উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

সংগীত পৰিচালক দেৱাৰ পৰলোকপ্ৰাপ্তিত উপ ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 17 OCT 2026 3:39PM by PIB Guwahati

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণে প্ৰখ্যাত সংগীত পৰিচালক দেৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোক বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে কয় যে দেৱাই নিজৰ অনন্য সংগীত শৈলী আৰু মানুহৰ জীৱন তথা আৱেগক প্ৰতিফলিত কৰা জনপ্ৰিয় 'গানা' গীতসমূহৰ জৰিয়তে তামিল চলচ্চিত্ৰ উদ্যোগত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁ উল্লেখ কৰে যে দেৱাই তামিল, তেলেগু, মালয়ালম আৰু কন্নড় ভাষাত ৪০০ তকৈও অধিক চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰি ভাৰতীয় চিনেমালৈ এক চিৰস্থায়ী অৱদান আগবঢ়াই গৈছে।

উপ ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে দেৱাৰ স্মৰণীয় সৃষ্টিৰাজি আৰু 'গানা' সংগীতলৈ তেওঁৰ বিশিষ্ট অৱদান প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সংগীতপ্ৰেমীসকলে সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। তেওঁ সংগীত পৰিচালকগৰাকীৰ মৃত্যুক তামিল চলচ্চিত্ৰ আৰু সংগীত উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।

শ্ৰী চিপি ৰাধাকৃষ্ণণে শোকসন্তপ্ত পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, চলচ্চিত্ৰ জগতৰ সদস্যসকল আৰু সংগীতপ্ৰেমীসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

 

***

PR/ASM/VM/MM


(ৰিলিজ আই ডি : 2324708) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Malayalam