প্ৰতিৰক্ষা মন্ত্ৰালয়
ডিআৰডিঅ’ই সম্পন্ন কৰিলে হাই-আল্টিটিউড প্লেটফৰ্মৰ উৰণ পৰীক্ষণ
পোষ্ট কৰা হৈছে:
06 OCT 2026 3:33PM by PIB Guwahati
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ই থলুৱাভাৱে বিকশিত হাই-আল্টিটিউড প্লেটফৰ্মৰ (এইচএপিএছ) এক সফল উৰণ পৰীক্ষণ সম্পন্ন কৰিছে। এই পৰীক্ষামূলক উৰণে সমুদ্ৰপৃষ্ঠৰ পৰা ২১ কিলোমিটাৰ উচ্চতালৈ গতি কৰে আৰু মাটিত অৱতৰণ কৰোৱাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে ২০ কিলোমিটাৰ উচ্চতাত ৩০ মিনিটতকৈ অধিক সময় অৱস্থান কৰে। প্ৰণালীটো সফলতাৰে উদ্ধাৰ কৰা হয় আৰু ইয়াৰ উৰণ ক্ষমতাৰ তথ্য বিশ্লেষণ কৰা হয়।
সমগ্ৰ উৰণ কালছোৱাত গ্ৰাউণ্ড কন্ট্ৰোল ষ্টেচনত এয়াৰবৰ্ণ প্লেটফৰ্মৰ পৰা ৰিয়েল-টাইম ভিডিঅ’ৰ তথ্য আৰু বাহনখনৰ অন্যান্য সকলো স্থিতিমাপ সংগ্ৰহ কৰা হৈছিল, যিয়ে আশানুৰূপ উৰণ প্ৰদৰ্শন প্ৰতিফলিত কৰিছিল। বিভিন্ন উপ-প্ৰণালীৰ উপৰি এই ব্যৱস্থাত এটা জড়তা জোখ ব্যৱস্থা, গ্ল’বেল পজিছনিং ছিষ্টেম ৰিচিভাৰ, অনব’ৰ্ড কেমেৰা আৰু উচ্চতা নিয়ন্ত্ৰণ কৌশলৰ দৰে বিভিন্ন ইনষ্ট্ৰুমেণ্টেচন তথা নিয়ন্ত্ৰণমূলক ইলেক্ট্ৰনিক পেকেজ আছিল। ভাৰতীয় বায়ুসেনা, চেমিলাক, ডিজিচিএ, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু অন্যান্য অসামৰিক কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰাখি এই পৰীক্ষণ সম্পন্ন কৰা হৈছিল।
বায়ুতকৈ পাতল প্ৰণালী হিচাপে ষ্ট্ৰেট’স্ফিয়াৰত দীৰ্ঘকালীন আকাশী নিৰীক্ষণৰ বাবে এই হাই-আল্টিটিউড প্লেটফৰ্মখন আগ্ৰাৰ এৰিয়েল ডেলিভাৰী ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্টে ডিজাইন আৰু বিকাশ কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে হাই-আল্টিটিউড প্লেটফৰ্মৰ সফল উৰণ পৰীক্ষণৰ বাবে ডিআৰডিঅ’, বায়ুসেনা, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু উদ্যোগজগতক অভিনন্দন জনাইছে। তেওঁ উল্লেখ কৰে যে এই সফল পৰীক্ষণে ষ্ট্ৰেট’স্ফিয়াৰত দীৰ্ঘকালীন এয়াৰশ্বিপ গঢ়ি তোলাৰ দিশত ভাৰতৰ আত্মনিৰ্ভৰশীল যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে।
প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ শ্ৰী ৰাজেশ কুমাৰ সিঙে হাই-আল্টিটিউড এয়াৰশ্বিপ প্লেটফৰ্মৰ উৰণ পৰীক্ষণৰ সৈতে জড়িত দলসমূহক অভিনন্দন জ্ঞাপন কৰে।
SR/Kamlesh/MM
(ৰিলিজ আই ডি : 2319913)
অতিথি কক্ষ : 3