প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত পুৰুষৰ মাৰাথনত ৰূপৰ পদক জয় কৰা সাৱন বাৰৱালক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 26 SEP 2026 11:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ মাৰাথনত ঐতিহাসিক ৰূপৰ পদক লাভ কৰাৰ বাবে সাৱন বাৰৱালক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় অভিলেখ আৰু চাৰি দশকৰো অধিক সময়ৰ ভিতৰত এই প্ৰতিযোগিতাত ভাৰতৰ প্ৰথমটো পদক  লাভৰ এই কৃতিত্ব সঁচাকৈয়ে বিশেষ,  কাৰণ ভাৰতৰ বাহিৰত দেশখনে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছৰ মাৰাথন পদক লাভ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ সহনশীলতা আৰু দৃঢ়তাই দেশক  গৌৰৱান্বিত কৰিছে। তেওঁক আগন্তুক যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সত দিয়া  এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে:

"এছিয়ান গেমছত পুৰুষৰ মাৰাথনত ঐতিহাসিক ৰূপৰ পদক লাভ কৰাৰ বাবে সাৱন বাৰৱালক অভিনন্দন। এয়া নতুন ৰাষ্ট্ৰীয় অভিলেখ আৰু চাৰি দশকৰো অধিক সময়ৰ ভিতৰত এই ইভেণ্টত ভাৰতৰ প্ৰথম পদক, এই কৃতিত্ব বিশেষ ,কাৰণ ভাৰতৰ বাহিৰত দেশখনে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছৰ মাৰাথন পদক লাভ কৰিছে। তেওঁৰ সহনশীলতা আৰু দৃঢ়তাই দেশক  গৌৰৱান্বিত কৰিছে। আগন্তুক যাত্ৰাৰ বাবে শুভেচ্ছা জনালোঁ:

 

PM @narendramodi"

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2315499) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Kannada