প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত সোণৰ পদক জয় কৰা ছিমৰণক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
21 OCT 2026 8:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছত মহিলাৰ ১০০ মিটাৰ টি১২ শাখাত অসাধাৰণ সময়ৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰি আৰু প্ৰতিযোগিতাখনৰ নতুন অভিলেখ স্থাপন কৰি সোণৰ পদক জয় কৰা ছিমৰণক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে কয় যে ছিমৰণৰ গতি, দৃঢ় সংকল্প আৰু ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতা অৰ্জনৰ প্ৰতি থকা নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ ছিমৰণৰ আগন্তুক দিনবোৰতো একেৰাহে সফলতা লাভৰ কামনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত এইদৰে উল্লেখ কৰে—
“২০২৬ চনৰ এছিয়ান পেৰা গেমছত মহিলাৰ ১০০ মিটাৰ টি১২ শাখাত অসাধাৰণ সময়ৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰি আৰু প্ৰতিযোগিতাখনৰ নতুন অভিলেখ স্থাপন কৰি সোণৰ পদক জয় কৰা ছিমৰণক অভিনন্দন!
তেওঁৰ গতি, দৃঢ় সংকল্প আৰু ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতা অৰ্জনৰ প্ৰতি থকা নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। আগন্তুক দিনবোৰতো তেওঁ যাতে একেৰাহে সফলতা লাভ কৰি যাব পাৰে, তাৰ বাবে শুভকামনা জনালোঁ।”
@narendramodi"
****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2326292)
অতিথি কক্ষ : 5