সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ উপহাৰ-স্মাৰকৰ ই-নীলামৰ ৮ম সংস্কৰণত উত্তৰাখণ্ডৰ আধ্যাত্মিক ঐতিহ্য উদযাপন

মুঠ ২৭বিধ স্মাৰক সামগ্ৰীৰ জৰিয়তে ৰাজ্যখনৰ পৱিত্ৰ

ধৰ্মীয় স্থান, লোক পৰম্পৰা আৰু আঞ্চলিক পৰিচয়ৰ প্ৰতিফলন

পোষ্ট কৰা হৈছে: 13 OCT 2026 1:02PM by PIB Guwahati

দেৱভূমি অৰ্থাৎ দেৱতাসকলৰ ভূমি হিচাপে  উত্তৰাখণ্ডৰ ঐতিহ্যমণ্ডিত পৰিচয় প্ৰধানমন্ত্ৰীৰ স্মাৰক তথা উপহাৰ সামগ্ৰীৰ ই-নিলামৰ অষ্টম সংস্কৰণত অন্তৰ্ভুক্ত ২৭বিধ স্মাৰক সামগ্ৰীৰ মাজেৰে প্ৰকাশিত হৈছে। প্ৰধানমন্ত্ৰীলৈ উপহাৰ হিচাপে আগবঢ়োৱা এই সামগ্ৰীসমূহৰ ভিতৰত আছে ফ্ৰেমত বন্ধোৱা শিল্পকৰ্ম, আলোকচিত্ৰৰ প্ৰিণ্ট, মন্দিৰৰ আৰ্হি আৰু অন্যান্য স্মাৰক। এনে সামগ্ৰীসমূহে ধৰ্মীয় বিশ্বাস, শিল্পকলা আৰু সাংস্কৃতিক পৰিৱেশৰ মাজত থকা নিবিড় সম্পৰ্কৰ প্ৰতিফলন ঘটাইছে। এই নিলামৰ পৰা লাভ কৰা ধনৰাশি “নমামি গংগে” কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰা হ’ব।

উত্তৰাখণ্ডৰ কেইখনমান প্ৰসিদ্ধ উপাসনাস্থলীক প্ৰতিনিধিত্ব কৰা চাৰিটা মন্দিৰৰ আৰ্হি এই সংগ্ৰহৰ অন্যতম আকৰ্ষণ। ইয়াৰ ভিতৰত আছে শ্ৰী কেদাৰনাথ ধামৰ দুটা আৰ্হি, উখিমঠৰ ওমকাৰেশ্বৰ মন্দিৰৰ এটা আৰ্হি আৰু মুখবাস্থিত গংগা জী মন্দিৰৰ এটা কাঠেৰে নিৰ্মিত আৰ্হি। এই আৰ্হিসমূহে ৰাজ্যখনৰ সাংস্কৃতিক জীৱনত তীৰ্থযাত্ৰা আৰু ভক্তিৰ গুৰুত্বক প্ৰতিফলিত কৰিছে।

 

 

চাৰ ধাম তীৰ্থক্ষেত্ৰ হিচাপে পৰিচিত —বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰী— এই চাৰিখন তীৰ্থস্থানক একেলগে উপস্থাপন কৰা এখন আলোকচিত্ৰৰ প্ৰিণ্টো এই সংগ্ৰহসমূহৰ মাজত আছে। ইয়াৰ উপৰি হৰিদ্বাৰৰ মনসা দেৱীৰ এখন ফ্ৰেমত বন্ধোৱা ছবি, আদি কৈলাসৰ দৃশ্য, মহাসু দেৱতা মন্দিৰৰ প্ৰতিচ্ছবি আৰু এল ই ডি-যুক্ত কাঁচৰ স্মাৰকত প্ৰদৰ্শিত কাৰ্তিক স্বামী মন্দিৰৰ ছবি এই পৱিত্ৰ সংগ্ৰহত সন্নিবিষ্ট হৈছে। নাৰায়ণ আশ্ৰম আৰু কুমাওঁ হিমালয়ৰ দৃশ্য সম্বলিত এখন প্ৰিণ্টে অঞ্চলটোৰ আধ্যাত্মিক চৰিত্ৰ গঢ় দিয়াত পৰ্বতমালাৰ ভূমিকা সুন্দৰকৈ তুলি ধৰিছে।

 

এই অঞ্চলৰ লোকশিল্পৰ মাজতো ধৰ্মীয় বিশ্বাসৰ প্ৰকাশ ঘটিছে। এটা দেৱাল ঘড়ী আৰু মা দুৰ্গাৰ ছবি অংকিত এটা শিল্পকৰ্মত আইপান শিল্পকলায়ো স্থান লাভ কৰিছে। এই শিল্পকৰ্মসমূহে স্থানীয় শিল্পকলাৰ পৰম্পৰাত ধৰ্মীয় প্ৰতিচ্ছবিৰ গুৰুত্বক প্ৰতিফলিত কৰিছে। উত্তৰাখণ্ডৰ আঞ্চলিক পৰিচয়ৰ পৰিচিত প্ৰতীক হিচাপে ৭টা উত্তৰাখণ্ডী/পাহাড়ী টুপীও এই সংগ্ৰহত অন্তৰ্ভুক্ত হৈ আছে।

তদুপৰি এই সংগ্ৰহত উত্তৰাখণ্ডৰ খেলুৱৈ লক্ষ্য সেনৰ স্বাক্ষৰযুক্ত এখন বেডমিণ্টনৰ ৰেকেটো আছে। মূলতঃ ৰাজ্যখনৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা এই সংগ্ৰহত ৰেকেটখনে ক্ৰীড়াক্ষেত্ৰত অৰ্জন কৰা সফলতাক প্ৰতিনিধিত্ব কৰিছে।

মুখবাস্থিত গংগা জী মন্দিৰৰ আৰ্হিটোৱে উত্তৰাখণ্ডৰ ঐতিহ্যক পি এম মেমেণ্ট’ পদক্ষেপৰ উদ্দেশ্যৰ সৈতে সংযুক্ত কৰিছে। ই ৰাজ্যখনৰ আধ্যাত্মিক জীৱনত গংগা নদীৰ গুৰুত্বক প্ৰতিফলিত কৰাৰ লগতে নিলামৰ পৰা লাভ কৰা ধনৰাশি “নমামি গংগে” কাৰ্যসূচীৰ জৰিয়তে নদীখনৰ পুনৰুজ্জীৱন আৰু সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব।

পি এম মেমেণ্ট’ৰ অষ্টম সংস্কৰণৰ ই-নিলাম সম্প্ৰতি অব্যাহত আছে আৰু ইয়াৰ সময়সীমা অহা ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। আগ্ৰহী নিবিদা আগবঢ়াওঁতাসকল প্ৰধানমন্ত্ৰীৰ উপহাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ই-নিলামৰ চৰকাৰী পৰ্টেলত অনলাইনৰ জৰিয়তে নিবিদা দাখিল কৰিব পাৰিব।ইয়াৰ বাবে প্ৰয়োজনীয় চৰকাৰী ই-নিলাম পৰ্টেলটো হল https://pmmementos.gov.in

 

 

M Annadurai/UD


(ৰিলিজ আই ডি : 2323036) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: हिन्दी , Punjabi , English , Urdu , Gujarati , Telugu