বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

জি-২০ৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে

মিলৱাকি, চিকাগো আৰু নিউয়ৰ্কত মাৰ্কিন উদ্যোগপতি, বিনিয়োগকাৰী আৰু ষ্টাৰ্টআপৰ উদ্যোগীসকলৰ সৈতে মত-বিনিময় কৰিব গোৱেলে

পোষ্ট কৰা হৈছে: 28 SEP 2026 6:19PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব।আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্কিন বাণিজ্য প্ৰতিনিধিৰ (USTR) আমন্ত্ৰণমৰ্মে   পীয়ূষ গোৱেলে ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত উইচকনছিনৰ মিলৱাকিত অনুষ্ঠিত হ’বলগীয়া জি-২০ৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকতঅংশগ্ৰহণ কৰিব।এই বৈঠকত জি-২০ৰ সদস্য দেশসমূহৰ বাণিজ্য মন্ত্ৰীসকল সমবেত  হ’ব।ভাৰতে জি-২০ৰ সকলো সদস্য দেশৰ সৈতে গঠনমূলকভাৱে আলোচনাত মিলিত হৈ বিশ্ব বাণিজ্য সংস্থাক কেন্দ্ৰ কৰি নিয়মভিত্তিক, মুক্ত, সামগ্ৰিক, স্বচ্ছ, ন্যায়সংগত আৰু বৈষম্যহীন বহুপাক্ষিক বাণিজ্য ব্যৱস্থা গঢ়ি তোলাৰ বাবে আলোচনা কৰিব।একেসময়তে উন্নয়নশীল দেশসমূহৰ বাবে পৰ্যাপ্ত নীতিগত স্বাধীনতা সুনিশ্চিত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ’ব।বৈঠকৰ সমান্তৰালভাৱে পীয়ূষ গোৱেলে বিভিন্ন দেশৰ সমপদস্থ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।এই আলোচনাসমূহত কৃষক, মৎস্যজীৱী, মহিলা উদ্যোগী, নৱউদ্যোগ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব।পীয়ূষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমপদস্থ প্ৰতিনিধিৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।এই আলোচনাৰ উদ্দেশ্য হ’ব ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সন্তুলিত আৰু পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ক্ষেত্ৰত অগ্ৰগতি সাধন কৰা আৰু ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ যুটীয়া বিবৃতি অনুসৰি এক অন্তৱৰ্তীকালীন চুক্তি চূড়ান্ত কৰা।মিলৱাকি আৰু চিকাগোত পীয়ূষ গোৱেলে উৎপাদন, গ্ৰাহক সামগ্ৰী, কৃষিভিত্তিক ব্যৱসায়, খুচুৰা বাণিজ্য আৰু প্ৰযুক্তি খণ্ডৰ আগশাৰীৰ আমেৰিকান প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব।ইয়াৰ উপৰি তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠান, ষ্টৰ্ট আপৰ উদ্যোগী আৰু উদ্ভাৱনীমূলক প্ৰতিষ্ঠানসমূহৰ সৈতে অনুষ্ঠিত হ’বলগীয়া বিভিন্ন আলোচনাচক্ৰতো অংশগ্ৰহণ কৰিব।এই আলোচনাসমূহত তেওঁ উৎপাদন আৰু বিনিয়োগৰ ক্ষেত্ৰ হিচাপে ভাৰতৰ আগবঢ়োৱা সুযোগসমূহৰ বিষয়ে আলোকপাত কৰিব আৰু আমেৰিকাৰ প্ৰতিষ্ঠানসমূহক ভাৰতীয় উদ্যোগসমূহৰ সৈতে অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে আহ্বান জনাব।চিকাগোত পীয়ূষ গোৱেলে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধী আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিব।তেওঁ তাত থকা ভাৰতীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বিভিন্ন পেছাদাৰী সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও মত-বিনিময় কৰিব।এই ভ্ৰমণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ বাণিজ্য আৰু বিনিয়োগৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লগতে জি-২০ৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

 

***

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/DM


(ৰিলিজ আই ডি : 2316778) অতিথি কক্ষ : 12