পোষ্ট কৰা হৈছে:
19 OCT 2026 10:09PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ টি-৪৭ শাখাৰ লং জাম্পত অসাধাৰণ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰা নিশাদ কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শাখাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই স্বৰ্ণ পদক অৰ্জন কৰাটোৱে তেওঁৰ এই সাফল্যক আৰু অধিক বিশেষ কৰি তুলিছে।
তেওঁ নিশাদ কুমাৰৰ বহুমুখী প্ৰতিভা, দৃঢ় সংকল্প আৰু ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতাৰ ভূয়সী প্ৰশংসা কৰে। লগতে, ভৱিষ্যতৰ সকলো প্ৰচেষ্টাতে তেওঁ যাতে সফলতা অৰ্জন কৰে তাৰ বাবে আন্তৰিক শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে লিখিছে—
“এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ টি-৪৭ শাখাৰ লং জাম্পত অসাধাৰণ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰা নিশাদ কুমাৰৰ বাবে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। এই শাখাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই স্বৰ্ণ পদক অৰ্জন কৰাটোৱে তেওঁৰ এই সাফল্যক আৰু অধিক বিশেষ কৰি তুলিছে।তেওঁৰ বহুমুখী প্ৰতিভা, দৃঢ় সংকল্প আৰু ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক।আগন্তুক দিনবোৰত তেওঁৰ সকলো প্ৰচেষ্টাৰেই সফলতা কামনা কৰিলোঁ।”
@narendramodi”
***
MJPS/SS/ST/DM