ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বিজয়া দশমীৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 19 OCT 2026 7:02PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিজয়া দশমীৰ প্ৰাকক্ষণত দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়—

“বিজয়া দশমীৰ পৱিত্ৰ উপলক্ষ্যত দেশত আৰু বিদেশত বাস কৰা সকলো ভাৰতীয়লৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিজয়া দশমী উৎসৱৰ বিশেষ তাৎপৰ্য আছে। এই উৎসৱে ৰাৱণৰ বিৰুদ্ধে ভগৱান শ্ৰী ৰামৰ বিজয়ৰ প্ৰতীক বহন কৰে। ভগৱান শ্ৰী ৰামক ধৰ্মনিষ্ঠা আৰু নৈতিক আচৰণৰ মূৰ্ত প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। এই উৎসৱে অধৰ্ম আৰু অন্যায়ৰ ওপৰত ধৰ্ম আৰু ন্যায়ৰ বিজয় উদ্‌যাপন কৰে।ভাৰতীয় সংস্কৃতিৰ ভেটি নৈতিকতা আৰু কৰ্তব্যবোধৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। এই পৱিত্ৰ উপলক্ষ্যত আহক, আমি আমাৰ সাংস্কৃতিক পৰম্পৰাৰ মহান আদৰ্শসমূহ ৰক্ষা কৰাৰ সংকল্প গ্ৰহণ কৰোঁ আৰু এখন সৰ্বাংগীন সুন্দৰ সমাজ তথা এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাওঁ। এই পৱিত্ৰ উপলক্ষ্যত মই সকলো নাগৰিকৰ সুখ, সুস্বাস্থ্য আৰু মংগল কামনা কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

 

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2325322) অতিথি কক্ষ : 7