উপ-ৰাষ্ট্ৰপতি সচিবালয়
নতুন দিল্লীত অনুষ্ঠিত পঞ্চম কৌটিল্য অৰ্থনৈতিক সন্মিলনত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণৰ উদ্বোধনী ভাষণ
অৰ্থনৈতিক সবলীকৰণক সামাজিক সবলীকৰণৰ পৰা পৃথক কৰিব নোৱাৰি: উপ-ৰাষ্ট্ৰপতি
পৰিৱৰ্তনশীলতাৰ সাম্প্ৰতিক যুগত অন্তৰ্ভুক্তিকৰণেই সবলীকৰণৰ ভেটি: উপ-ৰাষ্ট্ৰপতি
কোনো নাগৰিক, উদ্যোগ বা অঞ্চল যাতে পিছ পৰি নাথাকে, তাক নিশ্চিত কৰাটোতেই প্ৰকৃত সবলীকৰণ নিহিত হৈ থাকে: উপ-ৰাষ্ট্ৰপতি
ভাৰতে প্ৰমাণ কৰি দেখুৱাইছে যে গণতন্ত্ৰ আৰু উন্নয়ন একেলগে আগবাঢ়ি যাব পাৰে: উপ-ৰাষ্ট্ৰপতি
পোষ্ট কৰা হৈছে:
03 OCT 2026 11:56AM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি ‘পৰিৱৰ্তনশীল সময়ত সবলীকৰণ’ শীৰ্ষক বিষয়ত নতুন দিল্লীত আয়োজিত পঞ্চম কৌটিল্য অৰ্থনৈতিক সন্মিলনত উদ্বোধনী ভাষণ দিয়ে। সন্মিলনত অংশগ্ৰহণ কৰা নীতি-নিৰ্ধাৰণকাৰী, অৰ্থনীতিবিদ, শিক্ষাবিদ, বাণিজ্য ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক উদ্দেশ্য কৰি দিয়া এই ভাষণত তেওঁ দ্ৰুতগতিত পৰিৱৰ্তনশীল গোলকীয় পৰিস্থিতিৰ মাজত সহনশীল, সামগ্ৰিক আৰু সঁহাৰিমূলক অৰ্থনৈতিক নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অৰ্থনৈতিক বিকাশ প্ৰতিষ্ঠান -ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থ (আই ই জি)ৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ১৯৫২ চনত অধ্যাপক ভি কে আৰ ভি ৰাওৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰাৰ পৰাই এই প্ৰতিষ্ঠানটো দেশৰ উন্নয়নৰ যাত্ৰাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আহিছে। পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নীতিসমূহ নমনীয় তথা সঁহাৰিমূলক হোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ সুস্থ নীতি-নিৰ্ধাৰণ বাস্তৱ পৰিস্থিতিৰ গভীৰ বুজাবুজিৰ ওপৰত আধাৰিত হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।
শ্ৰী ৰাধাকৃষ্ণণে কয় যে পৰিৱৰ্তনশীল সময়ত সিদ্ধান্ত গ্ৰহণৰ দৃঢ়তা ঐক্যমতৰ ভিত্তিত প্ৰতিষ্ঠিত হ’ব লাগিব। বিতৰ্ক আৰু আলোচনা গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় যে সেয়া হ’লেও শেষ পৰ্যন্ত সেইবোৰে ব্যাপক গ্ৰহণযোগ্যতাৰ পৰ্যায়ত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰা উচিত। ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে তেওঁ এই বুলি মত প্ৰকাশ কৰে যে মুক্ত আৰু স্বচ্ছ বিতৰ্কই গণতন্ত্ৰক শক্তিশালী কৰে, পিচে অধিকাৰ আৰু কৰ্তব্য পৰস্পৰৰ সৈতে সমানে জড়িত হৈ আগবাঢ়ি যাব লাগিব।
গণতন্ত্ৰ আৰু উন্নয়ন উভয়ে যে একে সময়তে আগবাঢ়ি যাব পাৰে সেই কথা ভাৰতবৰ্ষই দেখুৱাই দিব পাৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে গণতান্ত্ৰিক গাঁথনিৰ ভিতৰতেই দেশে অৰ্থনৈতিক উন্নয়ন আৰু সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। সহমত গঢ়ি তোলাৰ এই প্ৰক্ৰিয়াই অৰ্থনৈতিক সংস্কাৰসমূহক অধিক স্থায়িত্ব আৰু বহনক্ষমতা প্ৰদান কৰিছে বুলিও তেওঁ উল্লেখ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই অভিজ্ঞতাই ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়াৰ দৃষ্টিভংগীৰ বাবে গুৰুত্বপূৰ্ণ ভেটি প্ৰতিষ্ঠা কৰিছে।
অৰ্থনৈতিক সবলীকৰণক সামাজিক সবলীকৰণৰ পৰা নিলগাই ৰাখিব নোৱাৰি বুলি মত প্ৰকাশ কৰি তেওঁ বিত্তীয় অন্তৰ্ভুক্তিকৰণ, স্বচ্ছতা আৰু আনুষ্ঠানিকতা প্ৰদানৰ বিষয়ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ‘জে এ এম’ হিচাপে পৰিচিত তিনি তৰপীয়া আঁচনি, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু জি এছ টিৰ ৰূপান্তৰকাৰী ভূমিকাৰ প্ৰতি আলোকপাত কৰে। চলিত বৰ্ষৰ আগষ্ট মাহলৈকে ৫৯ কোটিতকৈও অধিকসংখ্যক জন ধন একাউণ্ট খোলা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে জি এছ টি পঞ্জীয়নৰ সংখ্যা ২০১৭ চনৰ প্ৰায় ৬৫.৫ লাখৰ পৰা বৃদ্ধি পাই চলিত বৰ্ষৰ মে’ মাহত ১.৬৫ কোটিত উপনীত হোৱাৰ তথ্য দাঙি ধৰে।
শ্ৰী ৰাধাকৃষ্ণণে কয় যে অন্তৰ্ভুক্তিকৰণ কেৱল জনসাধাৰণক আনুষ্ঠানিক অৰ্থনীতিৰ পৰিসৰলৈ অনাৰ মাজতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ ই মানুহক মূল্য সৃষ্টি, আয় উপাৰ্জন আৰু উদ্যোগী হিচাপে আত্মপ্ৰতিষ্ঠা কৰাৰ সুযোগো প্ৰদান কৰিব লাগিব। ৯২ লাখৰো অধিক আত্মসহায়ক গোটৰ অৱদানৰ প্ৰতি আঙুলিয়াই দি তেওঁ কয় যে এনে গোটসমূহে গ্ৰামাঞ্চলৰ ১০ কোটিতকৈও অধিক মহিলাক সামৰি লৈছে। তেওঁ লগতে ৩ কোটি ৪৬ লাখতকৈও অধিক ‘লাখপতি দিদি’ৰ উত্থানৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে ভাৰতৰ ‘মহিলা সবলীকৰণ’ৰ পৰা ‘মহিলা-নেতৃত্বাধীন উন্নয়ন’লৈ হোৱা পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে।
সবলীকৰণ কেৱল কোনো সংস্থা-পৰিষদৰ কাৰ্যালয় কক্ষত অথবা বিত্তীয় বজাৰতেই গঢ় লৈ নুঠে বুলি মত প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে এখন গাঁৱৰ এগৰাকী মহিলাই বেংক একাউণ্ট খোলা, চৰকাৰী সুবিধা পোনপটীয়াকৈ লাভ কৰা, আনুষ্ঠানিক অৰ্থনীতিত প্ৰৱেশ কৰা আৰু এটা আত্মসহায়ক গোটক একোটা উদ্যোগলৈ ৰূপান্তৰ কৰা সময়তো সবলীকৰণ গঢ় লৈ উঠে। দেশৰ ২৫ কোটিতকৈও অধিক লোকে চৰম দাৰিদ্ৰ্যতাৰ পৰা মুক্তি লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ ইয়াক ঐতিহাসিক সাফল্য বুলি অভিহিত কৰে। তদুপৰি তেওঁ ভাৰতৰ উন্নয়নৰ যাত্ৰাত প্ৰতিখন ৰাজ্য, প্ৰতিটো জিলা আৰু প্ৰতিখন গাঁও সমান অংশীদাৰ হ’ব লাগিব বুলিও দৃঢ়তাৰে উল্লেখ কৰে।
অধিক শক্তিশালী গৱেষণা আৰু প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ বাবে আহ্বান জনাই শ্ৰী চি. পি. ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়, দিল্লী স্কুল অৱ ইকনমিকছ, লণ্ডন স্কুল অৱ ইকনমিকছ আৰু অৰ্থনৈতিক বিকাশ প্ৰতিষ্ঠান (ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থ)ৰ মাজত সম্পাদিত সহযোগিতাৰ ব্যৱস্থাক আদৰণি জনায়। এনে অংশীদাৰিত্বৰ লগতে ভাৰতৰ সম্প্ৰসাৰিত বাণিজ্যিক সম্পৰ্কই গৱেষণা, শিক্ষা, উদ্ভাৱন আৰু উদ্যমিতাৰ ক্ষেত্ৰসমূহক অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
বক্তব্যৰ সামৰণিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘পৰিৱৰ্তনক প্ৰতিহত কৰাৰ চেষ্টাৰ জৰিয়তে নহয়, বৰঞ্চ আত্মবিশ্বাস, অন্তৰ্ভুক্তিকৰণ অথবা সামৰি লোৱা আৰু সামূহিক প্ৰচেষ্টাৰ মনোভাৱেৰে পৰিৱৰ্তনক আঁকোৱালি লোৱাৰ জৰিয়তহে’ ভাৰতবৰ্ষৰ সবলীকৰণ সম্ভৱপৰ হ’ব। তেওঁ এইবুলিও আশা প্ৰকাশ কৰে যে পঞ্চম কৌটিল্য অৰ্থনৈতিক সন্মিলনত হোৱা আলোচনা-বিলোচনাই ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় প্ৰয়াসৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়াব।
অনুষ্ঠানত আই ই জিৰ সভাপতি তথা ন্যাসৰক্ষী পৰিষদৰ সদস্য এন. কে. সিং, আই ই জিৰ ব’ৰ্ড অৱ গভৰ্ণৰছৰ অধ্যক্ষ ড° মাইকেল দেবব্ৰত পাত্ৰ আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
***
PR/ASM/VMJ/UD
(ৰিলিজ আই ডি : 2318645)
অতিথি কক্ষ : 4