গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ মন্তৰ আৰু দিল্লীৰ বাহিৰৰ ঠাইসমূহত সংঘটিত হিংসাত্মক ঘটনাৰ সকলো দিশৰ তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন কৰি দিছে

ক্ষতিগ্ৰস্ত আৰক্ষী জোৱানকে ধৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতিয়ে মুকলি কৰিছে এটা পৰ্টেল http://hpec.nic.in

উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতিয়ে ২০২৬ চনৰ ১৮ আগষ্টৰ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ আদেশৰ ১২ আৰু ১৩ নং অনুচ্ছেদ আৰু ১০ ছেপ্টেম্বৰ, ২০২৬ তাৰিখৰ আদেশৰ অনুচ্ছেদ ৫(i)ৰ অধীনত সকলো বিষয় পৰীক্ষা কৰিব

পেলেট গান ব্যৱহাৰ, মহিলা প্ৰতিবাদকাৰীক লক্ষ্য কৰি হিংসা আৰু হাৰাশাস্তি, দুয়োপক্ষৰ পৰা হোৱা অত্যধিক হিংসা আৰু সম্পত্তি ধ্বংস আদি বিষয়সমূহক অগ্ৰাধিকাৰ দিয়া হ’ব

পৰ্টেলক এনেদৰে সজোৱা হৈছে যাতে দুৰ্বল সাক্ষীসকলক উপযুক্ত সুৰক্ষা প্ৰদান কৰিব পৰা যায় আৰু লগতে চিনাক্তকৰণসমূহ গোপনীয় তথা অপ্ৰকাশিত ৰখা হয়, যদিহে আক্ৰান্ত ব্যক্তিসকলে তেনেদৰে বিচাৰে

আক্ৰান্ত ব্যক্তি আৰু অন্যান্য অংশীদাৰসকলক পৰ্টেলটো ব্যৱহাৰ কৰিবলৈ আৰু প্ৰযোজ্য বিন্যাস ব্যৱহাৰ কৰি তেওঁলোকৰ অভিযোগ/প্ৰতিনিধিত্ব আপলোড কৰিবলৈ উৎসাহিত কৰা হৈছে

পোষ্ট কৰা হৈছে: 17 OCT 2026 5:22PM by PIB Guwahati

ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ মন্তৰ আৰু দিল্লীৰ বাহিৰৰ ঠাইত সংঘটিত হোৱা হিংসাৰ সৈতে জড়িত সকলো দিশৰ তদন্তৰ বাবে এখন উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি ( এইচ পি ই চি) গঠন কৰি দিছে। ক্ষতিগ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে, ক্ষতিগ্ৰস্ত আৰক্ষী জোৱান সকলৰ সুবিধাৰ্থে এইচ পি ই চিয়ে মুকলি কৰিছে এটা পৰ্টেল http://hpec.nic.in ।

এইচ পি ই চিয়ে ২০২৬ চনৰ ১৮ আগষ্টৰ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ আদেশৰ ১২ আৰু ১৩ নং অনুচ্ছেদ আৰু ১০ ছেপ্টেম্বৰ, ২০২৬ তাৰিখৰ আদেশৰ অনুচ্ছেদ ৫(i)ৰ অধীনত সকলো বিষয় পৰীক্ষা কৰিব। পেলেট গানৰ ব্যৱহাৰ, মহিলা প্ৰতিবাদকাৰীক লক্ষ্য কৰি হিংসা আৰু হাৰাশাস্তি, দুয়োপক্ষৰ পৰা হোৱা হিংসা আৰু সম্পত্তি ধ্বংস আদি বিষয়সমূহক অগ্ৰাধিকাৰ দিয়া হ’ব।

পৰ্টেলটো এনেদৰে সজোৱা হৈছে যাতে দুৰ্বল সাক্ষীসকলক উপযুক্ত সুৰক্ষা প্ৰদান কৰিব পৰা যায় আৰু লগতে ক্ষতিগ্ৰস্ত ব্যক্তিসকলে ইচ্ছা কৰিলে পৰিচয়সমূহ গোপনীয় আৰু অপ্ৰকাশিত কৰি ৰাখিব  পাৰে। আক্ৰান্ত ব্যক্তি আৰু অন্যান্য অংশীদাৰসকলক পৰ্টেলত প্ৰৱেশ কৰিবলৈ আৰু বিন্যাস সমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ অভিযোগ/প্ৰতিনিধিত্বৰ বিষয়ে তথ্য  আপলোড কৰিবলৈ উৎসাহিত কৰা হৈছে।

ওপৰৰ কথাখিনিৰ বাহিৰেও ১৮ আগষ্ট ২০২৬ আৰু ১০ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ আদেশৰ অধীনত এইচ পি ই চিলৈ উল্লেখ কৰা বিষয়সমূহৰ সৈতে জড়িত তথ্য/পৰামৰ্শ দিব বিচৰা যিকোনো ব্যক্তিয়েও পূৰ্বতে উল্লেখ কৰা পৰ্টেলৰ জৰিয়তে সেয়া  দিব পাৰিব । যিসকলে অভিযোগ, প্ৰতিনিধিত্ব আৰু অন্যান্য প্ৰাসংগিক সামগ্ৰী দাখিল কৰিব বিচাৰে, তেওঁলোকে দিনৰ ২-৪ বজাৰ ভিতৰত শিক্ষা সদন, ১৭, ৰাউজ এভিনিউ ইনষ্টিটিউশ্যনেল এৰিয়া, নতুন দিল্লী ১১০০০২ত থকা এইচ পি ই চিৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব। সকলো কৰ্মদিনতে সেয়া জমা দিব পাৰিব। জমা দিয়া তথ্যসমূহ ওপৰৰ ঠিকনাত ডাকযোগে বা hpec2026.enquiry[at]nic[dot]in ত ইমেইলযোগেও প্ৰেৰণ কৰিব পাৰিব।

 

***

RK/RR/PS/PR/DM


(ৰিলিজ আই ডি : 2324752) অতিথি কক্ষ : 26