আয়ুষ
ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান, পুনেৰ দ্বাৰা ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে বিএনৱাইএছ ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে
পোষ্ট কৰা হৈছে:
07 OCT 2026 12:04PM by PIB Guwahati
ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান (এনআইএন)-এ পুনেৰ য়েৱালেৱাড়ীস্থিত মুখ্য ‘নিসৰ্গ গ্ৰাম’ চৌহদত ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে বেচ্চেলৰ অব্ নেচাৰ’পেথী এণ্ড যোগিক ছায়েন্সেছ (বিএনৱাইএছ) পাঠ্যক্ৰমত নামভৰ্তিৰ আবেদন আহ্বান কৰিছে।
আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ এক স্বায়ত্তশাসিত সংস্থা এনআইএন-এ স্বাস্থ্যসেৱা, শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ জৰিয়তে প্ৰাকৃতিক চিকিৎসা আৰু যোগৰ প্ৰসাৰ ঘটাই মহাত্মা গান্ধীৰ আদৰ্শ তথা দৃষ্টিভংগীক আগুৱাই লৈ গৈছে। এনআইএন হৈছে দেশৰ প্ৰথমটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান, যিয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ‘শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়’ৰ অধীনত এই বিএনৱাইএছ পাঠ্যক্ৰম আগবঢ়াইছে। প্ৰাকৃতিক চিকিৎসা আৰু যোগৰ ক্ষেত্ৰখনত আনুষ্ঠানিক শিক্ষা তথা শৈক্ষিক মানদণ্ড সুদৃঢ় কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
চাৰে পাঁচ বছৰীয়া পূৰ্ণকালীন আৱাসিক বিএনৱাইএছ পাঠ্যক্ৰমটোত চাৰে চাৰি বছৰৰ শৈক্ষিক আৰু ক্লিনিকেল প্ৰশিক্ষণৰ লগতে এবছৰীয়া বাধ্যতামূলক আৱাসিক আৱৰ্তী ইণ্টাৰ্ণশ্বিপ (চিআৰআৰআই) অন্তৰ্ভুক্ত আছে। এই পাঠ্যক্ৰমে প্ৰাকৃতিক চিকিৎসা আৰু যোগৰ ক্ষেত্ৰত বিস্তৃত ক্লিনিকেল অভিজ্ঞতাৰ লগতে সংহত শৈক্ষিক শিক্ষা প্ৰদান কৰে। ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে পাঠ্যক্ৰমটোত সৰ্বমুঠ ১০০ খন আসন আগবঢ়োৱা হৈছে।
কোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান (পিচিবি) আৰু ইংৰাজী বিষয়সহ উচ্চতৰ মাধ্যমিক (১০+২) বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু নিৰ্ধাৰিত যোগ্যতা তথা স্বাস্থ্যজনিত মাপকাঠী পূৰণ কৰা প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। নীট-ইউজি ২০২৬-ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব। নামভৰ্তিৰ নিৰ্ধাৰিত প্ৰক্ৰিয়া আৰু সংৰক্ষণ নীতি অনুসৰি খালী হৈ ৰোৱা আসনসমূহ ১০+২ পৰ্যায়ৰ পিচিবি নম্বৰৰ মেধাৰ ভিত্তিত পূৰণ কৰা হ’ব।
২৫ একৰ ভূমিত বিস্তৃত মুখ্য ‘নিসৰ্গ গ্ৰাম’ চৌহদটোত ২৫০ খন বিছনাযুক্ত প্ৰাকৃতিক চিকিৎসা চিকিৎসালয়, শৈক্ষিক আৰু গৱেষণামূলক সা-সুবিধা, ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক আৱাসিক হোষ্টেল, অত্যাধুনিক যোগ প্ৰেক্ষাগৃহ আৰু আধুনিক প্ৰাকৃতিক চিকিৎসাৰ আন্তঃগাঁথনি আছে। এই চৌহদটোৱে শিক্ষা, ক্লিনিকেল প্ৰশিক্ষণ, গৱেষণা আৰু সুস্বাস্থ্যৰ বাবে এক সুসমন্বিত পৰিৱেশ প্ৰদান কৰে।
অনলাইন আবেদন প্ৰক্ৰিয়া ২০২৬ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ২০২৬ চনৰ ১৯ অক্টোবৰৰ আবেলি ৫:০০ বজাত সমাপ্ত হ’ব। ২০২৬ চনৰ ২৭ অক্টোবৰত প্ৰাথমিক মেধা তালিকা প্ৰকাশ কৰাৰ কথা আৰু তাৰ পাছতে ৩০ অক্টোবৰ ২০২৬-ত চূড়ান্ত মেধা/প্ৰতীক্ষা তালিকা প্ৰকাশ পাব। নামভৰ্তিৰ পৰামৰ্শ প্ৰক্ৰিয়া ২০২৬ চনৰ ১২–১৩ নৱেম্বৰ আৰু ১৮–১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব, আনহাতে ২০২৬ চনৰ ৩০ নৱেম্বৰৰ পৰা পাঠদান আৰম্ভ হ’ব।
বিতং বিৱৰণ-পত্ৰিকা, মাচুলৰ গাঁথনি আৰু আবেদনৰ সবিশেষ এনআইএনৰ ৱেবছাইট www.ninpune.ayush.gov.in-ত উপলব্ধ।
নামভৰ্তিৰ বাবে সহায়কাৰী নম্বৰ (হেল্পলাইন): +৯১ ৭৯৬৫২২০১৮০, ৯৫১১৬৯৩৫৬৪
ইমেইল: admission@bnysnin.in

*******
SR/SV/SG/MM
(ৰিলিজ আই ডি : 2320228)
অতিথি কক্ষ : 5