বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলৱাকীত অনুষ্ঠিত জি২০ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অন্তিম দিনা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বিশ্ব বাণিজ্যৰ বিকৃতি শুধৰণিৰ বাবে ডব্লিউটিঅ'ৰ বিধিসম্মত দৃষ্টিভংগী গ্ৰহণৰ আহ্বান জনায়
শ্ৰী পীয়ুষ গোৱেলে বলপূৰ্বক শ্ৰম নিৰ্মূলৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ ব্যক্ত কৰাৰ লগতে প্ৰমাণভিত্তিক বাণিজ্য ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়
পোষ্ট কৰা হৈছে:
02 OCT 2026 12:32PM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে উইচকনচিনৰ মিলৱাকীত অনুষ্ঠিত জি২০ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অন্তিমদিনা অংশগ্ৰহণ কৰে আৰু গাঁথনিগত অতিৰিক্ত ক্ষমতা তথা উৎপাদন, সৰ্বাধিক পছন্দৰ ৰাষ্ট্ৰ নীতিৰ আধুনিকীকৰণ, গোলকীয় যোগান শৃংখলত বলপূৰ্বক শ্ৰম নিৰ্মূল আৰু সামৰণি অধিৱেশনত বক্তব্য আগবঢ়ায়।
গাঁথনিগত অতিৰিক্ত ক্ষমতা আৰু উৎপাদন সন্দৰ্ভত বক্তব্য ৰাখি গোৱেলে কয় যে ১৪০ কোটি লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰা ঘৰুৱা চাহিদাকেন্দ্ৰিক অৰ্থনীতিৰে ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি। ইয়াৰ উপৰি গোলকীয় যোগান শৃংখলৰ এক বিশ্বস্ত অংশীদাৰ হিচাপে ভাৰতে ডিজাইনৰ পৰা আৰম্ভ কৰি সমাপ্ত সামগ্ৰী প্ৰস্তুতকৰণলৈকে উৎপাদনৰ মূল্য শৃংখল গঢ়ি তুলিছে। তেওঁ কয় যে ভাৰতৰ উৎপাদন ক্ষমতাই ইয়াৰ ঘৰুৱা আৰু গোলকীয় প্ৰয়োজনীয়তা পূৰণ কৰে আৰু জি২০ অধ্যক্ষতাই চিনাক্ত কৰা খণ্ডসমূহত ভাৰতৰ কোনো গাঁথনিগত অতিৰিক্ত ক্ষমতা নাই।
গোৱেলে কয় যে কিছুমান দেশৰ অৰ্থনীতিত বাণিজ্য-বিকৃতিকাৰী সাহায্যই 'ডাম্পিং' আৰু হ্ৰস্বমূল্য নিৰ্ধাৰণৰ সৃষ্টি কৰিব পাৰে বুলি বহু সদস্য ৰাষ্ট্ৰই প্ৰকাশ কৰা উদ্বেগৰ সৈতে ভাৰতো একমত। তেওঁ কয় যে প্ৰমাণৰ ভিত্তিত আৰু ন্যায়িক পৰ্যালোচনা সাপেক্ষে এণ্টি-ডাম্পিং তথা কাউণ্টাৰভেইলিং শুল্ককে ধৰি ডব্লিউটিঅ'ৰ বিধিসম্মত ব্যৱস্থাৰ জৰিয়তে এনে উদ্বেগসমূহ সমাধান কৰা হয়। তেওঁ গুৰুত্ব আৰোপ কৰে যে ঔদ্যোগিক ক্ষমতা নিজেই কোনো সমস্যা নহয়, বৰঞ্চ গোপন ৰাজসাহায্য আৰু সহায়ৰ দ্বাৰা কোনো নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত উৎপাদন কেন্দ্ৰীভূত হ'লেহে বেমেজাালিৰ সৃষ্টি হ'ব পাৰে। তেওঁ কয় যে উৎপাদন আৰু যোগান শৃংখলৰ বৈচিত্ৰ্যকৰণ এক যুক্তিসংগত উদ্দেশ্য, কিন্তু ইয়াক ডব্লিউটিঅ'ৰ নিয়মৰ বাহিৰৰ ব্যৱস্থা গ্ৰহণৰ অজুহাত হিচাপে নাইবা ঔদ্যোগিকীকৰণৰ নীতিগত স্বাধীনতা অক্ষুণ্ণ ৰাখিবলগীয়া উন্নয়নশীল দেশসমূহৰ ওপৰত সালসলনিৰ বোজা জাপি দিয়াৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। তেওঁ লগতে কয় যে পৰিসংখ্যা আৰু তথ্যৰ আদান-প্ৰদান বিদ্যমান ব্যৱস্থাৰ ভিতৰতেই হ'ব লাগে।
সৰ্বাধিক পছন্দৰ ৰাষ্ট্ৰ নীতিৰ আধুনিকীকৰণ সন্দৰ্ভত গোৱেলে কয় যে জি২০ সদস্যসকলৰ সৈতে ভাৰতৰ বাণিজ্য এক স্বচ্ছ, বৈষম্যহীন আৰু নিয়মভিত্তিক বাণিজ্য ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয় যে সৰ্বাধিক পছন্দৰ ৰাষ্ট্ৰ ব্যৱস্থা হৈছে এই পদ্ধতিৰ এক মূল নিশ্চয়তা, যিয়ে ক্ষুদ্ৰতম আৰু বৃহত্তম ব্যৱসায়ী উভয়ৰে ক্ষেত্ৰতে একে নীতি-নিয়ম প্ৰযোজ্য হোৱাটো নিশ্চিত কৰে। তেওঁ এইবুলি গুৰুত্ব আৰোপ কৰে যে সৰ্বসন্মতি হৈছে ডব্লিউটিঅ'ৰ মূল ভেটি আৰু উন্নয়নশীল দেশসমূহে যাতে উন্নত অৰ্থনীতিসমূহৰ সমকক্ষ হ'ব পাৰে, তাৰ বাবে বিশেষ আৰু পৃথক ব্যৱস্থা সুৰক্ষিত কৰি ৰাখিব লাগিব। তেওঁ লগতে দ্বিস্তৰীয় বিবাদ নিষ্পত্তি ব্যৱস্থা পুনৰ বাহাল ৰখাৰ আহ্বান জনায়।
গোলকীয় যোগান শৃংখলত বলপূৰ্বক শ্ৰম নিৰ্মূলৰ সন্দৰ্ভত গোৱেলে কয় যে বলপূৰ্বক শ্ৰম নিৰ্মূলৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা চূড়ান্ত আৰু চৰ্তহীন। তেওঁ উল্লেখ কৰে যে সংবিধানৰ ২৩ নং অনুচ্ছেদে বলপূৰ্বক শ্ৰমক এক মৌলিক অধিকাৰ হিচাপে নিষিদ্ধ কৰিছে, যাক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বলৱৎ কৰিব পাৰি। তেওঁ কয় যে ভাৰতে আইএলঅ'ৰ ২৯ আৰু ১০৫ নং কনভেনচনৰ অনুমোদন জনাইছে আৰু ২০২৬ চনৰ জুলাই মাহত বলপূৰ্বক শ্ৰম ব্যৱহাৰ কৰি উৎপাদিত সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰিবলৈ নিজৰ বৈদেশিক বাণিজ্য নীতি সংশোধন কৰিছে।
গোৱেলে কয় যে সমগ্ৰ দেশ, অঞ্চল বা খণ্ডসমূহৰ ওপৰত কৰা ধাৰণাৰ পৰিৱৰ্তে নিৰ্দিষ্ট আৰু সত্যাপনযোগ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে সীমান্তৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত উচিত প্ৰক্ৰিয়া তথা ডব্লিউটিঅ'ৰ নিয়মসমূহ মানি চলিব লাগিব। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা হৈছে শ্ৰমৰ মান নিৰ্ধাৰণৰ বাবে একমাত্ৰ উপযুক্ত, সাৰ্বজনীন আৰু ত্ৰিপাক্ষিক সংস্থা। ভাৰতে বলপূৰ্বক শ্ৰম নিৰ্মূলৰ লক্ষ্য আৰু জি২০ সদস্যসকলৰ মাজত উৎকৃষ্ট পদ্ধতিসমূহৰ স্বেচ্ছামূলক আদান-প্ৰদানক সমৰ্থন কৰে, যদিহে এনে সহযোগিতাই সদস্যসকলৰ ওপৰত নিৰীক্ষণ নকৰে, নতুন বাধ্যবাধকতাৰ সৃষ্টি নকৰে নাইবা তথ্যসমূহ একপক্ষীয় বাণিজ্য পদক্ষেপৰ ভিত্তি হিচাপে ব্যৱহাৰ নহয়।
গোৱেলে মিলৱাকীত কৰা সুন্দৰ ব্যৱস্থা আৰু আতিথ্যৰ বাবে ৰাষ্ট্ৰদূত গ্ৰীৰ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জি২০ অধ্যক্ষতাক ধন্যবাদ জ্ঞাপন কৰে। যিবোৰ বিষয় একেলগে সমাধান কৰিব নোৱাৰি, সেইবোৰে সমাধান কৰিব পৰা বিষয়বোৰৰ পথত যাতে বাধাৰ সৃষ্টি নহয় বুলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা কথা স্মৰণ কৰি গোৱেলে কয় যে ভাৰতে এই মনোভাৱেৰেই এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু চাৰিওটা বিষয়তে নিজৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে গঠনমূলক পৰামৰ্শ আগবঢ়াইছে।
মন্ত্ৰীগৰাকীয়ে ডব্লিউটিঅ'ক কেন্দ্ৰত ৰাখি এক নিয়মভিত্তিক, ন্যায়সংগত, সমতাপূৰ্ণ, বৈষম্যহীন, স্বচ্ছ, মুক্ত, সৰ্বাংগীন আৰু বহুমুখী বাণিজ্য ব্যৱস্থাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ ব্যক্ত কৰে। সৰ্বসন্মতিৰে সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক বাহাল ৰখাৰ লগতে উন্নয়নশীল দেশসমূহে যাতে নিজৰ বিকাশ সাধন কৰিব পাৰে আৰু জনসাধাৰণক পালন কৰিব পাৰে, তাৰ বাবে নীতিগত স্বাধীনতা অক্ষুণ্ণ ৰখাৰ গুৰুত্বৰ ওপৰত তেওঁ আলোকপাত কৰে। গোৱেলে ২০২৭ চনৰ জি২০ অধ্যক্ষতাৰ বাবে ব্ৰিটেইন যুক্তৰাজ্যলৈ ভাৰতৰ পূৰ্ণ সমৰ্থন আগবঢ়ায়।
বৈঠকৰ মাজতে গোৱেলে অষ্ট্ৰেলিয়াৰ বাণিজ্য আৰু পৰ্যটন মন্ত্ৰী, চৌদি আৰবৰ বাণিজ্য মন্ত্ৰী, ফ্ৰান্সৰ বৈদেশিক বাণিজ্য আৰু ইক’ন’মিক এট্ৰাক্টিভনেছ প্ৰতিনিধি মন্ত্ৰী, কোৰিয়া প্ৰজাতন্ত্ৰৰ বাণিজ্য মন্ত্ৰী আৰু কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।


Abhishek Dayal/ Garima Singh/ Ishita Biswas/MM
(ৰিলিজ আই ডি : 2318329)
অতিথি কক্ষ : 2