প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক বিজয়ী আয়ুষ বাৰ্মাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
21 OCT 2026 6:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৩ শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে আয়ুষ বাৰ্মাক অভিনন্দন জনায়।
শ্বটপুটত স্বৰ্ণ আৰু জেভেলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি আয়ুষে নিজৰ প্ৰথম এছিয়ান পেৰা গেমছ অভিযান দুটা পদকেৰে সামৰণি মাৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এয়া প্ৰতিভা, বহুমুখী দক্ষতা আৰু দৃঢ় সংকল্পৰ এক সুন্দৰ নিদৰ্শন।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আগন্তুক ক্ৰীড়া জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰে।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—
“২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৩ শাখাত উৎকৃষ্ট নিক্ষেপেৰে স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে আয়ুষ বাৰ্মাক অভিনন্দন জনাইছোঁ।
শ্বটপুটত স্বৰ্ণ আৰু জেভেলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি আয়ুষে নিজৰ প্ৰথম এছিয়ান পেৰা গেমছ অভিযান দুটা পদকেৰে সামৰণি মাৰিছে।এয়া প্ৰতিভা, বহুমুখী দক্ষতা আৰু দৃঢ় সংকল্পৰ সঁচাকৈয়ে এক সুন্দৰ নিদৰ্শন।
তেওঁৰ আগন্তুক ক্ৰীড়া জীৱনৰ বাবে আন্তৰিক শুভকামনা জনালোঁ।”
@narendramodi"
****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2326310)
অতিথি কক্ষ : 3