প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পুৰুষৰ কম্পাউণ্ড দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰা কুশল দালাল, চাহিল ৰাজেশ জাধৱ আৰু গণেশ মণিৰত্নম থিৰুমুৰুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 30 SEP 2026 4:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ কম্পাউণ্ড দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰা কুশল দালাল, চাহিল ৰাজেশ জাধৱ আৰু গণেশ মণিৰত্নম থিৰুমুৰুক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোমাঞ্চকৰ ফাইনেলত জয়লাভ কৰি তিনিওগৰাকী খেলুৱৈয়ে স্বৰ্ণ পদক অৰ্জন কৰে। তেওঁ তেওঁলোকৰ অসাধাৰণ লক্ষ্যভেদৰ নিখুঁততা আৰু দলীয় সমন্বয়ৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে দেশৰ এই চেম্পিয়ন ধনুৰ্বিদসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এটা বাৰ্তাত কয়—

“কুশল দালাল, চাহিল ৰাজেশ জাধৱ আৰু গণেশ মণিৰত্নম থিৰুমুৰুৱে এছিয়ান গেমছত পুৰুষৰ কম্পাউণ্ড দলীয় ইভেণ্টত  ৰোমাঞ্চকৰ ফাইনেলৰ অন্তত স্বৰ্ণ পদক জয় কৰিছে। তেওঁলোকৰ প্ৰদৰ্শনত লক্ষ্যভেদৰ নিখুঁততা আৰু দলীয় সমন্বয়ৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। আমাৰ চেম্পিয়ন ধনুৰ্বিদসকললৈ অভিনন্দন। ভৱিষ্যতৰ সফলতাৰ বাবে তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা।”

PM @narendramodi”

 

****

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2317435) অতিথি কক্ষ : 8