প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৯ অক্টোবৰত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

সন্মিলনত পুষ্টি, প্ৰাথমিক শিক্ষা, শিশু সুৰক্ষা, মহিলাৰ নিৰাপত্তা আৰু সৱলীকৰণক লৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব

পোষ্ট কৰা হৈছে: 08 OCT 2026 4:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৯ অক্টোবৰৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত অনুষ্ঠিত হ’বলগীয়া মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰিব। তেওঁ উপস্থিত লোকসকলকো সম্বোধনো কৰিব। ৮ আৰু ৯ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বিভাগীয় সন্মিলনত সকলো ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন  খণ্ডৰ সৈতে জড়িত ৰাজনৈতিক নেতৃত্ব তথা বিষয়াসকলে অংশগ্ৰহণ কৰিব। সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অধিক শক্তিশালী কৰা, ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত সামূহিক দায়বদ্ধতা বৃদ্ধি কৰা আৰু কেন্দ্ৰ-ৰাজ্যৰ অধিক ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে কামৰ ফলাফল উন্নত  কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে পৰিকল্পনা কৰা বিভাগীয় সন্মিলনসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি আয়োজন কৰা  এইখন হৈছে দ্বিতীয় সন্মিলন।

সন্মিলনত চাৰিটা  বিষয়ত বিশেষভাৱে গুৰুত্ব  আৰোপ কৰা হ’ব—

১. উন্নত পুষ্টি আৰু প্ৰাথমিক শিক্ষাৰ বাবে অংগনৱাড়ী কেন্দ্ৰসমূহক নতুন ৰূপত গঢ়ি তোলা।

২. অসুৰক্ষিত আৰু বিপদাপন্ন শিশুসকলৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা।

৩. প্ৰাতিষ্ঠানিক আৰু আইনগত ব্যৱস্থাসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ জৰিয়তে মহিলাৰ নিৰাপত্তা নিশ্চিত কৰা।

৪. গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ কাৰ্যকাৰিতা আৰু ফলাফল অধিক উন্নত কৰাৰ জৰিয়তে মহিলাৰ সৱলীকৰণ নিশ্চিত কৰা।

বিভাগীয় সন্মিলনৰ এই ব্যৱস্থাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন অংশীদাৰক একত্ৰিত কৰি খণ্ডভিত্তিক অগ্ৰাধিকাৰসমূহৰ বিষয়ত আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ লগতে উত্তম পদ্ধতিসমূহৰ  বিষয়ে অভিজ্ঞতাৰ বিনিময়, ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধান তথা উন্নত শাসন ব্যৱস্থা  আৰু সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ত  সহমতত উপনীত হোৱাৰ লক্ষ্যৰে আলোচনা অনুষ্ঠিত হ’ব।

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2320994) অতিথি কক্ষ : 3