ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫ চনৰ ছেপ্টেম্বৰৰ তুলনাত ২০২৬ চনৰ ছেপ্টেম্বৰত ভাৰতীয় ৰে’লৱেৰ সামগ্ৰী পৰিবহণ ৬.১৪ শতাংশ বৃদ্ধি

খাদ্যশস্য পৰিবহণত ২৫ শতাংশ, ক্লিংকাৰ পৰিবহনত ২০ শতাংশ আৰু ঘৰুৱা কণ্টেইনাৰ পৰিবহণত ১০ শতাংশ বৃদ্ধি

২০২৬ৰ এপ্ৰিল-ছেপ্টেম্বৰৰ সময়ছোৱাত পৰিবহন কৰা সৰ্বমুঠ সামগ্ৰীৰ পৰিমাণ পূৰ্বৰ বছৰৰ একেছোৱা সময়ৰ তুলনাত ৪.১ শতাংশ বৃদ্ধি

পোষ্ট কৰা হৈছে: 13 OCT 2026 1:00PM by PIB Guwahati

২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় ৰে’লৱেৰ সামগ্ৰী আৰু যাত্ৰী পৰিবহণ, উভয় ক্ষেত্ৰতে ধাৰাবাহিক বৃদ্ধি পৰিলক্ষিত হৈছে। ৰে’লযোগে সামগ্ৰী পৰিবহণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে কেইবাবিধো গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধিৰ তথ্য প্ৰকাশ পাইছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহতো সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত অব্যাহত থকা বৃদ্ধিয়ে অৰ্থনীতিৰ বিভিন্ন খণ্ডত ৰে’ল পৰিবহণৰ চাহিদা অব্যাহত থকাৰ ইংগিত দিছে।

 

সামগ্ৰী পৰিবহণত ৬.১৪ শতাংশ বৃদ্ধি

 

ভাৰতীয় ৰে’লৱেই ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ১৩.৫৩৫ কোটি টন সামগ্ৰী পৰিবহণ কৰে। ইয়াৰ বিপৰীতে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত এই পৰিমাণ আছিল ১২.৭৫২ কোটি টন। অৰ্থাৎ, পূৰ্বৰ বছৰৰ একে মাহৰ তুলনাত সামগ্ৰী পৰিবহণৰ পৰিমাণ ৬.১৪ শতাংশ বৃদ্ধি পায়।

 

মাহটোত কেইবাবিধো গুৰুত্বপূৰ্ণ সামগ্ৰীৰ পৰিবহণত উল্লেখযোগ্য বৃদ্ধি দেখা যায়। খাদ্যশস্যৰ পৰিবহণ ২৫ শতাংশ, চিমেণ্ট প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী- ক্লিংকাৰৰ পৰিবহন ২০ শতাংশ, ঘৰুৱা কণ্টেইনাৰৰ পৰিবহণ ১০ শতাংশ, কয়লাৰ ৯ শতাংশ, অন্যান্য সামগ্ৰীৰ ৮.২ শতাংশ, খনিজ তেলৰ ৬ শতাংশ, চূড়ান্ত পৰ্যায়ৰ তীখাৰ ৫.৫ শতাংশ আৰু লৌহ আকৰৰ পৰিবহণৰ হাৰ ৫.২ শতাংশ বৃদ্ধি পায়।

 

 

শক্তি উৎপাদন কেন্দ্ৰসমূহলৈ কয়লাৰ যোগান বৃদ্ধি

 

২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় ৰে’লৱেই শক্তি উৎপাদন কেন্দ্ৰসমূহলৈ ঘৰুৱা কয়লাৰ যোগান বৃদ্ধি কৰে। দৈনিক গড়ে যোগান ধৰা কয়লাভৰ্তি ৰে’ল গাড়ীৰ সংখ্যা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ৩৯৭ ৰ পৰা বৃদ্ধি পাই সম্প্ৰতি ৪৪৩খন হয়গৈ। সেই অনুসৰি দৈনিক যোগানৰ ক্ষেত্ৰত ১১.৬ শতাংশ বৃদ্ধিৰ তথ্য পঞ্জীয়ন কৰা হয়।

২০২৬ চনৰ ছেপ্টেম্বৰ মাহত মালবাহী পৰিবহণৰ পৰা হোৱা ৰাজহ পূৰ্বৰ বছৰৰ একে মাহৰ তুলনাত ১,২৬৬ কোটি টকা বৃদ্ধি পায়। এই বৃদ্ধিৰ হাৰ হ’ল ৯.৩ শতাংশ।

 

সৰ্বমুঠ সামগ্ৰী পৰিবহণৰ পৰিমাণ ৮৩.৩ কোটি টন অতিক্ৰম

 

হিচাপ অনুসৰি, ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভাৰতীয় ৰে’ল বিভাগে ৮৩.৩৭ কোটি টন সামগ্ৰী পৰিবহণ কৰে। পূৰ্বৰ বছৰৰ একেছোৱা সময়ৰ তুলনাত এই পৰিমাণ ৪.১ শতাংশ বৃদ্ধি পায়। একে সময়ছোৱাত সামগ্ৰী পৰিবহণৰ পৰা হোৱা ৰাজহৰ হাৰো ৩.৭ শতাংশ বৃদ্ধি পায়।

 

 

Dharmendra Tewari/ Dr. Nayan Solanki/ Manik Sharma/UD


(ৰিলিজ আই ডি : 2323039) অতিথি কক্ষ : 4