বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে ডি আৰ আইৰ তিনিটা অভিযানত প্ৰায় ৭ কিলোগ্ৰাম এম্ফেটামাইন, ৫ কিলোগ্ৰাম কোকেইন আৰু ৩.৫ কিলোগ্ৰাম হেৰ’ইন জব্দ ; ৫ জনক গ্ৰেপ্তাৰ


দ্ৰুত গতিত খেদি চকলেট টিউবত লুকুৱাই ৰখা কোকেইন আৰু গাড়ী-পুলিং টেক্সীৰ যাত্ৰীৰ পৰা হেৰ’ইন আটক কৰা ঘটনাই সমগ্ৰ দেশতে চোৰাংচোৱাৰ নেতৃত্বত চলোৱা অভিযানসমূহক চিহ্নিত কৰে

পোষ্ট কৰা হৈছে: 04 OCT 2026 9:05PM by PIB Guwahati

অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ইয়াৰ ধাৰাবাহিক কঠোৰ অভিযান অব্যাহত ৰাখি, ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-এ ২৯-৩০-০৯-২৬ লৈ চলোৱা তিনিটা পৃথক চোৰাংচোৱা নেতৃত্বাধীন অভিযানত ১৫.৫৯ কিলোগ্ৰাম বিপজ্জনক নিষিদ্ধ ড্ৰাগছ, এম্ফেটামাইন, কোকেইন আৰু হেৰ’ইন জব্দ কৰিছে। ১৯৮৫ চনৰ এন ডি পি এছ আইনৰ অধীনত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

৩০-০৯-২৬ ত এক নাটকীয় অভিযানত ডি আৰ আই-এ কেন্দ্ৰীয় নাৰ্ক’টিক্স ব্যুৰো (চি বি এন)-ৰ সৈতে মধ্যপ্ৰদেশৰ উজ্জয়িনী-দেৱাস টোল প্লাজাত এম্ফেটামাইন লৈ যোৱাৰ সন্দেহ কৰা এখন মহিন্দ্ৰা থাৰ বাহনক বাধা দিছিল। ৰৈ থাকিবলৈ সংকেত দিয়াৰ লগে লগে চালকজনে বেৰিকেড ভাঙি পলায়ন কৰে। বিষয়াসকলে ইয়াক সফলতাৰে বাধা দিয়াৰ আগতে প্ৰায় ১.৫ ঘণ্টা ধৰি তীব্ৰ গতিৰ বাহনখনক অনুসৰণ কৰি ইন্দোৰৰ বিচোলি মৰ্দানাৰ ওচৰত বাহনখন জব্দ কৰে। বাহনখনৰ বিশদ অনুসন্ধান কৰি  পাছফালৰ দুৱাৰত লগোৱা এটা স্পেয়াৰ (ষ্টেপনি) টায়াৰৰ ভিতৰত কৌশলপূৰ্ণভাবে লুকুৱাই ৰখা ড্ৰাগছখিনি জব্দ কৰে। টায়াৰটো খুলি বিষয়াসকলে ২১ টা পেকেট উদ্ধাৰ কৰে য’ত ৭.১১৬ কিলোগ্ৰাম(মুঠ) বগা-হালধীয়া স্ফটিকীয় পদাৰ্থ আছিল।  এন ডি পি এছ ফিল্ড টেষ্ট কিট ব্যৱহাৰ কৰি এই সামগ্ৰীখিনি এম্ফেটামাইনৰ বুলি চিনাক্ত কৰা হয়। এম্ফেটামাইনৰ জব্দ কৰাৰ লগতে এন ডি পি এছ আইন,১৯৮৫-ৰ অধীনত তিনিওজন আৰোহীকে গ্ৰেপ্তাৰ কৰা হয়।

 

২৯-০৯-২৬ ৰ আন এটা ঘটনাত ডিআৰআইয়ে কোকেইনৰ চোৰাং সৰবাহৰ বিষয়ে নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডোহাৰ পৰা অহা এজন ভাৰতীয় যাত্ৰীক বাধা দি আটক কৰে। তেওঁৰ কেবিন বেগেজ পৰীক্ষা কৰি সাতটা চকলেট টিউব পোৱা যায়, যিবোৰ চিহ্নিত ওজনতকৈ অস্বাভাৱিকভাৱে গধুৰ যেন লাগিছিল। টিউববোৰ খোলাৰ পাছত বিষয়াসকলে চকলেটবোৰৰ সৈতে কৌশলপূৰ্ণভাবে লুকুৱাই ৰখা ২০৭ টা পাতল-হালধীয়া ডিম্বাকৃতিৰ কেপচুল পায়। কেপচুলবোৰৰ পৰীক্ষা কৰি এটা বগা পাউডাৰ জাতীয় পদাৰ্থ পোৱা গৈছিল, নাৰ্ক’টিক ড্ৰাগ ডিটেকশ্যন কিট ব্যৱহাৰ কৰি যিবোৰ পাছত কোকেইনৰ বুলি পজিটিভ চিনাক্ত কৰা হয়। মুঠ ৪.৯ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হয়। যাত্ৰীজনক ১৯৮৫  চনৰ এন ডি পি এছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

ড্ৰাগছৰ পৰিবহণ সম্পৰ্কীয় নিৰ্দিষ্ট চোৰাংচোৱাৰ ওপৰত আধাৰিত কৰি ২৯.০৯.২৬ ৰ তৃতীয়টো অভিযানত ডি আৰ আইৰ বিষয়াসকলে পঞ্জাৱৰ জলন্ধৰৰ উপকণ্ঠত থকা ফিলৌৰৰ সমীপত সমন্বিত নিৰীক্ষণ চলাইছিল। শতদ্রু নদীৰ ওপৰত থকা দলংখনৰ ওচৰত একাধিক বাহন পৰীক্ষা কৰাৰ পাছত, সন্দেহযুক্ত লোকজনক এখন ভাড়া গাড়ী-পুলিং টেক্সীত যাত্ৰী হিচাপে চিনাক্ত কৰা হয়।

সন্দেহযুক্ত লোকজনক তালাচী চলোৱাৰ সময়ত তেওঁৰ লগত থকা এটা নীলা বেকপেকৰ ভিতৰত লুকুৱাই ৰখা তিনিটা পেকেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত আৰু দুটা সৰু পেকেট আছিল। ফিল্ড-টেষ্টিং কিট ব্যৱহাৰ কৰি পেকেটৰ সামগ্ৰীসমূহ হেৰ’ইনৰ বুলি চিনাক্ত কৰা হয়। মুঠ ৩.৫৭৪ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰা হয় আৰু এই নিষিদ্ধ সামগ্ৰী অনা লোকজনক ১৯৮৫  চনৰ এন ডি পি এছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

এই তিনিটা অভিযানে বিভিন্ন সৰবৰাহৰ পথ আৰু অভিনৱ পদ্ধতিৰে লুকুৱাই ৰখা পদ্ধতি চিনাক্ত কৰাৰ ক্ষেত্ৰত ডি আৰ আইৰ চোৰাংচোৱা নেতৃত্বাধীন দৃষ্টিভংগী প্ৰদৰ্শন কৰে। ডিআৰআই সংগঠিত ড্ৰাগছ সৰবৰাহ নেটৱৰ্ক ব্যাহত কৰিবলৈ আৰু সমগ্ৰ দেশতে নিচাজাতীয় দ্ৰব্য তথা চাইকোট্ৰপিক পদাৰ্থৰ সৰবৰাহ প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

 

SR/KT/KMN/MK


(ৰিলিজ আই ডি : 2319004) অতিথি কক্ষ : 8