গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰাগছৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা প্ৰতিফলিত কৰি ভাৰতৰ ই ই জেডত ইৰাণৰ নাও এখনৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু হেৰ’ইন জব্দ, গুজৰাট এ টি এছ, ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ এক যুটীয়া অভিযানত ৫ জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ প্ৰকাশ

যুৱপ্ৰজন্মক ড্ৰাগছৰ অভিশাপৰ পৰা ৰক্ষা কৰিবলৈ মোদী চৰকাৰ সংকল্পবদ্ধ

সংস্থাসমূহৰ মাজত সমন্বয় আৰু সহযোগিতাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰি ১৬ দিন ধৰি চলি থকা অভিযানত এখন ইৰাণৰ নাৱো জব্দ

এই অভিযানে প্ৰতিফলিত কৰে ভাৰতৰ সামুদ্ৰিক সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চোৰাংচোৱাৰ নেতৃত্বত আন্তঃ-সংস্থাৰ সমন্বয়ৰ শক্তি

বিস্তৃত নেটৱৰ্ক আৰু ইয়াৰ সৈতে জড়িতসকলক চিনাক্ত কৰিবলৈ অব্যাহত আছে অধিক তদন্ত

এক নিৰাপদ, স্বাস্থ্যকৰ আৰু নিচামুক্ত ভাৰত আমাৰ উমৈহতীয়া ৰাষ্ট্ৰীয় সংকল্প

ড্ৰাগ নিয়ন্ত্ৰণৰ ওপৰত মোদী চৰকাৰৰ ভিজন ডকুমেন্টে (২০২৬-২০২৯) প্ৰদান কৰিছে বিধি বলৱৎকৰণক শক্তিশালী কৰা, ড্ৰাগ নেটৱৰ্ক ধ্বংস কৰা আৰু আমাৰ যুৱক-যুৱতী তথা সমাজক মাদক দ্ৰব্যৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা

পোষ্ট কৰা হৈছে: 30 SEP 2026 3:54PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতাৰে ভাৰতৰ বিশেষ অৰ্থনৈতিক পৰিসৰ (ই ই জেড)ৰ ভিতৰত এখন ইৰাণৰ নাৱৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু হেৰ’ইন জব্দ কৰা হয় আৰু গুজৰাট এণ্টি-টেৰ’ৰিজম স্কোৱাড (এ টি এছ), ভাৰতীয় উপকূলৰক্ষী বাহিনী তথা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ এক যুটীয়া অভিযানত পাঁচজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়।

এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘মোদী চৰকাৰে যুৱপ্ৰজন্মক ড্ৰাগছৰ অভিশাপৰ পৰা ৰক্ষা কৰিবলৈ সংকল্পবদ্ধ। গুজৰাট এ টি এছ, ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ যুটীয়া অভিযানত ভাৰতৰ ই ই জেডত লক্ষদ্বীপৰ উত্তৰ-পশ্চিমে ১৬০ এন এম আৰু মুম্বাইৰ দক্ষিণ-পশ্চিমে ৪৯০ এন এমত থকা ইৰাণৰ এখন নাৱৰ পৰা ৫২৬ কেজি মেথামফেটামাইন আৰু হেৰ’ইন জব্দ কৰা হৈছে। পাঁচজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হোৱাৰ উপৰি বিস্তৃত নেটৱৰ্ক আৰু ইয়াৰ সৈতে জড়িতসকলক চিনাক্ত কৰিবলৈ অধিক তদন্ত চলি আছে। সংস্থাসমূহৰ মাজত সমন্বয় আৰু সহযোগিতাৰ এক উৎকৃষ্ট উদাহৰণ বজাই ৰাখি ১৬ দিন ধৰি চলি থকা অভিযানত এখন ইৰাণৰ নাৱো জব্দ কৰা হয়।’

১৪ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলোৱা এই অভিযানত ভাৰতৰ সামুদ্ৰিক সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চোৰাংচোৱাৰ নেতৃত্বত আন্তঃ-সংস্থাৰ সমন্বয়ৰ শক্তি প্ৰতিফলিত হয়।

মোদী চৰকাৰে উন্মোচন কৰা ড্ৰাগ নিয়ন্ত্ৰণৰ ভিজন ডকুমেণ্টে (২০২৬-২০২৯) বিধি বলৱৎকৰণ শক্তিশালী কৰা, ড্ৰাগ নেটৱৰ্ক ধ্বংস কৰা তথা যুৱক-যুৱতী আৰু সমাজক মাদক দ্ৰব্যৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰদান কৰে।

এক নিৰাপদ, স্বাস্থ্যকৰ আৰু নিচামুক্ত ভাৰত আমাৰ যৌথ ৰাষ্ট্ৰীয় সংকল্প হৈ থাকিব।

****

RK/RR/PR/PS/DD


(ৰিলিজ আই ডি : 2317066) অতিথি কক্ষ : 6