প্ৰতিৰক্ষা মন্ত্ৰালয়
চেক গণৰাজ্যৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী তথা উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা
প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ সন্দৰ্ভত উভয়পক্ষৰ সহমত প্ৰকাশ
পোষ্ট কৰা হৈছে:
13 OCT 2026 1:16PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি, ১৩ অক্টোবৰ, ২০২৬ তাৰিখে নতুন দিল্লীত চেক গণৰাজ্যৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী কাৰেল হাভলিচেকৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত আৰু চেক গণৰাজ্যৰ মাজত প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। দুয়োপক্ষই বৰ্তমানৰ সহযোগিতা আৰু কেইবাটাও যুটীয়া উদ্যোগৰ সফল প্ৰতিষ্ঠাক আদৰণি জনোৱাৰ লগতে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰসাৰৰ উদ্দেশ্যে ভাৰত-চেক যুটীয়া প্ৰতিৰক্ষা সমিতিৰ অধীনত সহযোগিতাকে ধৰি এই সহযোগিতাৰ অধিক সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই শান্তি আৰু নিৰাপত্তাৰ সৈতে জড়িত প্ৰাসংগিক বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰে আৰু আঞ্চলিক সুস্থিৰতা বৰ্তাই ৰাখিবলৈ অধিক সহযোগিতাৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰে। তেওঁলোকে লগতে এই বিষয়ক লৈও সহমত প্ৰকাশ কৰে যে ভাৰত আৰু চেক গণৰাজ্যৰ মাজৰ অংশীদাৰিত্ব ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক তথা পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ উমৈহতীয়া মূল্যবোধৰ আধাৰত গঢ় লৈ উঠিছে।
উল্লেখযোগ্য যে শ্ৰী কাৰেল হাভলিচেক চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আহিছে। এই ভ্ৰমণকালত তেওঁ বিভিন্ন মন্ত্ৰালয়, বাণিজ্যিক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংস্থাৰ সৈতে আলোচনাত ভাগ লৈছে।এই ভ্ৰমণকালত তেওঁ বেংগালুৰু আৰু মুম্বাইৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানো পৰিদৰ্শন কৰাৰ কথা আছে।
_20261013131751_242c40.jpeg)
_20261013131828_0656c9.jpeg)
_20261013131849_190345.jpeg)
***
VK/Savvy/UD
(ৰিলিজ আই ডি : 2322768)
অতিথি কক্ষ : 10