ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

গান্ধী জয়ন্তীৰ প্ৰাক্‌ক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 01 OCT 2026 7:01PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গান্ধী জয়ন্তীৰ প্ৰাক্‌ক্ষণত দিয়া বাৰ্তাত কয়—“সমগ্ৰ দেশবাসীৰ হৈ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫৭সংখ্যক জন্মজয়ন্তী, গান্ধী জয়ন্তীৰ পৱিত্ৰ উপলক্ষ্যত তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ। মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শক সমগ্ৰ বিশ্বৰ লোকসকলে গভীৰভাৱে সন্মান কৰে। বৰ্তমান বিশ্বৰ বহু ঠাইত যুদ্ধ আৰু সংঘাতৰ পৰিৱেশে বিৰাজ কৰিছে, যাৰ প্ৰভাৱ সকলো দেশৰ ওপৰতে পৰিছে। এনে পৰিস্থিতিত মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাণী আৰু অধিক প্ৰাসংগিক হৈ পৰিছে।আমাৰ দেশে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশে আগবাঢ়িছে। এই যাত্ৰাত সহমৰ্মিতা আৰু অন্তৰ্ভুক্তিৰ মূল্যবোধক অগ্ৰাধিকাৰ দিয়া হৈছে, যাতে কোনো নাগৰিকেই উন্নয়নৰ সুফলৰ পৰা বঞ্চিত নহয়। এই দৃষ্টিভংগীত সকলোৰে কল্যাণ আৰু উন্নয়নৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত মহাত্মা গান্ধীৰ ‘সৰ্বোদয়’ আদৰ্শৰ প্ৰতিফলন ঘটিছে। গান্ধী জয়ন্তীৰ এই পৱিত্ৰ উপলক্ষ্যত আহক, আমি আমাৰ নৈতিক আচৰণ আৰু সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এখন সবল, বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ অংগীকাৰক পুনৰ দৃঢ় কৰোঁ।”

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2318057) অতিথি কক্ষ : 11