স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ছয় মাহ বয়সলৈকে শিশুৰ বাবে উৎপাদিত খাদ্যত ছুক্ৰ’জ আৰু ফ্ৰুক্ট’জ যোগ কৰাত বাধা আৰোপ কৰি শিশু পুষ্টিৰ মানদণ্ড সুদৃঢ় কৰাৰ দিশত এফএছএছএআইৰ পদক্ষেপ

প্ৰাৰম্ভিক শৈশৱ কালত অতিৰিক্ত চেনি যোগ কৰাৰ বিৰুদ্ধে অধিক সুৰক্ষামূলক ব্যৱস্থাৰ প্ৰস্তাৱ এফএছএছএআইৰ, শিশু পুষ্টি নিয়মাৱলীৰ খচৰা সংশোধনী জাননী জাৰি

প্ৰস্তাৱিত নিষেধাজ্ঞাৰ লক্ষ্য হৈছে উপযুক্ত শিশু পুষ্টিক উৎসাহিত কৰা আৰু জীৱনৰ প্ৰথম অতি গুৰুত্বপূৰ্ণ ছয়টা মাহত স্বাস্থ্যকৰ বৃদ্ধি তথা বিকাশত সহায় কৰা

এই পদক্ষেপে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, শিশু পুষ্টি আৰু দীৰ্ঘম্যাদী সুস্বাস্থ্য তথা কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ দৃঢ় কৰিছে

পোষ্ট কৰা হৈছে: 17 OCT 2026 1:59PM by PIB Guwahati

শিশুসকলৰ পুষ্টিজনিত সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব্ ইণ্ডিয়া (এফএছএছএআই)-য়ে খাদ্য সুৰক্ষা আৰু মানদণ্ড (শিশুৰ পুষ্টিৰ বাবে খাদ্য) নিয়মাৱলী, ২০২০-ৰ এক খচৰা সংশোধনী প্ৰকাশ কৰিছে, য’ত ছয় মাহ বয়সলৈকে শিশুৰ বাবে নিৰ্ধাৰিত খাদ্য সামগ্ৰীত ছুক্ৰ’জ আৰু ফ্ৰুক্ট’জ যোগ কৰাটো নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

১৬ অক্টোবৰ ২০২৬ তাৰিখে ভাৰতৰ ৰাজপত্ৰত প্ৰকাশিত খাদ্য সুৰক্ষা আৰু মানদণ্ড (শিশুৰ পুষ্টিৰ বাবে খাদ্য) সংশোধনী নিয়মাৱলী, ২০২৬-ৰ খচৰাখনৰ উদ্দেশ্য হৈছে শিশু পুষ্টিৰ খাদ্য সামগ্ৰীসমূহ যাতে বয়স-উপযোগী পুষ্টিৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰা হয় সেয়া নিশ্চিত কৰি বৰ্তমানৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থাক অধিক শক্তিশালী কৰা, যাৰ মূল লক্ষ্য হৈছে জীৱনৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত অতিৰিক্ত চেনিৰ সংস্পৰ্শ ন্যূনতম কৰা।

বৰ্তমানৰ নিয়মাৱলীসমূহে জন্মৰ পৰা ২৪ মাহ বয়সলৈকে শিশুৰ বাবে নিৰ্ধাৰিত শিশু পুষ্টি সামগ্ৰীৰ বিভিন্ন শ্ৰেণীৰ বাবে এক বিস্তৃত পুষ্টি উপাদান, গুণগত মান আৰু সুৰক্ষা মানদণ্ড নিৰ্ধাৰণ কৰিছে। বৰ্তমানৰ ব্যৱস্থা অনুসৰি লেক্ট’জ আৰু গ্লুক’জ পলিমাৰ হৈছে কাৰ্ব’হাইড্ৰেটৰ বাবে অগ্ৰাধিকাৰপ্ৰাপ্ত উৎস, আনহাতে কাৰ্ব’হাইড্ৰেটৰ উৎস হিচাপে প্ৰয়োজন হ’লেহে নিৰ্ধাৰিত সীমাৰ অধীনত ছুক্ৰ’জ আৰু/বা ফ্ৰুক্ট’জ যোগ কৰিব পাৰি।

এই ব্যৱস্থাসমূহৰ ভিত্তিত খচৰা সংশোধনীয়ে ছয় মাহ বয়সলৈকে শিশুৰ বাবে নিৰ্ধাৰিত খাদ্য সামগ্ৰীত ছুক্ৰ’জ আৰু ফ্ৰুক্ট’জ যোগ কৰাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱ দিছে। প্ৰস্তাৱিত ব্যৱস্থাত কোৱা হৈছে যে "৬ মাহ বয়সলৈকে শিশুৰ বাবে নিৰ্ধাৰিত খাদ্য সামগ্ৰীত ছুক্ৰ’জ আৰু ফ্ৰুক্ট’জ যোগ কৰা নহ’ব"।

জীৱনৰ প্ৰথম ছয় মাহ স্বাস্থ্যকৰ বৃদ্ধি আৰু বিকাশৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সময়, যাৰ বাবে উপযুক্ত পুষ্টি বিশেষভাৱে প্ৰয়োজনীয়। প্ৰস্তাৱিত নিষেধাজ্ঞাৰ লক্ষ্য হৈছে অপ্ৰয়োজনীয়ভাৱে ছুক্ৰ’জ আৰু ফ্ৰুক্ট’জ যোগ নকৰাকৈ শিশু পুষ্টি সামগ্ৰীসমূহে যাতে এই বয়সৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰে সেয়া নিশ্চিত কৰা। শৈশৱকালৰ মেদবহুলতা আৰু ইয়াৰ সৈতে জড়িত স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ দৰে খাদ্যজনিত আশংকাকে ধৰি অতি সোনকালে অতিৰিক্ত চেনি গ্ৰহণ কৰাৰ সৈতে জড়িত উদ্বেগসমূহ দূৰ কৰিবলৈ চলোৱা ব্যাপক জনস্বাস্থ্য প্ৰচেষ্টাক সমৰ্থন জনোৱাটোও এই পদক্ষেপৰ উদ্দেশ্য।

এই পদক্ষেপে জীৱনৰ প্ৰথম ছয় মাহত কেৱল মাতৃদুগ্ধ পান কৰোৱাক উৎসাহিত কৰাৰ বাবে সুপ্ৰতিষ্ঠিত জনস্বাস্থ্য পৰামৰ্শসমূহক সহায় কৰে। শিশু পুষ্টি সামগ্ৰীৰ মানদণ্ড সুদৃঢ় কৰি প্ৰস্তাৱিত সংশোধনীয়ে শিশুৰ উপযুক্ত খাদ্য খোৱাৰ অভ্যাসক সমৰ্থন জনোৱাৰ লগতে উৎপাদকসকলক এনে প্ৰস্তুতকৰণ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব বিচাৰে যিয়ে কম বয়সীয়া শিশুৰ নিৰ্দিষ্ট পুষ্টিৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ে।

প্ৰস্তাৱিত নিয়ন্ত্ৰণমূলক পদক্ষেপে বিজ্ঞানভিত্তিক খাদ্য মানদণ্ড, দায়িত্বশীলভাৱে খাদ্য প্ৰস্তুতকৰণ আৰু প্ৰতিৰোধমূলক পুষ্টিৰ প্ৰতি এফএছএছএআইৰ ধাৰাবাহিক গুৰুত্বক প্ৰতিফলিত কৰে। ই দেশৰ ব্যাপক জনস্বাস্থ্য অগ্ৰাধিকাৰৰ এক অবিচ্ছেদ্য অংগ হিচাপে জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই শিশুসকলৰ পুষ্টিজনিত সুস্থতা সুৰক্ষিত কৰাৰ গুৰুত্বকো আলোকপাত কৰে।

 

"অধিসূচনাখন অন্তৰ্ভুক্ত থকা চৰকাৰী ৰাজপত্ৰৰ অনুলিপিসমূহ সৰ্বসাধাৰণৰ বাবে উপলব্ধ কৰা তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত অংশীদাৰসকলৰ পৰা আপত্তি আৰু পৰামৰ্শ আহ্বান কৰি, ৰাজহুৱা পৰামৰ্শৰ বাবে খচৰা অধিসূচনাখন প্ৰকাশ কৰা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰাপ্ত মতামতসমূহ সংশোধনী চূড়ান্ত কৰাৰ পূৰ্বে এফএছএছএআইয়ে বিবেচনা কৰিব।

গেজেট জাননীখন ইয়াত উপলব্ধ:

https://egazette.gov.in/(S(3nckv5a5rxblmebm3laawlkr))/ViewPDF.aspx

 

 

****

SR/MM


(ৰিলিজ আই ডি : 2324711) অতিথি কক্ষ : 6