প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰথম থলুৱা ফ্লিট সমৰ্থিত জাহাজ 'আই. এন. এছ. সূৰ্য' মুকলি

"এফ. এছ. এছ. ১ৰ শুভাৰম্ভ হৈছে কৃতিত্বৰ প্ৰতীক, এফ. এছ. এছ. ৫ৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণি হৈছে সংকল্পৰ প্ৰতীক আৰু নতুন শ্লিপৱে হৈছে বৰ্ধিত সামৰ্থ্যৰ প্ৰতীক": শ্ৰী ৰাজনাথ সিং

"আমি এইচ. এছ. এলক মান, উৎপাদনশীলতা আৰু সময়োপযোগী ডেলিভাৰীৰ বাবে এক মানদণ্ড হিচাপে গঢ়ি তুলিব লাগিব"

"বিশাখাপট্টনমক এক প্ৰধান সামুদ্ৰিক ঔদ্যোগিক কেন্দ্ৰ হিচাপে বিকশিত কৰা উচিত"

পোষ্ট কৰা হৈছে: 06 OCT 2026 12:50PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ৬ অক্টোবৰত বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেড (এইচএছএল)ত প্ৰথম ফ্লিট চাপ’ৰ্ট শ্বিপ (এফএছএছ-১) মুকলি কৰাৰ লগতে পঞ্চম ফ্লিট চাপ’ৰ্ট শ্বিপৰ (এফএছএছ-৫) ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে আৰু উন্নত শ্লিপৱে-৪ তথা ৩০০ টন ওজনৰ গোলিয়াথ ক্ৰেন উদ্বোধন কৰে। এই মাইলৰ খুঁটি বৃহৎ আৰু অধিক জটিল জাহাজ নিৰ্মাণ আৰু ভাৰতৰ থলুৱা সামুদ্ৰিক সামৰ্থ্যৰ উন্নীতকৰণৰ লগতে এইচএছএলৰ সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সমাৱেশক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ব্যক্তিগত সাফল্যৰ বাহিৰেও এই তিনিটা মাইলৰ খুঁটিৰ গুৰুত্ব আছে। "এফএছএছ-১ ৰ শুভাৰম্ভ হৈছে কৃতিত্বৰ প্ৰতীক, এফএছএছ-৫ৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণি হৈছে সংকল্পৰ প্ৰতীক আৰু নতুন শ্লিপৱে আমাৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰতীক", তেওঁ লগতে কয় যে এইচএছএলে কেৱল ইয়াৰ জাহাজ নিৰ্মাণ ক্ষমতাই নহয়, ভাৰতৰ সামুদ্ৰিক শক্তিৰ ভেটিও শক্তিশালী কৰি তুলিছে।

১৯৪৮ চনত বিশাখাপট্টনমত স্বাধীন ভাৰতত নিৰ্মিত প্ৰথমখন জাহাজ 'জলা ঊষা"ৰ শুভাৰম্ভক স্মৰণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দীৰ্ঘদিনীয়া সামুদ্ৰিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰি কয় যে সমুদ্ৰৰ সৈতে দেশখনৰ সম্পৰ্ক প্ৰাচীন কালৰ। তেওঁ এইচএছএলক ভাৰতৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক সামৰ্থ্যৰ ৰক্ষক হিচাপে অভিহিত কৰে আৰু আঠ দশকৰো অধিক সময় ধৰি দেশৰ সামুদ্ৰিক আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাত ইয়াৰ অৱদানক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত অহাৰ পিছত  ২০২৫ চনত এইচএছএল-এ মিনিৰত্ন শ্ৰেণী-১ৰ মৰ্যাদা লাভ কৰাটো ইয়াৰ পৰিৱৰ্তন আৰু দীৰ্ঘকালীন প্ৰচেষ্টাক প্ৰতিফলিত কৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

নৌবাহিনীক সমৰ্থন কৰা জাহাজ কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি ৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই জাহাজসমূহে ভাৰত মহাসাগৰ অঞ্চলত নৌবাহিনীৰ প্ৰৱেশাধিকাৰ, সহনশীলতা আৰু কাৰ্য্কৰী কাৰ্যকাৰীতাক শক্তিশালী কৰিব। তেওঁ উল্লেখ কৰে যে দূৰৱৰ্তী সামুদ্ৰিক অঞ্চলত সম্প্ৰসাৰিত সময়ৰ বাবে কাম কৰা নৌসেনাক কেৱল যুদ্ধজাহাজে নহয় মালবাহী, ৰক্ষণাবেক্ষণ, ধাৰাবাহিক সমৰ্থন আৰু কাৰ্যকৰী সহনশীলতাৰো প্ৰয়োজন। ফ্লিট সমৰ্থিত জাহাজসমূহে সাগৰত পুনৰুদ্ধাৰ আৰু নৌ অভিযানসমূহক ধাৰাবাহিক সমৰ্থনৰ জৰিয়তে এই অত্যাৱশ্যকীয় সামৰ্থ্য প্ৰদান কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এফএছএছ- ১ৰ শুভাৰম্ভই নৌবাহিনীৰ কাৰ্যকৰী প্ৰৱেশ আৰু সহনশীলতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গুৰুত্ব আৰোপ কৰে৷ আনহাতে এফএছএছ-৫ৰ নিৰ্মাণকাৰ্যৰ আৰম্ভই ভাৰতৰ সামুদ্ৰিক ভৱিষ্যতৰ বাবে আন এক শক্তিশালী ভেটি স্থাপন কৰিছে বুলি তেওঁ উল্লেখ কৰে।

নেভী ৱাইভছ ৱেলনেছ এছ’চিয়েছনৰ (এনডব্লিউডব্লিউএ) সভাপতি শ্ৰীমতী লায়লা স্বামীনাথনে পৰম্পৰাগত সন্মান প্ৰদৰ্শন কৰাৰ পিছত 'সূৰ্য" নামৰ এফএছএছ- ১ মুকলি কৰা হয়। সমাৱেশত ভাগ লোৱা লোকসকলৰ উৎসাহৰ মাজতে জাহাজখন বংগোপসাগৰৰ জলৰাশিত প্ৰৱেশ কৰিছিল। এইচ. এছ. এল.-ৰ দ্বাৰা থলুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা ফ্লিট সমৰ্থিত জাহাজসমূহত উন্নত কাৰ্গো আৰু দ্ৰব্য ক্ষমতা, অন-বোৰ্ড প্ৰথম শাৰীৰ ৰক্ষণাবেক্ষণ কৰ্মশালা, বিভিন্ন দক্ষতা সম্পন্ন হেলিকপ্টাৰ কাৰ্যপ্ৰণালীৰ বাবে হেলিকপ্টাৰ ডেক আৰু আত্ম-প্ৰতিৰক্ষা ব্যৱস্থা থাকিব।

 

বৃহৎ জাহাজ নিৰ্মাণ কাৰ্যসূচীসমূহক সমৰ্থন কৰিবলৈ উন্নত আন্তঃগাঁথনি

উন্নত আন্তঃগাঁথনি এইচএছএলক ৪৫,০০০ ডি ডব্লিউ টি পৰ্যন্ত জাহাজ নিৰ্মাণ আৰু মুকলি কৰিবলৈ সক্ষম কৰিবলৈ উন্নীত শ্লিপৱে-৪ সম্প্ৰসাৰিত আৰু শক্তিশালী কৰা হৈছে। শ্লিপৱে-৩ আৰু ৪ ত বিস্তাৰিত ৩০০ টন ওজনৰ গলিয়াথ ক্ৰেইনখন মেক ইন ইণ্ডিয়াৰ অধীনত কোনেক্ৰেইনৰ সৈতে এম এছ এল এণ্ড টি জিওষ্ট্ৰাকচাৰে ডিজাইন আৰু নিৰ্মাণ কৰিছে। পি. এল. চি. নিয়ন্ত্ৰণ, পৰিৱৰ্তনশীল ফ্ৰিকুৱেন্সি ড্ৰাইভ, টেণ্ডেম লিফ্টিং, ৰিম’ট ডায়েগনষ্টিকছ আৰু পৰিস্থিতি নিৰীক্ষণৰ সৈতে সজ্জিত, ক্ৰেনে আধুনিক ব্লক নিৰ্মাণৰ বাবে গধুৰ ব্লকবোৰ দ্ৰুত আৰু অধিক সঠিকভাৱে পৰিচালনা কৰিবলৈ সক্ষম কৰিব। নতুন আন্তঃগাঁথনিটোৱে এইচ এছ এলৰ বৃহৎ আৰু অধিক জটিল জাহাজ নিৰ্মাণ কাৰ্যসূচী হাতত লোৱাৰ সামৰ্থ্য শক্তিশালী কৰিব আৰু আধুনিক খণ্ড নিৰ্মাণত সহায় কৰিব।

অন্ধ্ৰপ্ৰদেশে ভাৰতৰ সামুদ্ৰিক ভৱিষ্যতত এক বৃহৎ ভূমিকা পালন কৰিব

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহ বিশ্বৰ আগশাৰীৰ জাহাজ নিৰ্মাণ কাৰখানাৰ সৈতে মান, ব্যয়, প্ৰযুক্তি, ডেলিভাৰী আৰু নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ'ব লাগে বুলি গুৰুত্ব আৰোপ কৰি কয় যে "আত্মনিৰ্ভৰশীলতা হৈছে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, কিন্তু গোলকীয় প্ৰতিযোগিতাৰ মনোভাৱ হৈছে পৰৱৰ্তী বৃহৎ অগ্ৰগতি"। ৰক্ষা মন্ত্ৰীগৰাকীয়ে এইচ এছ এলক অন্ধ্ৰপ্ৰদেশৰ বিস্তৃত ঔদ্যোগিক পৰিৱেশ তন্ত্ৰৰ সৈতে অধিক ঘনিষ্ঠভাৱে একত্ৰিত হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যখনৰ এম এছ এম ইসমূহ যোগান ধৰোঁতা হ’ব পাৰে, বিশ্ববিদ্যালয়সমূহে গৱেষণা আৰু দক্ষতা বিকাশত অৰিহণা যোগাব পাৰে, প্ৰযুক্তি কোম্পানীসমূহে ডিজিটেল জাহাজ নিৰ্মাণত সহায় কৰিব পাৰে আৰু ষ্টাৰ্টআপসমূহে সামুদ্ৰিক প্ৰযুক্তি বিকশিত কৰিব পাৰে। তেওঁ কয় যে যোগান ব্যৱস্থা, বন্দৰ আন্তঃগাঁথনি, গৱেষণা, প্ৰযুক্তি আৰু দক্ষ মানৱ শক্তিৰ সহায়ত এইচ এছ এলৰ চাৰিওকাষে এক সম্পূৰ্ণ জাহাজ নিৰ্মাণ পৰিৱেশ তন্ত্ৰ বিকশিত কৰাটো ইয়াৰ উদ্দেশ্য হ'ব লাগে।বিশাখাপট্টনমৰ কৌশলগত গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ইষ্টাৰ্ণ নেভেল কমাণ্ড, নেভেল ডকয়াৰ্ড, এইচ এছ এল আৰু বিশাখাপট্টনম বন্দৰে চহৰখনক এক সংহত সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ ভেটি প্ৰদান কৰে। তেওঁ নৌবাহিনীৰ দক্ষতা, জাহাজ নিৰ্মাণৰ সামৰ্থ্য, অভিযান্ত্ৰিক প্ৰতিভা, বন্দৰৰ আন্তঃগাঁথনি আৰু দক্ষ মানৱ শক্তিক একত্ৰিত কৰি বিশাখাপট্টনমক এক প্ৰধান সামুদ্ৰিক ঔদ্যোগিক কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ আহ্বান জনায়। প্ৰতিৰক্ষা মন্ত্ৰীয়ে নৌবাহিনী, এইচ এছ এল, ডি আৰ ডি অ, শিক্ষা, উদ্যোগ, এম এছ এম ই আৰু ষ্টাৰ্টআপসমূহক জড়িত কৰি এক সংহত ৰাষ্ট্ৰীয় সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।"ভাৰতৰ সামুদ্ৰিক শক্তি কেৱল নৌবাহিনী বা জাহাজ নিৰ্মাণ কাৰখানাৰ দ্বাৰা গঢ়ি তুলিব নোৱাৰি বুলি উল্লেখ কৰি", তেওঁ সকলো অংশীদাৰৰ মাজত অধিক একত্ৰীকৰণৰ আহ্বান জনায়।

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ লক্ষ্য সৰল আৰু স্পষ্ট হ’ব লাগে-উন্নত আৰ্হিত প্ৰস্তুত কৰক। সময়মতে ডেলিভাৰী কৰক। কাৰ্যকৰীভাৱে পৰিচালনা কৰক আৰু ফলপ্ৰসূভাৱে ৰক্ষণাবেক্ষণ কৰক৷" তেওঁ উল্লেখ কৰে যে যোৱা দশকত ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণ পৰিস্থিতিতন্ত্ৰৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে, য’ত ঘৰুৱা আৰ্হি আৰু অত্যাধুনিক প্ৰণালী তথা প্লেটফৰ্ম নিৰ্মাণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ সময়মতে ডেলিভাৰী, উৎপাদনশীলতা, থলুৱা আৰ্হিৰ সামৰ্থ্য, যোগান শৃংখলৰ স্থিতিস্থাপকতা, দক্ষ মানৱ শক্তি, ক্ষমতা আৰু ব্যয় প্ৰতিযোগিতাৰ মূল বিষয় হিচাপে চিনাক্ত কৰিছিল যিয়ে ভাৰতৰ জাহাজ নিৰ্মাণৰ সম্ভাৱনাক বৈশ্বিক প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰাৰ সামৰ্থ্য নিৰ্ধাৰণ কৰিব।

 

এইচ এছ এলৰ বাবে অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰি তেওঁ সময়মতে ডেলিভাৰী কৰাটো এক প্ৰতিষ্ঠানগত সংস্কৃতি হ'বলৈ, আগশাৰীৰ গোলকীয় জাহাজ নিৰ্মাণ কাৰখানাৰ পৰা অধিক শিকা, শক্তিশালী থলুৱা ডিজাইন ক্ষমতা, এম এছ এম ই আৰু ষ্টাৰ্টআপৰ সৈতে অংশীদাৰিত্ব আৰু জীৱন ধাৰণৰ সামৰ্থ্যৰ বিকাশৰ বাবে আহ্বান জনায়। তেওঁ নৌবাহিনী আৰু জাহাজ নিৰ্মাণ কাৰখানাৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতৰ উদ্দেশ্য আত্মনিৰ্ভৰশীলতাৰ বাহিৰেও বৈশ্বিক প্ৰতিযোগিতামূলক পৰ্যায়লৈ যোৱা উচিত। ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সেৱা আগবঢ়াবলৈ আৰু সামুদ্ৰিক প্ৰযুক্তি, জাহাজ মেৰামতি আৰু ৰক্ষণাবেক্ষণ সেৱা আৰু অভিযান্ত্ৰিক দক্ষতাৰ ক্ষেত্ৰত বিশ্বব্যাপী উপস্থিতি বিকশিত কৰাৰ আকাংক্ষা থকা উচিত।

 

অনুষ্ঠানত নৌসেনা প্ৰধান এডমিৰেল কৃষ্ণ স্বামীনাথন, অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পথ, ভৱন, আন্তঃগাঁথনি আৰু উন্নয়ন মন্ত্ৰী শ্ৰী জনাৰ্ধন ৰেড্ডী, বিশাখাপট্টনমৰ সাংসদ শ্ৰী শ্ৰীভাৰত মাথুকুমিলি, সচিব (প্ৰতিৰক্ষা উৎপাদন) শ্ৰী সঞ্জীৱ কুমাৰ, পূব নৌসেনা কমাণ্ডৰ এফ অ' চি-ইন-চি ভাইস এডমিৰেল সঞ্জয় ভাল্লা, পূব সাগৰীয় উপকূলৰ উপকূলৰক্ষী বাহিনীৰ কমাণ্ডাৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডনী মাইকেল, এইচ এছ এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিয়াৰ এডমিৰেল চি ৰঘুৰাম (অৱসৰপ্ৰাপ্ত) আৰু ভাৰতীয় নৌসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

SR/BC


(ৰিলিজ আই ডি : 2319920) অতিথি কক্ষ : 4