৱা বছৰ তামিলনাডুৰ গংগৈকোণ্ডা চোলপুৰমত প্ৰধানমন্ত্ৰীয়ে ইল্লায়াৰাজাৰ সঙ্গীতেৰে চিন্ময় মিছনে প্ৰস্তুত কৰা ভাগৱত গীতাৰ তামিল অনুবাদ উন্মোচন কৰাৰ লগে লগে এই বৰ্ষজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ হৈছিল। বিগত বৰ্ষটোত একাধিক স্থানত সামূহিক হৱন, ত্ৰিপুৰাত 'মা সৌন্দৰ্য চিন্ময়ী দেৱালয়'ৰ প্ৰাণ-প্ৰতিষ্ঠা, আৰু 'চিন্ময় গীতা সমৰ্পণম' আদিকে ধৰি কেইবাটাও পদক্ষেপ আৰু কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত বিশ্বৰ ১ লক্ষাধিক লোকে একেলগে অনলাইনযোগে ভাগৱত গীতাৰ পঞ্চদশ অধ্যায় পাঠ কৰিছিল। এই উদযাপনৰ এটা ডাঙৰ পদক্ষেপ আছিল ভাগৱত গীতাৰ পাঁচটা নিৰ্বাচিত শ্লোকক লৈ গঠিত 'গীতা পঞ্চামৃত'। গীতাৰ বাণী সমগ্ৰ দেশতে বিলোৱাৰ উদ্দেশ্যে চিন্ময় যুৱ কেন্দ্ৰৰ ১৫জন যুৱ সদস্যই 'চিন্ময় অমৃত যাত্ৰা' আৰম্ভ কৰি সমগ্ৰ দেশৰ ৪০,০০০ কিলোমিটাৰতকৈও অধিক পথ ভ্ৰমণ কৰে।
***
MJPS/SS/PRK/DB