গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

জনসাধাৰণৰ অংশগ্ৰহণ আৰু বৈজ্ঞানিক তথ্য সংগ্ৰহ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে প’ৰ্টেল মুকলি কৰিলে জনগাঁথনিগত পৰিৱৰ্তন সম্পৰ্কীয় উচ্চ-স্তৰীয় সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰে

এই ৱেব প’ৰ্টেলটো https://demography.mha.gov.in ত উপলব্ধ, যিটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ লগতে জনসাধাৰণৰ ব্যৱহাৰ, অংশীদাৰসকলৰ তথ্য দাখিল আৰু তথ্যৰ আদান-প্ৰদানৰ বাবে মুকলি কৰা হৈছে

এই প’ৰ্টেলটোৱে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় প্ৰশাসিত অঞ্চলৰ চৰকাৰ, বেচৰকাৰী সংস্থা আৰু ব্যক্তিবিশেষক অস্বাভাৱিক জনগাঁথনিগত পৰিৱৰ্তন, ইয়াৰ কাৰণ আৰু এই পৰিৱৰ্তনৰ আঁৰৰ অন্তৰ্নিহিত কাৰকসমূহৰ বিষয়ে মতামত তথা তথ্য প্ৰদানত সহায় কৰিব

এই তথ্যসমূহে সমিতিক জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণসমূহ বিশ্লেষণ আৰু চিনাক্ত কৰাৰ লগতে দেশত বসবাস কৰি থকা অবৈধ প্ৰব্ৰজনকাৰীসকলৰ আইনী, ন্যায়সংগত আৰু সময়সীমাৰ ভিতৰত চিনাক্তকৰণ, আৱদ্ধকৰণ আৰু বিতাড়নৰ বাবে এক সুসংগঠিত তথা স্থায়ী কাৰ্যকৰী ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱাত সহায় কৰিব

পোষ্ট কৰা হৈছে: 14 OCT 2026 5:54PM by PIB Guwahati

জনগাঁথনিগত পৰিৱৰ্তন সম্পৰ্কীয় উচ্চ-স্তৰীয় সমিতি (এইচএলচিডিচি)ৰ অধ্যক্ষ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰে নতুন দিল্লীত সমিতিৰ নিজা ডিজিটেল ৱেব প’ৰ্টেল মুকলি কৰে।

 

এই ৱেব প’ৰ্টেলটো https://demography.mha.gov.in ত উপলব্ধ আৰু সম্পূৰ্ণ কাৰ্যক্ষম হোৱাৰ লগতে ৰাইজৰ ব্যৱহাৰ, অংশীদাৰসকলৰ তথ্য দাখিল আৰু তথ্য আদান-প্ৰদানৰ বাবে মুকলি কৰা হৈছে।

 

এই প’ৰ্টেলটোৱে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় প্ৰশাসিত অঞ্চলৰ চৰকাৰ, বেচৰকাৰী সংস্থা/অনুষ্ঠান আৰু ব্যক্তিবিশেষক অস্বাভাৱিক জনগাঁথনিগত পৰিৱৰ্তন, ইয়াৰ কাৰণ আৰু এই পৰিৱৰ্তনসমূহৰ আঁৰৰ অন্তৰ্নিহিত কাৰক, অস্বাভাৱিক সংস্থাপনৰ আৰ্হি আদিৰ বিষয়ে ইনপুট/তথ্য/সংবাদ প্ৰদান কৰাত সুবিধা প্ৰদান কৰে।

 

এই তথ্যসমূহে সমিতিক জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণসমূহ বিশ্লেষণ আৰু চিনাক্ত কৰাত সহায় কৰাৰ লগতে দেশত ইতিমধ্যে বসবাস কৰি থকা অবৈধ প্ৰব্ৰজনকাৰীসকলৰ আইনী, ন্যায়সংগত আৰু সময়সীমাৰ ভিতৰত চিনাক্তকৰণ, আৱদ্ধকৰণ আৰু বিতাড়নৰ বাবে এক সুসংগঠিত তথা স্থায়ী কাৰ্যকৰী ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱাত সহায় কৰিব।

 

২০২৬ চনৰ ২৬ মে’ত গৃহ মন্ত্ৰালয় (এমএইচএ)-এ আনুষ্ঠানিকভাৱে এই সমিতিখন গঠন কৰিছিল।

 

সমিতিৰ কাৰ্যপৰিধিসমূহ তলত দিয়া ধৰণৰ:

 

১। অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা সমস্যাকে ধৰি জনগাঁথনিগত পৰিৱৰ্তনৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে এক বিস্তৃত পৰ্যালোচনা কৰা।

 

২। প্ৰজনন ক্ষমতাৰ তাৰতম্য, সীমান্তইদি চলাচল (অবৈধ প্ৰব্ৰজনকে ধৰি), অৰ্থনৈতিক সুযোগ আৰু অন্যান্য সামাজিক-পাৰিপাৰ্শ্বিক কাৰকৰ দৰে জনগাঁথনিগত পৰিৱৰ্তনৰ সম্ভাব্য কাৰণসমূহ অধ্যয়ন কৰা।

 

৩। এই পৰিৱৰ্তনসমূহৰ আঁৰৰ অন্তৰ্নিহিত কাৰকসমূহ চিনাক্ত কৰা, য’ত অবৈধ প্ৰব্ৰজন, অস্বাভাৱিক সংস্থাপনৰ আৰ্হি আৰু পৰিকল্পিত প্ৰব্ৰজন অন্তৰ্ভুক্ত।

 

৪। ধাৰ্মিক বা সামাজিক সম্প্ৰদায়ৰ স্তৰত জনসংখ্যাৰ কাঠামোগত পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰা, বিশেষকৈ যিবোৰ সাধাৰণ ধাৰাৰ পৰা পৃথক।

 

৫। দেশত ইতিমধ্যে বসবাস কৰি থকা অবৈধ প্ৰব্ৰজনকাৰীসকলৰ আইনী, ন্যায়সংগত আৰু সময়সীমাৰ ভিতৰত চিনাক্তকৰণ, আৱদ্ধকৰণ আৰু বিতাড়নৰ বাবে এক সুসংগঠিত তথা স্থায়ী কাৰ্যকৰী ব্যৱস্থাৰ পৰামৰ্শ প্ৰদান কৰা।

 

৬। সীমান্ত ব্যৱস্থাপনা, জনসংখ্যা সুস্থিৰকৰণ আৰু এনে ধাৰাসমূহৰ নিৰন্তৰ নিৰীক্ষণৰ বাবে চিনাক্তকৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ এক উপযুক্ত প্ৰতিষ্ঠানিক ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা।

 

৭। অবৈধ প্ৰব্ৰজন আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনগাঁথনিগত ভাৰসাম্যহীনতাৰ সৈতে জড়িত বিষয়সমূহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে এক বিস্তৃত নীতিগত গাঁথনি প্ৰস্তুত কৰা।

 

৮। অবৈধ প্ৰব্ৰজনৰ ফলকে ধৰি জনগাঁথনিগত পৰিৱৰ্তনৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ সমিতিয়ে উপযুক্ত বুলি বিবেচনা কৰা আন যিকোনো ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াব পাৰিব।

 

****

RK/RR/AM/PS/PR/DB


(ৰিলিজ আই ডি : 2323666) অতিথি কক্ষ : 9