যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

ব্ৰিকছ ৰাষ্ট্ৰৰ প্ৰদৰ্শণীমূলক পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া ২০২৬-ৰ জৰিয়তে আহমেদাবাদত ক্ৰীড়া ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য উদযাপন

ভাৰতে ভৱিষ্যতৰ বাবে সাজু ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ কৰি ক্ৰীড়াক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্ৰীয় যুৱ আৰু পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ প্ৰকাশ

ব্ৰিকছৰ সমল, বিশেষজ্ঞৰ বিনিময় আৰু পৰম্পৰাগত তথা থলুৱা ক্ৰীড়াৰ নিয়মীয়া প্ৰদৰ্শনৰ বাবে আহ্বান ড° মন্দাভিয়াৰ

পৰম্পৰাগত ক্ৰীড়াক যুৱ বিকাশ, অন্তৰ্ভুক্তি, সাংস্কৃতিক বুজাবুজি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাটকটীয়া হিচাপে উল্লেখ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীৰ

পোষ্ট কৰা হৈছে: 12 OCT 2026 4:07PM by PIB Guwahati

গুজৰাটৰ আহমেদাবাদৰ নাৰণপুৰাৰ বীৰ সাৱৰকাৰ ক্ৰীড়া কমপ্লেক্সত ২০২৬ চনৰ ১২ অক্টোবৰ সোমবাৰে ব্ৰিকছ ৰাষ্ট্ৰৰ প্ৰদৰ্শনীমূলক পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া ২০২৬ অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোৱে ব্ৰিকছ দেশসমূহৰ ক্ৰীড়া ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক উদযাপনৰ বাবে গণ্যমান্য ব্যক্তি, দেশৰ প্ৰতিনিধি, খেলুৱৈ, অনুশীলনকাৰী, কাৰিকৰী বিষয়া আৰু অংশীদাৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত হোৱাৰ সুযোগ দিয়ে। এই খেলসমূহ মুকলি কৰাৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় যুৱ আৰু পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই কয় যে ভাৰতে ভৱিষ্যতৰ বাবে সাজু ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ কৰি ৰাষ্ট্ৰ নিৰ্মাণত সৰ্বাধিক অগ্ৰাধিকাৰ  দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুজৰাটৰ  উপ-মুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীৰ উপস্থিতিত অনুষ্ঠান উদ্বোধন কৰে।

১০ খন ব্ৰিকছ ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু অন্যান্য অংশগ্ৰহণকাৰীক সম্বোধন কৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে  ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ়ি তোলাৰ সংকল্পৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, "ভাৰতে ক্ৰীড়াক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ  দিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে খেলপথাৰৰ পৰা মঞ্চলৈ সুযোগ সৃষ্টি কৰি ইয়াৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰ ত্বৰান্বিত কৰি আছে৷” "তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণ, প্ৰতিভা চিনাক্তকৰণ, প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান, আন্তঃগাঁথনি উন্নয়ন, খেলুৱৈৰ কল্যাণ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনকে ধৰি এক ব্যাপক  সৰ্বাত্মক পদ্ধতিৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে ভৱিষ্যতৰ বাবে এক বহনক্ষম ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে", ড° মন্দাভিয়াই লগতে কয়।

"এই পৰিৱৰ্তনক সফল কৰিবলৈ, আমি আমাৰ খেলো ইণ্ডিয়া পদক্ষেপৰ অংশ হিচাপে প্ৰায় ৩.৭৬ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ বাবে আগবাঢ়িছো", এইদৰে উল্লেখ কৰি ড° মন্দাভিয়াই লগতে পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ তিনিটা ব্যৱহাৰিক ক্ষেত্ৰৰ প্ৰস্তাৱ দিয়ে। "ব্ৰিকছৰ পৰম্পৰাগত আৰু থলুৱা খেলসমূহে কেৱল  খেলৰ প্ৰদৰ্শনেই নহয়, প্ৰতিটো পৰম্পৰাক অনন্য কৰি তোলা ইতিহাস, মূল্যবোধ আৰু সাংস্কৃতিক প্ৰসংগও প্ৰদৰ্শন কৰাৰ এক মঞ্চ প্ৰদান কৰিছে। আমি এই পদক্ষেপক আগুৱাই লৈ যোৱাৰ সমান্তৰালকৈ ভাৰতে সহযোগিতাৰ তিনিটা ব্যৱহাৰিক ক্ষেত্ৰৰ প্ৰস্তাৱ দিছে", ড° মন্দাভিয়াই কয়। "প্ৰথমতে, ক্ৰীড়াসমূহৰ ইতিহাস, সাংস্কৃতিক গুৰুত্ব, নিয়ম, সঁজুলি আৰু খেলপথাৰৰ প্ৰয়োজনীয়তা নথিভুক্ত কৰি আমি পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়াৰ এক স্বেচ্ছামূলক ব্ৰিকছ সমল ক্ষেত্ৰ সৃষ্টি কৰাৰ দিশত কাম কৰা উচিত’’, তেওঁ কয়৷

"দ্বিতীয়তে, আমি ব্ৰিকছ দেশসমূহৰ অনুশীলনকাৰী, প্ৰশিক্ষক, গৱেষক, শিক্ষা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতাৰ আদান-প্ৰদানক উৎসাহিত কৰা উচিত", কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে লগতে কয়। "তৃতীয়তে, আমি ভৱিষ্যতৰ ব্ৰিকছ ক্ৰীড়া প্ৰতিযোগিতাত পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়াৰ সাময়িক প্ৰদৰ্শন অন্বেষণ কৰা উচিত", তেওঁ লগতে কয়। ড° মন্দাভিয়াই লগতে ভাৰতে ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে ক্ৰীড়াক জীৱনশৈলী হিচাপে গঢ়ি তোলাৰ দিশত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহত আলোকপাত কৰে।

"ফিট ইণ্ডিয়া কাৰ্যসূচীৰ জৰিয়তে আমি জীৱনশৈলী হিচাপে সুস্বাস্থ্যৰ প্ৰচাৰ কৰিছো", তেওঁ কয়। তেওঁ লগতে কয়, "প্ৰতি দেওবাৰে ৫ নিযুতৰো অধিক লোকে ৩ লাখতকৈও অধিক স্থানত চাইকেল চলাবলৈ অহাৰ লগে লগে আমাৰ 'দেওবাৰে চাইকেল' অভিযানে অভূতপূৰ্ব সফলতা লাভ কৰিছে। এতিয়ালৈকে সমগ্ৰ ভাৰতত 'দেওবাৰে চাইকেল' কাৰ্যসূচীৰ ৯৪টা সংস্কৰণ অনুষ্ঠিত হৈছে।" অংশগ্ৰহণকাৰী ১০ খন ব্ৰিকছ ৰাষ্ট্ৰই বীৰ সাৱৰকাৰ ক্ৰীড়া কমপ্লেক্সত তেওঁলোকৰ কেইবাটাও থলুৱা ক্ৰীড়া পৰম্পৰা প্ৰদৰ্শন কৰে:

  • বেলাৰুছঃ গোৰোডকি;
  • বলিভিয়াঃ লুচা ডি চোলিটাছ, টিংকু, ৰায়ুৱেলা, ট্ৰম্পো, কাচিনাছ আৰু কেৰেৰা ডি ছাকোছ
  • ব্ৰাজিলঃ জাৰাবাতানা (থলুৱা নলী ফুওৱা), ক' ৰিডা ডি টোৰাছ (লগ ৰেচ), ব্ৰাজিলিয়ান পাৰা-জিউ-জিতছু আৰু কেপোইৰা
  • চীনঃ ৱুছু, সিংহ নৃত্য আৰু স্বাস্থ্য কিগং
  • ভাৰতঃ মাল্লাখাম্ব, যোগাসন, কালাৰিপায়ট্টু;
  • ইৰাণঃ জুৰখানেহ, হাফ্ট চাং আৰু ঘানিহ
  • কাজাখস্তানঃ আছিক আটু, টোগিজকুমালক আৰু কাজাক কুৰেচি
  • ৰাছিয়াঃ গোৰোডকি আৰু সাম্বো
  • দক্ষিণ আফ্ৰিকাঃ কগতি আৰু আইন্টোংগা
  • সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰঃ আল তাবাহ

তদুপৰি এইসমূহৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক প্ৰদৰ্শন আৰু দৰ্শকৰ-অংশগ্ৰহণপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ সামৰণিত অংশগ্ৰহণকাৰী দলসমূহক সম্বৰ্ধন জনোৱা হয়। এই খেলসমূহে ব্ৰিকছ দেশসমূহক তেওঁলোকৰ পৰম্পৰাগত ক্ৰীড়াৰ ইতিহাস, মূল্যবোধ, সাংস্কৃতিক প্ৰসংগ আৰু অনুশীলন প্ৰদৰ্শন কৰিবলৈ এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে। এই অনুষ্ঠানটোৱে ক্ৰীড়াৰ আধুনিকীকৰণ, সৰ্বাত্মক অংশগ্ৰহণ, সম্প্ৰসাৰণ আৰু সমগ্ৰ ব্ৰিকছ পৰিয়ালত বন্ধুত্ব তথা সহযোগিতা গভীৰ কৰাৰ সমান্তৰালকৈ সামূহিক জ্ঞান সংৰক্ষণৰ গুৰুত্বক শক্তিশালী কৰে।

*****

Ayushman Kumar/DD


(ৰিলিজ আই ডি : 2322560) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , Marathi , Malayalam