নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বাধীনতাৰ পাছত ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্গো প্ৰেৰণ

বগীবিলৰ পৰা ঢাকালৈ প্ৰেৰণ কৰা ৫৪০ টন এপিচিএল মিথানলৰ যাত্ৰা পতাকা জোকাৰি মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ভাৰ্চুৱেলী যোগদান

ব্ৰহ্মপুত্ৰৰে (এনডব্লিউ-২) সৰবৰাহৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূবক বিদেশী বজাৰৰ সৈতে সংযোগ কৰা মালবাহী কৰিডৰ হিচাপে নদীপথৰ পৰীক্ষণ

পুনৰ আজি শুনিবলৈ পোৱা গ’ল ১৯৫৬ চনত নীৰৱ হৈ পৰা ষ্টেমাৰৰ হুইচেলঃ সৰ্বানন্দ সোনোৱাল

পোষ্ট কৰা হৈছে: 05 OCT 2026 4:02PM by PIB Guwahati

৫৪০ মেট্ৰিক টন মিথানল পৰিবাহী এখন বিশেষ জাহাজ (বাৰ্জ) আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা বাংলাদেশৰ ঢাকা অভিমুখে ৰাওনা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী (এমঅ’পিএছডব্লিউ) সৰ্বানন্দ সোনোৱালে বগীবিলৰ পৰা টাগ কুশল কোঁৱৰে ঠেলি দিয়া ডিএলবি পাটকাই নামৰ জাহাজখনৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই এই অনুষ্ঠানত ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা চহৰখনৰ নদী ঘাট বন্ধ হোৱাৰ প্ৰায় ৭০ বছৰ পাছত উজনি অসমৰ পৰা বিদেশী বন্দৰলৈ প্ৰেৰণ কৰা এইখন প্ৰথম মালবাহী জাহাজ।

নামৰূপত ৰাজ্যিক মালিকানাধীন অসম পেট্ৰ’কেমিকেলছ লিমিটেড (এপিচিএল)ৰ দ্বাৰা উৎপাদিত মিথানল বাংলাদেশৰ ঢাকাৰ পাণগাঁও বন্দৰ অভিমুখে ৰাওনা হৈছে। জাহাজখনে ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ ৰাষ্ট্ৰীয় জলপথ-২ৰ পৰা ভাৰত-বাংলাদেশ সীমান্তলৈ প্ৰায় ৭৬৮ কিলোমিটাৰ যাত্ৰা কৰি ভাৰত-বাংলাদেশ প্ৰট’কল ৰুটেৰে (আইবিপিআৰ) আগবাঢ়িব। জাহাজখনে ডিব্ৰুগড়ৰ বগীবিলৰ পৰা ঢাকাৰ নাৰায়ণগঞ্জলৈ মুঠ ১,৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

এই যাত্ৰাৰ জৰিয়তে উত্তৰ-পূবক বিদেশী বজাৰৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে বাণিজ্যিকভাৱে ব্যৱহাৰযোগ্য মালবাহী কৰিডৰ হিচাপে ব্ৰহ্মপুত্ৰৰ ব্যৱহাৰযোগ্যতা পৰ্যবেক্ষণ কৰা হৈছে। ইতিমধ্যে বাংলাদেশলৈ নিয়মীয়া মিথানল সৰবৰাহৰ পৰিকল্পনা কৰা হৈছে। শেহতীয়াকৈ বগীবিল আৰু ধুবুৰীত শুল্ক আৰু প্ৰব্ৰজন কমপ্লেক্স স্থাপন কৰাৰ পৰৱৰ্তী পৰ্যায়ত এই ৰপ্তানি সম্ভৱ হৈ উঠিছে।

‘আমাৰ ককা-আইতাই ডিব্ৰুগড় ঘাটত ষ্টেমাৰৰ হুইচেল শুনি ডাঙৰ হৈছিল। ৭০ বছৰ ধৰি সেই হুইচেলটো নীৰৱ হৈ পৰাৰ লগতে জাহাজ চলাচল বন্ধ হৈ গৈছিল’, সোনোৱালে কয়। ‘আজি এখন জাহাজ ডিব্ৰুগড়ৰ পৰা আকৌ এবাৰ দেশৰ বাহিৰলৈ ওলাই গৈছে। নদীখনে আমাক কেতিয়াও নিৰাশ কৰা নাছিল। কেইবা দশক ধৰি কেৱল ইয়াক পুনৰুজ্জীৱিত কৰাৰ ইচ্ছাশক্তিৰ অভাৱ আছিল।’

মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই অসমৰ বাবে এই দিনটো গৌৰৱময় বুলি অভিহিত কৰে। ‘নামৰূপত উৎপাদিত অসমৰ নিজৰ সামগ্ৰী এতিয়া ৰাজ্যৰ নদীপথেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যাত্ৰা কৰিছে। উত্তৰ-পূব এতিয়া দূৰ নহয়। ই হৈছে পূব দিশৰ ভাৰতৰ প্ৰৱেশদ্বাৰ।’

সোনোৱালে কয় যে এই ৰপ্তানিৰ জৰিয়তে এটা আৰম্ভণি হৈছএ। ‘এয়া হৈছে প্ৰথমটো যাত্ৰা, ইয়াৰ শেষ নহয়’, তেওঁ কয়। ‘অসমৰ যুৱক-যুৱতীসকলক মই কওঁঃ এই নদীখনক লৈ সপোন দেখক। বিশ্ব দৰবাৰ এতিয়া বেছি দূৰ নহয়। ই নিচেই ওচৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত ভাৰতৰ চাহ ৰাজধানী ডিব্ৰুগড়ে এসময়ৰ বিশাল নদী বন্দৰ হিচাপে থকা খ্যাতি পুনৰ ওভতাই পাইছে। আমি এই ঐতিহ্যৰ প্ৰতি সন্মান জনাই বিশ্বমানৰ আন্তঃগাঁথনিৰে ইয়াক নিৰ্মাণ কৰি আছো। ১৯৫৬ চনত নীৰৱ হৈ পৰা ষ্টেমাৰৰ হুইচেলটো পুনৰ শুনিবলৈ পোৱা গৈছে’, সোনোৱালে প্ৰত্যয়েৰে কয়।

ডিব্ৰুগড় এসময়ত পূব ভাৰতৰ ব্যস্ততম নদী বন্দৰসমূহৰ ভিতৰত অন্যতম আছিল। চৰকাৰী ষ্টেমাৰবোৰ ১৮৫৬ চনৰ ভিতৰত তাহানিৰ কলিকতা, বৰ্তমানৰ কলকাতাৰ পৰা চহৰখনত উপস্থিত হৈছিল। ১৮৮২ চনত ডিব্ৰু-শদিয়া ৰে’লৱেৰ কাম-কাজ ডিব্ৰুগড় ষ্টেমাৰ ঘাটৰ পৰা আৰম্ভ হৈছিল। ১৯১৩ চনৰ ভিতৰত ষ্টেমাৰবোৰে চাহ, কাঠ আৰু যাত্ৰীসকলক লৈ দৈনিক ব্ৰহ্মপুত্ৰৰ পৰা চহৰলৈ যাত্ৰা কৰিছিল।

১৯৪৭ চনৰ বিভাজনত সেই পথটো বন্ধ হৈ পৰাৰ ফলত অসমৰ সামগ্ৰীসমূহ পূব পাকিস্তানৰ মাজেৰে পাৰ হৈ কলকাতাত উপস্থিত হ’বলৈ বাধ্য হৈছিল। ১৯৫০ চনৰ ভূমিকম্পই ডিব্ৰুগড়ৰ নদীৰ পৃষ্ঠভাগ সলনি কৰিছিল। ডিব্ৰুগড় ঘাটৰ পৰা নিয়মীয়া বুকিং ১৯৫৪ চনত বন্ধ হৈছিল আৰু চাহৰ সৰবৰাহ ৰে’লপথলৈ স্থানান্তৰিত হোৱাৰ লগে লগে ১৫ অক্টোবৰ, ১৯৫৬ত সম্পূৰ্ণ ঘাটটোৱেই বন্ধ হৈছিল। ১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত নদীৰ পাৰস্পৰিক বাণিজ্য স্থগিত ৰখা হৈছিল। ভাৰত আৰু বাংলাদেশে ১৯৭২ চনত এখন নদী বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছিল। ১৯৮৮ চনত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশটোক ৰাষ্ট্ৰীয় জলপথ-২ হিচাপে ঘোষণা কৰা হৈছিল। জলপথত নিয়মীয়া কাৰ্গো সেৱা ২০১৭ চনৰ ডিচেম্বৰলৈকে আৰম্ভ হোৱা নাছিল আৰু চিমেণ্ট পাণ্ডুৰ পৰা ধুবুৰীলৈ স্থানান্তৰিত হৈছিল।

‘কেইবা দশক ধৰি সেই গৌৰৱ ম্লান হৈ পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি ডিব্ৰুগড়ক ইয়াৰ সঠিক স্থান ঘূৰাই দিবলৈ আগবাঢ়িলো। বগীবিল টাৰ্মিনেল, শুল্ক আৰু প্ৰব্ৰজন কমপ্লেক্স তথা ‘জলবাহক’ৰ অধীনত নিৰ্দিষ্ট সময়সূচীৰ কাৰ্গো সেৱাই এই ঐতিহাসিক চহৰখনক আধুনিক সা-সুবিধা আৰু বিশ্বমানৰ আন্তঃগাঁথনি প্ৰদান কৰিছে। ডিব্ৰুগড়ক মহান কৰি তোলা ঐতিহ্য পুনৰ স্থাপন কৰাৰ সময়ত আমি ভৱিষ্যতৰ বাবে নিৰ্মাণ কৰি আছো। আজি কাৰ্গোৱে ডিব্ৰুগড়ৰ পৰা আকৌ এবাৰ বিদেশী বন্দৰলৈ যোৱাৰ লগে লগে চহৰখনৰ গৌৰৱোজ্জ্বল অতীত আৰু ইয়াৰ প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যত একেটা নদীতে মিলিত হৈছে’, সোনোৱালে লগতে কয়।

তেতিয়াৰ পৰা এই পথত সক্ৰিয়তা বৃদ্ধি পাইছে। টাটা ষ্টীল বাৰ্জ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ মাজেৰে পাণ্ডুত উপস্থিত হৈছিল আৰু নদীৰ ক্ৰুজ জাহাজ এমভি গংগা বিলাস ২০২৩ চনত বাংলাদেশৰ মাজেৰে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। ২০২৩ চনৰ জুলাইত আধাৰশিলা স্থাপন কৰা বগীবিল যাত্ৰী আৰু কাৰ্গো টাৰ্মিনেলটো ২০২৪ চনৰ ফেব্ৰুৱাৰীত মুকলি কৰা হয়। ২০২৪ চনৰ ডিচেম্বৰত ‘জলবাহক’ কাৰ্গো ইনচেণ্টিভ কাৰ্যসূচী আৰম্ভ কৰা হয়।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ (এমঅ’পিএছডব্লিউ) মতে ভাৰতৰ ৰাষ্ট্ৰীয় জলপথত কাৰ্গো ২০১৩-১৪ বিত্তীয় বৰ্ষত ১৮ নিযুত মেট্ৰিক টনৰ পৰা ২১৮ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জলপথত ৬৮ বিলিয়ন টকাতকৈও অধিক (প্ৰায় ৭৭ কোটি ডলাৰ) বিনিয়োগ কৰা হৈছে, যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় জলপথ-২ৰ উন্নয়ন, পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধা আৰু পাণ্ডু বন্দৰৰ সৈতে সূচল সংযোগ।

‘আমি নদীৰে সৰবৰাহ কৰা প্ৰতিটো টনৰ অৰ্থ হৈছে ইন্ধন কম জ্বলোৱা আৰু ঘাইপথটোত ট্ৰাকৰ আহ-যাহ কম হোৱা’, সোনোৱালে কয়। তেওঁ লগতে কয় যে ভাৰতে বাংলাদেশ, নেপাল, ভূটান আৰু ম্যানমাৰৰ সৈতে আঞ্চলিক জলপথ সংযোগৰ ক্ষেত্ৰত কাম কৰি আছে।

এই যাত্ৰাত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম পেট্ৰ’কেমিকেলছ, কোচিন বাংকাৰ্ছ প্ৰাইভেট লিমিটেড আৰু বাংলাদেশৰ অংশীদাৰসকল জড়িত।

ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য তেৰছ গোৱালাৰ লগতে অসমৰ ৰাজ্যিক মন্ত্ৰী চৰণ বড়ো, বিমল বড়া আৰু সুশান্ত বৰগোহাঁই উপস্থিত থাকে। তদুপৰি ডিব্ৰুগড় এল এ চিৰ বিধায়ক প্ৰশান্ত ফুকন, খোৱাং এল এ চিৰ বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। আইডব্লিউএআইৰ মুখ্য অভিযন্তা এ কে বাঞ্চাল আৰু অসম পেট্ৰ’কেমিকেলছ এপিচিএলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাৰ লগতে এপিচিএল, আইডব্লিউএআই আৰু অসম চৰকাৰৰ বিষয়াসকলেও এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

***

MI/Indu/DD


(ৰিলিজ আই ডি : 2319240) অতিথি কক্ষ : 20