প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা সোনলবেন পেটেলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 20 OCT 2026 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ ব্যক্তিগত শ্ৰেণী -৩ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে সোনলবেন পেটেলক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছৰ সাফল্যত তেওঁ প্ৰথমটো ব্যক্তিগত পদক যোগ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ ক্ৰীড়া যাত্ৰাৰ এই বিশেষ মুহূৰ্তটো বহু বছৰৰ নিষ্ঠা, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফলত সম্ভৱ হৈছে।  প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘এছিয়ান পেৰা গেমছত সোনলবেন পেটেলৰ সাফল্যত আনন্দিত হৈছো! এছিয়ান পেৰা গেমছৰ কৃতিত্বত প্ৰথমটো ব্যক্তিগত পদক যোগ কৰি তেওঁ মহিলাৰ ব্যক্তিগত শ্ৰেণী ৩ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে। এয়া তেওঁৰ ক্ৰীড়া যাত্ৰাৰ এক বিশেষ মুহূৰ্ত, যি বছৰ বছৰ ধৰি নিষ্ঠা, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সম্ভৱ হৈছেঃ প্ৰধানমন্ত্ৰী@narendramodi’

*****

MJPS/SS/VJ/PRK/MK


(ৰিলিজ আই ডি : 2325630) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam