বিত্ত মন্ত্ৰালয়
চিবিডিটি-য়ে আয়কৰ আইন,১৯৬১ -ৰ অধীনত অডিট সাপেক্ষ ব্যক্তিসকলৰ ক্ষেত্ৰত মূল্যায়ন বৰ্ষ ২০২৬-২৭ -ৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ২০২৬ চনৰ ৩১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ২১ নৱেম্বৰলৈ বৃদ্ধি কৰিছে
সেই অনুসৰি, অডিটৰ প্ৰতিবেদন দাখিলৰ 'নিৰ্দিষ্ট তাৰিখ' ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ২১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে
পোষ্ট কৰা হৈছে:
28 SEP 2026 5:19PM by PIB Guwahati
আয়কৰ আইন, ১৯৬১-ৰ ধাৰা ১৩৯ -ৰ উপধাৰা (১)-ৰ ব্যাখ্যা ২-ৰ তলত তালিকাৰ ক্ৰমিক নম্বৰ ২-ত উল্লেখ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত মূল্যায়ন বৰ্ষ ২০২৬-২৭ -ৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ২০২৬ চনৰ ৩১ অক্টোবৰ।
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি)আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পূৰ্বোক্ত নিৰ্ধাৰিত সময় ২০২৬ চনৰ ৩১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ২১ নৱেম্বৰলৈ বৃদ্ধি কৰিছে।
সেই অনুসৰি, ১৯৬১ চনৰ আয়কৰ আইনৰ বিধান অনুসৰি ২০২৬-২৭ মূল্যায়ন বৰ্ষৰ বাবে অডিটৰ প্ৰতিবেদন দাখিল কৰাৰ 'নিৰ্দিষ্ট তাৰিখ', আইনৰ ১৩৯ নম্বৰ ধাৰাৰ উপধাৰা (১) ৰ ব্যাখ্যা ২- ৰ তলৰ ক্ৰমিক নম্বৰ ২ ত উল্লেখ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ২১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে।
এই সন্দৰ্ভত এক আনুষ্ঠানিক নিৰ্দেশ/জাননী পৃথকে জাৰি কৰা হৈছে।
****
SR/KMN/MK
(ৰিলিজ আই ডি : 2316102)
অতিথি কক্ষ : 10