ৰেল মন্ত্ৰালয়
ৰে’ল ভৱনত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এছিয়ান গেমছ ২০২৬-ৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় মহিলা কাবাডী দলক সাক্ষাৎ
স্বৰ্ণ পদক বিজয়েৰে ত্ৰিৰংগাক গৌৰৱান্বিত কৰা ভাৰতীয় ৰে’লৱেৰ মহিলা খেলুৱৈসকলক কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ অভিনন্দন
ৰে’লৱে ক্ৰীড়া প্ৰসাৰ ব’ৰ্ডৰ জৰিয়তে ক্ৰীড়া প্ৰতিভাৰ পৃষ্ঠপোষকতা ভাৰতীয় ৰে’লৱেৰ
পোষ্ট কৰা হৈছে:
16 OCT 2026 7:09PM by PIB Guwahati
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰে’ল ভৱনত ভাৰতীয় মহিলা কাবাডী দলৰ সদস্যসকলক সাক্ষাৎ কৰে। জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত ২০২৬ চনৰ এছিয়ান গেমছত দলটোৱে স্বৰ্ণ পদক লাভ কৰে।
২৬ ছেপ্টেম্বৰ ২০২৬ তাৰিখে অনুষ্ঠিত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেলত ইৰাণক ৩৭-৩৪ পইণ্টত পৰাস্ত কৰি ভাৰতৰ মহিলা কাবাডী দলে স্বৰ্ণ পদক সুৰক্ষিত কৰাৰ লগতে সফলতাৰে নিজৰ এছিয়ান গেমছৰ খিতাপ অক্ষুণ্ণ ৰাখে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী বৈষ্ণৱে স্বৰ্ণ পদক বিজয়ৰ বাবে ভাৰতীয় ৰেলৱেৰ মহিলা খেলুৱৈসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ নিষ্ঠা, দৃঢ়তা আৰু ক্ৰীড়া নৈপুণ্যৰে ত্ৰিৰংগাক গৌৰৱান্বিত কৰাৰ লগতে দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবে খেলুৱৈসকলক প্ৰশংসা কৰে। দলটোক প্ৰশিক্ষণ দিছিল নীতা মোৰেশ্বৰ দাদৱেই আৰু নেতৃত্ব দিছিল অধিনায়ক পুষ্পা ৰাণাই।
মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা ৰেলৱেৰ খেলুৱৈসকলৰ ভিতৰত আছিল দক্ষিণ মধ্য ৰে’লৱেৰ মুখ্য প্ৰশিক্ষক নীতা মোৰেশ্বৰ দাদৱে; দক্ষিণ মধ্য ৰে’লৱেৰ ৰিতু নেগী; উত্তৰ ৰে’লৱেৰ পূজা; দক্ষিণ মধ্য ৰে’লৱেৰ পিংকী ৰয়; আৰু পশ্চিম ৰে’লৱেৰ সোণালী বিষ্ণু শিংগাতে তথা ৰাজ ৰাণী।
ভাৰতীয় ৰে’লৱেয়ে ৰেলৱে ক্ৰীড়া প্ৰসাৰ ব’ৰ্ডৰ জৰিয়তে ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ এক দীঘলীয়া ইতিহাস কঢ়িয়াই আনিছে। ইয়াৰ খেলুৱৈসকলে অলিম্পিক গেমছ, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছকে ধৰি প্ৰধান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। প্ৰতিষ্ঠানিক সহায়-সহযোগিতা আৰু চাকৰিৰ সমান্তৰালভাৱে ক্ৰীড়া জীৱন আগুৱাই লৈ যোৱাৰ সুযোগ প্ৰদানৰ জৰিয়তে ভাৰতীয় ৰে’লৱেই দেশত ক্ৰীড়া প্ৰতিভাৰ বিকাশত ধাৰাবাহিকভাৱে অৱদান আগবঢ়াই আহিছে।

*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/ Manik Sharma/MM
(ৰিলিজ আই ডি : 2324715)
অতিথি কক্ষ : 11