পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীৰ ভাৰতীয় বন সেৱাৰ মধ্য-কেৰিয়াৰ প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময়, সংৰক্ষণৰ সাফল্য আৰু নতুনকৈ দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত
পৰম্পৰাগত নিয়ামক কাৰ্য্যব্যৱস্থাৰ উৰ্ধলৈ গৈ বহনক্ষম উন্নয়নৰ নেতৃত্ব আৰু উদ্ভাৱকৰ ভূমিকা লওঁক, সুবিধা প্ৰদানকাৰী হওঁক: আইএফএছ বিষয়াসকলৰ প্ৰতি শ্ৰী ভূপেন্দ্র য়াদৱৰ আহ্বান
পোষ্ট কৰা হৈছে:
12 OCT 2026 11:29AM by PIB Guwahati
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী (ইএফচিচি) শ্ৰী ভূপেন্দ্র য়াদৱে আজি নতুন দিল্লীত ভাৰতীয় বন সেৱাৰ মধ্য-কেৰিয়াৰ প্ৰশিক্ষণ (এমচিটি)ৰ তৃতীয় পৰ্যায় (১৯)ত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়(এমঅ’ইএফচিচি)ৰ সচিব শ্ৰী নৰেন্দ্ৰ ভূষণ, বন বিভাগৰ সঞ্চালক প্ৰধান আৰু (এমঅ’ইএফচিচি)ৰ বিশেষ সচিব শ্ৰী সন্তোষ তিৱাৰী, বন্যপ্ৰাণী আৰু এঅ’ইএফচিচিৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰমেশ পাণ্ডে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমী (আইজিএনএফএ)ৰ সঞ্চালক শ্ৰী ৰাজেন্দ্ৰ প্ৰসাদ খাজুৰিয়া উপস্থিত আছিল।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ কেডাৰৰ আই. এফ. এছ. বিষয়াসকলক সম্বোধন কৰি শ্ৰী য়াদৱে দেশৰ বনাঞ্চল, বন্যপ্ৰাণী আৰু পৰিৱেশৰ ঐতিহ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ শলাগ লয়। তেওঁ ‘মিষ্টি’(MISHTI), আৰাৱলী গ্ৰীণ ৱাল আৰু নগৰ বন যোজনাৰ উপৰি বন্যপ্ৰাণী সংৰক্ষণ, বনাঞ্চল আৰু গছৰ সংখ্যা বৃদ্ধি, কাৰ্বন নিষ্কাশন, বনভূমি/জলাশয় সংৰক্ষণ, আৰু এক পেড় মা কে নামৰ দৰে নাগৰিকে অংশগ্ৰহণ কৰা কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অৰ্থনৈতিক উন্নয়নক পৰিৱেশগত সুৰক্ষাৰ সৈতে একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বৈজ্ঞানিক দৃষ্টিভংগী আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে মোকাবিলা কৰাৰ প্ৰয়োজন হোৱা প্ৰধান প্ৰত্যাহ্বান হিচাপে মানুহ-বন্যপ্ৰাণীৰ সংঘাত, বনজুই, জলবায়ু পৰিৱৰ্তন আৰু সংৰক্ষণৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু, পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰত ভাগ্যৱান। তেওঁ কয় যে এজন আই. এফ. এছ. বিষয়াই বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত দক্ষ নেতৃত্ব গ্ৰহণ কৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জৈৱ সম্পদ হৈছে পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ, সেয়েহে বিষয়াসকলক ক্ষেত্ৰ পৰ্যায়ৰ ৰূপায়ণৰ অভিজ্ঞতাৰ উপৰি মন্ত্ৰালয় পৰ্যায়ৰ নীতি প্ৰস্তুত কৰাৰ অভিজ্ঞতাও প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে, বিষয়াসকলক নিজস্ব গণ্ডীৰ বাহিৰলৈ গৈ চিন্তা কৰাৰ লগতে তেওঁলোকে নিজৰ ক্ষেত্ৰখনত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বাস্তৱিক সমাধান বিচাৰি উলিয়াবলৈ উৎসাহিত কৰে।
ভাৰতীয় বন সেৱাৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰি শ্ৰী য়াদৱে বিষয়াসকলক পৰম্পৰাগত নিয়ামক কাৰ্য্যব্যৱস্থাৰ উৰ্ধলৈ গৈ বহনক্ষম উন্নয়নৰ নেতৃত্ব আৰু উদ্ভাৱকৰ ভূমিকা লোৱাৰ লগতে সুবিধা প্ৰদানকাৰী হ’বলৈ আহ্বান জনায়। তেওঁ পৰম্পৰাগত জ্ঞান ব্যৱহাৰ কৰি নিৰন্তৰ দক্ষতা বিকাশ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ লগতে জিআইএছ, ৰিম’ট ছেঞ্চিং আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰা, দক্ষ সিদ্ধান্ত গ্ৰহণৰ বাবে উদ্ভাৱনীমূলক দৃষ্টিভংগী গ্ৰহণ কৰা, বন ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে ভাৰতৰ পৰিৱেশৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে তেওঁলোকক দায়িত্ব পালনৰ আহ্বান জনায়।

এমচিটি কাৰ্যসূচী 2026
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমী (আই. জি. এন. এফ. এ.)-এ আজিৰে পৰা ৬ নৱেম্বৰলৈ আয়োজন কৰা মধ্য-কেৰিয়াৰ প্ৰশিক্ষণৰ তৃতীয় পৰ্যায় (১৯)ৰ কাৰ্যসূচী, ৭ ৰ পৰা ৯ বছৰৰ সেৱাৰ অভিজ্ঞতা থকা আই. এফ. এছ. বিষয়াসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ১৮ টা কেডাৰৰ এই ৬৮ জন অংশগ্ৰহণকাৰীৰ বন্যপ্ৰাণী সংৰক্ষণ, প্ৰশাসন, জলবায়ু-স্থিতিস্থাপকতা, বনাঞ্চল, পুনৰুদ্ধাৰ, পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু পৰিৱেশ নীতি ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ঠ অভিজ্ঞতা আছে।
আধুনিক প্ৰযুক্তি আৰু সমসাময়িক দৃষ্টিভংগীসমূহক একত্ৰিত কৰাৰ লগতে নেতৃত্ব, কৌশলগত নীতি ৰূপায়ণ আৰু ক্ষেত্ৰ-পৰ্যায়ৰ বন প্ৰশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে, লাইন মিনিষ্ট্ৰি মডিউলে বিষয়াসকলক আন্তঃক্ষেত্ৰীয় সংযোগ আৰু নীতিৰ পৰিকাঠামো বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধান কেন্দ্ৰীয় মন্ত্ৰালয় আৰু সংস্থাসমূহৰ সৈতে সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰিব। উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিষয়ভিত্তিক ভ্ৰমণে বন্যপ্ৰাণী ব্যৱস্থাপনা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পৰিৱেশ পৰ্যটন আৰু সম্প্ৰদায়ভিত্তিক বন ব্যৱস্থাপনাৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।
পৰিচালনা মডিউলটো নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণ, মানৱ সম্পদ আৰু বিত্তীয় ব্যৱস্থাপনা, সাধাৰণৰ বন ব্যৱস্থাপনা, আলোচনা আৰু সংঘাত সমাধান, পৰিৱৰ্তন ব্যৱস্থাপনা, যোগাযোগ আৰু নৈতিক নেতৃত্বক আধাৰ হিচাপে লৈ কৰা গঠন কৰা হ’ব। শেষত, বন বিষয়ক মডিউলটোৱে পৰিৱেশ পৰম্পৰা, বননিকৰণৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তা, ডিজিটেল পৰিৱৰ্তন, ৰাষ্ট্ৰীয় বন্যপ্ৰাণী নেতৃত্ব, জৈৱ বৈচিত্ৰ্য প্ৰশাসন, জলবায়ু বিত্ত, এফ. আৰ. এ. বিষয়, অববাহিকা ব্যৱস্থাপনা, শেহতীয়া এফ. চি. এ. সংশোধনী আৰু মানৱ-বন্যপ্ৰাণী সংঘাতকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহ সামৰি ল’ব।

*****
VM/BC
(ৰিলিজ আই ডি : 2322202)
অতিথি কক্ষ : 4