ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

৬৫সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীৰ নিৰ্বাচিত শিল্পীসকলক ললিত কলা একাডেমী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

যুৱ আৰু উদীয়মান শিল্পীসকলক প্ৰতিভা বিকাশ, নতুন মাধ্যমৰ সন্ধান আৰু সৃষ্টিশীল সম্ভাৱনা সম্প্ৰসাৰণৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা হওক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 21 OCT 2026 3:08PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২১ অক্টোবৰ, ২০২৬) নতুন দিল্লীত অনুষ্ঠিত ৬৫সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীৰ নিৰ্বাচিত শিল্পীসকলক ললিত কলা একাডেমী বঁটা প্ৰদান কৰে।তেওঁ লগতে ২০২৬ চনৰ তৃতীয় ভাৰতীয় ছপা শিল্পৰ দ্বিবাৰ্ষিক প্ৰদৰ্শনীৰ শ্ৰেষ্ঠ বঁটা বিজয়ী আৰু বিশেষ প্ৰশংসা লাভ কৰা শিল্পীসকলকো সম্বৰ্ধনা জনায়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটা প্ৰদান অনুষ্ঠান ভাৰতৰ শিল্পকলাৰ ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু সমসাময়িক সৃষ্টিশীলতাৰ এক উদ্‌যাপন।

 

এই অনুষ্ঠানৰ জৰিয়তে আমি ভাৰতৰ বিভিন্ন শিল্পকলাৰ সমৃদ্ধিশালী পৰম্পৰা, সৃষ্টিশীল শক্তি আৰু নিৰন্তৰ বিকশিত হৈ থকা শিল্পকলাৰ প্ৰকাশভংগীক উদ্‌যাপন কৰিছোঁ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিল্পকলা কেৱল কেনভাছত অংকন কৰা ছবি, শিলত খোদিত ভাস্কৰ্য অথবা বিভিন্ন মাধ্যমৰ জৰিয়তে সৃষ্টি কৰা শিল্পকৰ্মৰ মাজতে সীমাবদ্ধ নহয়।

শিল্পকলা আমাৰ সংস্কৃতিৰ প্ৰতিফলন।ই অতীতৰ স্মৃতি, বৰ্তমানৰ অভিজ্ঞতা আৰু ভৱিষ্যতৰ আকাংক্ষাক প্ৰতিফলিত কৰে।শিল্পকলাই আমাক নতুন দৃষ্টিভংগীৰে নিজৰ সময় আৰু সমাজক উপলব্ধি কৰিবলৈ আৰু বুজিবলৈ সহায় কৰে।দূৰৱৰ্তী অঞ্চলসমূহৰ পৰম্পৰাগত শিল্পীসকলক নতুন প্ৰযুক্তি আৰু সমসাময়িক শিল্পকলাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

 

ইয়াৰ ফলত শিল্পীসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে বহল পৰিসৰৰ মঞ্চত অনুষ্ঠিত প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজিৰ পৃথিৱীত শিল্পীসকলৰ কেৱল সৃষ্টিশীলতাৰ সুযোগেই নহয়, আৰ্থিক সহায়, বৃহত্তৰ বজাৰত প্ৰৱেশৰ সুবিধা আৰু শিল্পকৰ্ম সংগ্ৰাহকসকলৰ সৈতে সংযোগ স্থাপনৰো প্ৰয়োজন।  

 

ললিত কলা একাডেমী আৰু সংস্কৃতি মন্ত্ৰালয়ে শিল্পকৰ্মৰ বিক্ৰীক উৎসাহিত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ কথা জানি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিল্পকলাক কেৱল কলা প্ৰদৰ্শনীশালাৰ মাজতে সীমাবদ্ধ কৰি ৰখা উচিত নহয়।শিল্পকলাই বিদ্যালয়, বিশ্ববিদ্যালয়, ৰাজহুৱা স্থান আৰু সমাজৰ বৃহত্তৰ অংশৰ মাজলৈ প্ৰসাৰ লাভ কৰিব লাগে।

 

যুৱ আৰু উদীয়মান শিল্পীসকলক নিজৰ প্ৰতিভা বিকাশ, নতুন নতুন মাধ্যমৰ সন্ধান আৰু সৃষ্টিশীল সম্ভাৱনা সম্প্ৰসাৰণৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

Please click here to see the President’s Speech

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2326340) অতিথি কক্ষ : 5