উপ-ৰাষ্ট্ৰপতি সচিবালয়
কাৰৱাৰত ভাৰতীয় নৌবাহিনীৰ প্ৰথমখন থলুৱা বহুকাৰ্য্যক্ষমতাসম্পন্ন জাহাজ আই এন এছ সমৰ্থৰ শুভাৰম্ভ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণৰ
৭৫ শতাংশতকৈও অধিক থলুৱা সামগ্ৰীৰে নিৰ্মিত আই এন এছ সমৰ্থকে প্ৰতিৰক্ষা উৎপাদনত ভাৰতৰ বৰ্ধিত আত্মনিৰ্ভৰশীলতাক প্ৰতিফলিত কৰেঃ উপ-ৰাষ্ট্ৰপতি
"ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ভাৰতীয় নৌবাহিনী সদায়ে সতৰ্ক আৰু যুদ্ধৰ বাবে সষ্টম হৈ আছে": উপ-ৰাষ্ট্ৰপতি
"আই এন এছ সমৰ্থকে ভাৰতৰ ব্যক্তিগত জাহাজ নিৰ্মাণ উদ্যোগৰ বৰ্ধিত ভূমিকা প্ৰতিফলিত কৰিছে": উপ-ৰাষ্ট্ৰপতি
"কাৰৱাৰ ভাৰতৰ গৌৰৱোজ্জ্বল সামুদ্ৰিক ঐতিহ্য আৰু ইয়াৰ সামুদ্ৰিক ভৱিষ্যত দুয়োটাৰে প্ৰতীক": উপ-ৰাষ্ট্ৰপতি
পোষ্ট কৰা হৈছে:
16 OCT 2026 3:08PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি কৰ্ণাটকৰ কাৰৱাৰত ভাৰতীয় নৌবাহিনীৰ প্ৰথমখন থলুৱা বহুকাৰ্য্য ক্ষমতা সম্পন্ন জাহাজ আই এন এছ সমৰ্থকৰ কাম কাজৰ শুভাৰম্ভ কৰে। প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতা আৰু উন্নত থলুৱা নৌ সামৰ্থ্যৰ বিকাশৰ দিশত ভাৰতৰ যাত্ৰাত এই পদক্ষেপ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
সমাৱেশত সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে নিৰ্মিত আই এন এচ সমৰ্থকে ভাৰতৰ ঔদ্যোগিক, প্ৰযুক্তিগত আৰু জাহাজ নিৰ্মাণ ক্ষমতাৰ বৰ্ধিত শক্তিক প্ৰতিফলিত কৰে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা এতিয়া কেৱল এক আকাংক্ষা হোৱাৰ পৰিবৰ্তে এক উদীয়মান বাস্তৱ বুলি অভিহিত কৰি উপ ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ কৌশলগত স্বায়ত্তশাসন আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীলৈ এইসমূহে অৰিহণা যোগায় বুলি উল্লেখ কৰে ।
ভাৰতৰ সমৃদ্ধ সামুদ্ৰিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে ভাৰত মহাসাগৰ আৰু দক্ষিণ-পূব এছিয়াত ভাৰতৰ সামুদ্ৰিক প্ৰভাৱ বিস্তাৰিত কৰা ছত্ৰপতি শিৱাজী মহাৰাজ আৰু চোল ৰাজবংশৰ নৌ পৰম্পৰাৰ কথা স্মৰণ কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে ভাৰতীয় নৌ বাহিনীক প্ৰশংসা কৰে। তেওঁ লগতে ভাৰত মহাসাগৰ অঞ্চলত জলদস্যু বিৰোধী অভিযান, ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰা আৰু মানৱীয় সহায় তথা দুৰ্যোগ সাহায্য অভিযানৰ ক্ষেত্ৰত প্ৰথম সঁহাৰি দিয়াৰ লগতে পছন্দৰ নিৰাপত্তা অংশীদাৰ হিচাপে বাহিনীটোৰ ভূমিকাৰ প্ৰশংসা কৰে ।
আই এন এছ সমৰ্থকৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এই জাহাজখনে পৰৱৰ্তী প্ৰজন্মৰ অস্ত্ৰ-শস্ত্ৰ, সংবেদক আৰু উদীয়মান প্ৰযুক্তিৰ পৰীক্ষা আৰু মূল্যায়নৰ বাবে এক বহুমুখী মঞ্চ হিচাপে কাম কৰিব। ইয়াৰ ক্ষমতাসমূহে সামুদ্ৰিক নিৰীক্ষণ আৰু পুনৰীক্ষণ, উপকূলীয় টহল, লক্ষ্য উৎক্ষেপণ আৰু পুনৰুদ্ধাৰ, মানৱ বিহীন ব্যৱস্থাৰ সৈতে জড়িত অভিযান, আৰু মানৱীয় সহায় তথা দুৰ্যোগ সাহায্যকো সমৰ্থন কৰিব। এনে এক মঞ্চই নৌ বাহিনীক উদীয়মান প্ৰযুক্তিগত উন্নয়নৰ সৈতে অধিক দ্ৰুতগতিত খাপ খোৱাত সক্ষম কৰাৰ লগতে থলুৱা উদ্ভাৱনক কাৰ্য্যকৰী ক্ষমতালৈ ৰূপান্তৰিত কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
কাৰৱাৰৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে গভীৰ প্ৰাকৃতিক বন্দৰ আৰু আৰৱ সাগৰৰ সান্নিধ্যই ইয়াক ভাৰতৰ সামুদ্ৰিক সুৰক্ষা স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে গঢ়ি তুলিছে। তেওঁ অঞ্চলটোৰ বাবে বিস্তৃত অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লগতে জাহাজ আৰু ছাবমেৰিনৰ আধাৰ আৰু বহনক্ষম কৰি ৰখাৰ বাবে নৌবাহিনীৰ ক্ষমতা বৃদ্ধি কৰা ছিবাৰ্ড প্ৰকল্পৰ অধীনত চলি থকা আধুনিক নৌ আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত আলোকপাত কৰে ।
উপ-ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় নৌবাহিনী, প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ, ব্যক্তিগত শ্বিপয়াৰ্ড, ডি আৰ ডি অ', শৈক্ষিক খণ্ড, এম এছ এম ই আৰু ষ্টাৰ্ট-আপৰ মাজত বৰ্ধিত অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই প্ৰকল্পটোত আগবঢ়োৱা অৱদানৰ বাবে লাৰ্চেন এণ্ড টুব্ৰ’ (এল এণ্ড টি) ক প্ৰশংসা কৰি তেওঁ থলুৱা নৌ সামৰ্থ্য গঢ়ি তোলাত নৌবাহিনীৰ শৈলী প্ৰস্তুত, উৎপাদন কৰ্তৃপক্ষ, শ্বিপয়াৰ্ড পেছাদাৰী, অভিযন্তা, কৌশলীসকল, যোগান ধৰোঁতা আৰু আনুষংগিক উদ্যোগসমূহৰ প্ৰচেষ্টাৰ শলাগ লয়।
নৌসেনা প্ৰধান এডমিৰেল কৃষ্ণ স্বামীনাথন, ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চিফ ভাইস-এডমিৰেল সঞ্জয় বৎসায়ন, নিয়ন্ত্ৰক যুদ্ধ জাহাজ উৎপাদন আৰু অধিগ্রহণৰ ভাইচ-এডমিৰেল সঞ্জয় সাধু, ফ্লেগ অফিচাৰ (কৰ্ণাটক) ৰিয়াৰ এডমিৰেল বিক্ৰম মেনন, এল এণ্ড টিৰ জাহাজ নিৰ্মাণৰ মুৰব্বী অৱসৰপ্ৰাপ্ত ৰিয়াৰ এডমিৰেল জি কে হৰিশ, আই এন এছ সমৰ্থকৰ কমাণ্ডিং অফিচাৰ কমাণ্ডাৰ সুশীল কুমাৰ সিং, ভাৰতীয় নৌসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য বিশিষ্ট অতিথিসকলে এই অনুষ্ঠানত উপস্থিত থাকে।
***
PR/ASM/VMJ/DD
(ৰিলিজ আই ডি : 2324382)
অতিথি কক্ষ : 9