প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কানাডাৰ বৈদেশিক মন্ত্ৰীৰ
সহযোগিতাৰ প্ৰধান ক্ষেত্রসমূহত দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উপায়সমূহ আলোচনা উভয় পক্ষৰ
দ্বিপাক্ষিক সম্পর্কৰ ইতিবাচক গতিশীলতাক বাস্তবমুখী ফলাফললৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীলৈ শুভেচ্ছা বার্তা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
14 OCT 2026 6:56PM by PIB Guwahati
কানাডাৰ বৈদেশিক মন্ত্ৰী শ্ৰীমতী অনিতা আনন্দে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক মন্ত্ৰী আনন্দে দ্বিপাক্ষিক সম্প্ৰীতি শক্তিশালী কৰাৰ বাবে চলি থকা প্ৰচেষ্টা আৰু বাণিজ্য, বিজ্ঞান আৰু প্ৰযুক্তি, প্ৰতিৰক্ষা, সুৰক্ষা, শক্তি, শিক্ষা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু বহুপাক্ষিক সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত ক্ষেত্রসমূহত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক আলোচনাৰ গতিশীলতা অক্ষুণ্ণ ৰখা আৰু ইয়াক এক ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)ৰ আলোচনাৰ কম সময়ৰ ভিতৰত সফল পৰিসমাপ্তিকে ধৰি বাস্তবমুখী ফলাফললৈ ৰূপান্তৰিত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু বৈশ্বিক পৰিস্থিতিৰ সন্দৰ্ভতো মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰী কাৰ্নীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰৱৰ্তী বৈঠকসমূহ অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্রকাশ কৰে।
*****
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2323644)
অতিথি কক্ষ : 5