প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছৰ পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা অংকুশক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
02 OCT 2026 6:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাৰ চূড়ান্ত যুঁজত আকৰ্ষণীয় বিজয় সাব্যস্ত কৰি সোণৰ পদক অৰ্জন কৰা অংকুশক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে অংকুশৰ স্পৃহা আৰু নিষ্ঠা উল্লেখনীয়। তেওঁ লগতে কয় যে অংকুশৰ এই সফলতাই এছিয়ান গেমছত ভাৰতৰ বক্সিং অভিযান এক চমকপ্ৰদ সফলতাৰে সামৰণি পৰাটো সুনিশ্চিত কৰিলে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে;
"অংকুশে জয় কৰিলে সোণৰ পদক!
ফাইনেলত এক দৰ্শনীয় বিজয়েৰে এছিয়ান গেমছৰ পুৰুষৰ ৮০ কেজি বক্সিঙত সোণৰ পদক অৰ্জন কৰা অংকুশক অভিনন্দন। তেওঁৰ খেলৰ প্ৰতি থকা স্পৃহা আৰু নিষ্ঠা প্ৰশংসনীয়। তেওঁৰ এই সফলতাই এছিয়ান গেমছত ভাৰতৰ বক্সিং যাত্ৰাই এক ধুমধামেৰে সামৰণি পৰাটো হোৱাটো নিশ্চিত কৰিলে: প্ৰধানমন্ত্ৰী @narendramodi"
*****
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2319064)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam